১৮ পাকিস্তানী শৰণাৰ্থীয়ে লাভ কৰিলে হিন্দু নাগৰিকত্ব...

১৮ পাকিস্তানী শৰণাৰ্থীয়ে লাভ কৰিলে হিন্দু নাগৰিকত্ব...

author-image
Asomiya Pratidin
New Update
১৮ পাকিস্তানী শৰণাৰ্থীয়ে লাভ কৰিলে হিন্দু নাগৰিকত্ব...

ডিজিটেল ডেস্কঃ ওঁঠৰ পাকিস্তানীক দিয়া হ'ল ভাৰতীয় নাগৰিকত্ব। গুজৰাটৰ গৃহ ৰাজ্যিক মন্ত্ৰী হৰ্ষ সংঘৱীয়ে শনিবাৰে আহমেদাবাদৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত ১৮ জন পাকিস্তানী নাগৰিকক প্ৰদান কৰিলে ভাৰতীয় নাগৰিকত্ব। এই লোকসকল বহু বছৰ আগতে পাকিস্তানৰ পৰা আহি ভাৰতত আছিল।

Advertisment

ইয়াৰ লগতে গুজৰাটত বসতি স্থাপন কৰি থকা ১,১৬৭ শৰণাৰ্থীক আহমেদাবাদ জিলাত নাগৰিকত্ব প্ৰদান কৰা হৈছে।

পাকিস্তানৰ পৰা অহা লোকসকলক নাগৰিকত্ব প্ৰদান কৰি সংঘৱীয়ে শৰণাৰ্থীসকলক নতুন ভাৰতৰ সপোন পূৰণ কৰিবলৈ একেলগে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে, "আজি আপোনালোকৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ দিন। আজিৰ পৰা আপুনি এই মহান দেশৰ নাগৰিক। এজন নাগৰিক হিচাপে, আপুনি চৰকাৰী আঁচনিৰ সকলো অধিকাৰ আৰু লাভালাভ লাভ কৰিব। আশা কৰোঁ আপোনালোক সকলোৱে দেশৰ উন্নয়নযাত্ৰাত অংশীদাৰ হোৱাৰ সংকল্প ল'ব।

অৱশ্যে পাকিস্তানী শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদান কৰাৰ সৈতে নতুনকৈ কাৰ্যকৰী হোৱা নাগৰিকত্ব সংশোধনী আইনৰ (কা)ৰ কোনো সম্পৰ্ক নাই। এক চৰকাৰী বিজ্ঞপ্তি অনুসৰি, তেওঁলোকক ২০১৬আৰু ২০১৮ চনৰ গেজেট অধিসূচনাৰ আধাৰত নাগৰিকত্ব প্ৰদান কৰে।

এই দুয়োখন অধিসূচনাই ৰাজ্যখনৰ আহমেদাবাদ, গান্ধীনগৰ আৰু কচ্ছৰ জিলাত জিলা আয়ুক্তক পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ সংখ্যালঘূসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ অধিকাৰ দিছে।

Also Read: সোনোৱালক এবিটাৰ সভাত প্ৰশংসাৰে উপচালে পৱন সিং ঘাটোৱাৰে

ahmedabad pakistani