কংগ্ৰেছ নেতাৰ ভাতৃৰ বাসগৃহত তালাচী! টকাই টকা ওলাল গছৰ পৰা

টকা মাঁথো টকা। বিভিন্ন সময়ত চিবিআই,আয়কৰ বিভাগ আদিয়ে অভিযান চলাই একাংশ নেতা, চৰকাৰী কৰ্মচাৰীৰ পৰা কোটি কোটি টকা জব্দ কৰে।

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছ নেতাৰ ভাতৃৰ বাসগৃহত তালাচী! টকাই টকা ওলাল গছৰ পৰা

ডিজিটেল ডেস্কঃ টকা মাঁথো টকা। বিভিন্ন সময়ত চিবিআই,আয়কৰ বিভাগ আদিয়ে অভিযান চলাই একাংশ নেতা, চৰকাৰী কৰ্মচাৰীৰ পৰা কোটি কোটি টকা জব্দ কৰে। ইয়াৰ মাজতে কংগ্ৰেছ নেতাৰ ভাতৃৰ ঘৰত থকা এডাল গছৰ পৰা আয়কৰ বিভাগে জব্দ কৰিলে কোটি টকা।

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বতে বুধবাৰে আয়কৰ বিভাগে কংগ্ৰেছ নেতা জনৰ ভাতৃৰ বাসগৃহত অভিযান চলাই গছত লুকুৱাই থোৱা ১ কোটি নগদ ধন জব্দ কৰে।

কৰ্ণাটকৰ কংগ্ৰেছ নেতা অশোক কুমাৰ ৰায়ৰ ভাতৃ সুব্ৰমনিয়া ৰায়ৰ মাইচুৰু ঘৰত তালাচী চলোৱাৰ সময়ত এই টকা জব্দ হয়। ৰায় ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী ।

কৰ্ণাটক আৰক্ষীয়ে নিৰ্বাচনৰ পূৰ্বে বিভিন্ন ঠাইত অভিযান চলাই আহিছে। বিভিন্ন সংস্থাবোৰে ৰাজ্যখনত নিৰ্বাচনী আচৰণ বিধি প্ৰৱৰ্তন কৰাৰ পাছত প্ৰা ১১০ কোটি টকা জব্দ কৰিছে।

অহা ১০ মে'ত অনুষ্ঠিত হ'ব কৰ্ণাটক বিধানসভা নিৰ্বাচন। লগতে ফলাফল ঘোষণা হ'ব ১৩ মে'ত।

Also Read: 'অৰণ্য ধাবা'ত গ্ৰাহকক মাৰপিট! সংকটজনক অৱস্থাত চিকিৎসাধীন...

karnataka