মাহগুৰি গাওঁ পঞ্চায়তৰ জন প্ৰতিনিধিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ...

নগাওঁ জিলাৰ জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত মাহগুৰি গাওঁ পঞ্চায়তৰ জন প্ৰতিনিধিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ । মাহগুৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৭ নম্বৰ ৱাডৰ ট্ৰাইবেল বস্তিৰ ৰাইজৰ উত্থাপন কৰিছে এই অভিযোগ
মাহগুৰি গাওঁ পথ
মাহগুৰি গাওঁ পথ

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাওঁ জিলাৰ জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত মাহগুৰি গাওঁ পঞ্চায়তৰ জন প্ৰতিনিধিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ । মাহগুৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৭ নম্বৰ ৱাডৰ ট্ৰাইবেল বস্তিৰ ৰাইজৰ উত্থাপন কৰিছে এই অভিযোগ ।

শতবৰ্ষ গৰকা গাঁওখনত এতিয়াও নাই যাতায়তৰ সু-ব্যৱস্থা । ব’হাগত কুলি কেতিকীৰ মাতৰ দৰে মাত লগাই জনপ্ৰতিনিয়ে । মাহগুৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৭ নম্বৰ ৱাৰ্ডৰ ট্ৰাইবেল বস্তিৰ লোকসকলে সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ ৰাস্তাৰ নিৰ্মাণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

অভিযোগকাৰী ৰাইজ
অভিযোগকাৰী ৰাইজ

পঞ্চায়তৰ আঁচনিৰ ধনেৰে নিৰ্মাণ হ'বলগীয়া পথটোত কেইগাড়ী মান মাটি পেলাই বৃহৎ অংকৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । আনহাতে পঞ্চায়তৰ আঁচনিৰ জৰিয়তে কাম কৰা শ্ৰমিকে তিনিবছৰ পাৰ হোৱাৰ পিছতো মজুৰীৰ ধন লাভ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।

উল্লেখ্য যে স্থানীয় বিদ্যালয় এগৰাকী শিক্ষয়িত্ৰীয়ে এই ৰাস্তাত বহুবাৰ পৰাৰ লগতে তেওঁ বৰ্তমান চাইনিজ বেমাৰত আক্ৰান্ত হ'বলগীয়া হৈছে বুলি মন্তব্য কৰে ।

তাৰ ওপৰিও বিদ্যালয়খনৰ কণ কণ শিশুসকলেও ৰাস্তাটো বনাই দিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে । এইক্ষেত্ৰত বিভাগীয়লোকে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

মাহগুৰি গাওঁ পথ
পুলিচৰ ভয়ত ডেৰ ঘন্টা ধৰি পানীৰ মাজতে লুকাই থাকিল চোৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in