সোনোৱালক এবিটাৰ সভাত প্ৰশংসাৰে উপচালে পৱন সিং ঘাটোৱাৰে

সোনোৱালক এবিটাৰ সভাত প্ৰশংসাৰে উপচালে পৱন সিং ঘাটোৱাৰে

author-image
Asomiya Pratidin
New Update
সোনোৱালক এবিটাৰ সভাত প্ৰশংসাৰে উপচালে পৱন সিং ঘাটোৱাৰে

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় জলপথ, বন্দৰ আৰু আয়ুষ মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱালক প্ৰশংসাৰে উপচালে চাহ জনগোষ্ঠীৰ নেতা তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি পৱন সিং ঘাটোৱাৰ। এবিটাই আয়োজন কৰা এক অনুষ্ঠানত অংশ লৈ ঘাটোৱাৰে কয়- সৰ্বানন্দ সোনোৱালৰ সৈতে মোৰ এক সু-সম্পৰ্ক আছে। ৰাজনৈতি বাদ দি আমি সমাজৰ স্বাৰ্থত বহু কথাই মত বিনিময় কৰো। এই আলোচনাত আমি সহমততো উপনীত হও বহু বিষয়ত। মই তেওঁক কও তেওঁক লৈ আমি গৌৰৱান্বিত। তেওঁ এতিয়া গুৰুত্বপূৰ্ণ পদবীত গুৰুত্বপূৰ্ণ দায়িত্বত আছে।

Advertisment

মোডী চৰকাৰৰ তেওঁ এজন জ্যেষ্ঠ মন্ত্ৰী। মই তেওঁক অনুৰোধ জনাও , চাহ জনগোষ্ঠী লোকসকলৰ সমস্যা আৰু এই চাহ উদ্যোগৰ বিকাশৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিব লাগে। তেওঁ মোক অনুৰোধ কৰিছে মইও যাতে এই বিষয়ে সৱিশেষ লিখি এখন পত্ৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰো। সেয়া মই কৰিব।

আহিবলগীয়া নতুন চৰকাৰতো তেওঁ নিশ্চিতভাৱ এতিয়াৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থাকিব। সেই সময়চোৱাত তেওঁ এই উদ্যোগটোৰ বিকাশৰ বাবে কাম কৰিব বুলি মই এতিয়াই আশা কৰিছো।

এনেদৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে পৱন সিং ঘাটোৱাৰে কেন্দ্ৰীয়মন্ত্ৰীগৰাকীক কৰা প্ৰশংসাই বিশেষ তাৎপৰ্য বহন কৰিছে। উল্লেখ যোগ্য যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোনোৱাল। চাহ জনগোষ্ঠীয় ভোটাৰৰ প্ৰভাৱ থকা এই সমষ্টিটোত ঘাটোৱাৰৰ এনে মন্তব্যই সোনোৱালৰ প্ৰতি চাহ জনগোষ্ঠীয় ভোটাৰসকলক আৰু আকৰ্ষিত কৰি তুলিছে।

Also Read: মিজোৰামত বুজন পৰিমাণৰ বিদেশী সুৰা জব্দ : দুজনক গ্ৰেপ্তাৰ

pawan singh ghatowar loksabha election sarbananda sonowal