'অৰণ্য ধাবা'ত গ্ৰাহকক মাৰপিট! সংকটজনক অৱস্থাত চিকিৎসাধীন...

মঙলবাৰে নিশা কামপুৰৰ অৰণ্য ধাবাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

author-image
Asomiya Pratidin
New Update
'অৰণ্য ধাবা'ত গ্ৰাহকক মাৰপিট! সংকটজনক অৱস্থাত চিকিৎসাধীন...

ডিজিটেল সংবাদ, কামৰূপঃ মঙলবাৰে নিশা কামপুৰৰ অৰণ্য ধাবাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।ধাবাৰ স্বত্বাধিকাৰী জিতু লস্কৰে ধাবাৰ কৰ্মচাৰীক লগত লৈ গ্ৰাহকক বেয়াকৈ মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে।

Advertisment

অভিযোগ মতে কামপুৰ ডেকা গাঁৱৰ ভাস্কৰ কলিতা নামৰ যুৱকজন বন্ধুৰ সৈতে নিশা ধাবালৈ গৈছিল। ধাবাত বস্তুৰ দামক লৈ তৰ্ক বিতৰ্ক হৈছিল ধাবাৰ স্বত্বাধিকাৰী জিতু লস্কৰৰ সৈতে।তাৰ পাছত হোটেলৰ কৰ্মচাৰীক লগত লৈ স্বত্বাধিকাৰী জিতু লস্কৰে গ্ৰাহক ভাস্কৰ কলিতাৰ লগতে আনজন বন্ধুক ৰূমৰ ভিতৰত সোমোৱাই লৈ মাৰপিট কৰা বুলি অভিযোগ তুলিছে ভুক্তভোগী যুৱক জনৰ লগতে পৰিয়ালৰ লোকে।

কথমপি প্ৰাণৰক্ষা কৰি পলায়ন কৰিছিল ভাস্কৰৰ বন্ধুজন।পাছত পৰিয়ালৰ লোকে নিশাই ভাস্কৰ কলিতাক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি নগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসালয়ৰ বিচনাত এতিয়া জীৱন মৃত্যুৰে যুঁজিছে ভাস্কৰ কলিতাই।

ভাস্কৰ কলিতাৰ পিতৃয়ে ন্যায় বিচাৰি অৰণ্য ধাবাৰ স্বত্বাধিকাৰী জিতু লস্কৰৰ বিৰুদ্ধে কামপুৰ থানাত গোচৰ ৰুজু কৰিছে।ইফালে ধাবাৰ স্বত্বাধিকাৰী জিতু লস্কৰে প্ৰকাশ কৰে যে প্ৰথমে ভাস্কৰ কলিতাই আক্ৰমণ কৰাৰ ফলতহে এই সংঘাতৰ সৃষ্টি হয়।অৱশ্যে আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব প্ৰকৃত সত্য।

Also Read: অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক, জ্যেষ্ঠ নিৰ্দেশক পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা....