একেদিনাই ভাল লগা দুখন খেল: এখন টেষ্ট,আনখন...

খেল। জীৱনটোৱে এটা খেল। হৰ্ষ-বিষাদৰ সমষ্টি। জয় বা পৰাজয়ৰ প্ৰতিশ্ৰুতি। কোনোবা জিকিলে কোনোবা হাৰে, কোনোবা হাৰিলে আন কোনোবা জিকে
একেদিনাই ভাল লগা দুখন খেল: এখন টেষ্ট,আনখন...

মৃদুল কুমাৰ সন্দিকৈ

খেল। জীৱনটোৱে এটা খেল। হৰ্ষ-বিষাদৰ সমষ্টি। জয় বা পৰাজয়ৰ প্ৰতিশ্ৰুতি। কোনোবা জিকিলে কোনোবা হাৰে, কোনোবা হাৰিলে আন কোনোবা জিকে। খেলৰ ভিতৰত ক্ৰিকেট অনিশ্চিত খেল।

১৯ ফেব্ৰুৱাৰী ২০২৩। দুখন ক্ৰিকেট খেল। এখন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আনখন নগাঁৱৰ উৰিয়াগাঁও খেলপথাৰত। দুয়োখন খেলতেই জয়-পৰাজয়ৰ ফলাফল ওলাল। বাতৰিৰ মাজত মছগুল হৈ থকা জ্যেষ্ঠ সাংবাদিকেও হাতত বেট লৈ ক্ৰীজত নামিল।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজন কৰ্মকৰ্তাই দৌৰি আহি বল এৰিলে। এটা নহয়,দুটাকৈ বলে বাউণ্ডাৰী সীমা স্পৰ্শ কৰিলে। সকলো আচৰিত। হাত চাপৰি বজাই চিঞৰিলে চাব্বাছ প্ৰকাশ দা...

মূল খেল আৰাম্ভণী হোৱাৰ পূৰ্বেই এই খেল দেখা পালে ৰাইজে। এইখন খেলত হৰা জিকা দুয়োটা দলেই জয়ী। কাৰণ ইয়াৰ পূৰ্বে আন এখন খেল খেলিব লগা হৈছিল সামাজিক তাড়নাত।

ক্ৰিকেটৰ নতুন নতুন সংস্কৰণে টেষ্ট মেছৰ জনপ্ৰিয়তা হ্ৰাস কৰিছে বুলি শুনা যায়। কিন্তু এতিয়া টেষ্ট মেছতো আছে সেই ৰোমাঞ্চ। গাভাস্কাৰ-বৰ্ডাৰ ট্ৰফীৰ ৪ খন টেষ্ট মেছ খেলিবলৈ ভাৰতলৈ অহাৰ পূৰ্বে অষ্ট্ৰেলিয়াই ভাৰতৰ ক্ৰিকেট দলৰ সৈতে এক শীতল যুদ্ধত নামি পৰিছিল।

কৈছিল ভাৰতীয় দলৰ দুৰ্বলতাৰ কথা। গভীৰ আত্মবিশ্বাসেৰে চূড়ান্ত অংহকাৰেৰে ভাৰত ভ্ৰমণলৈ অহা অষ্ট্ৰেলিয়া দলে প্ৰথমখন টেষ্টৰ পৰাই মুখ থেকেচা খালে। লজ্জাজনক ভাৱে ভাৰতৰ ওচৰত আত্ম সমৰ্পন কৰি নাগপুৰ টেষ্টত ১ ইনিংছ আৰু ১৩২ ৰাণত পৰাজয় স্বীকাৰ কৰিলে।

উজ্বলি উঠিল প্ৰথম টেষ্টটেই ১২০ ৰাণেৰে ৰোহিত আৰু জাদেজা। ৰবীন্দ্ৰ জাদেজাই কেৱল ৭০ ৰাণ কৰাই নহয়, ২২ অভাৰ বল দি ৮ অভাৰ মেডেইন সহ ৫ টা উইকেট লাভ কৰিলে।

দ্বিতীয় ইনিংছ ভাৰতে খেলিব লগা নহ'ল। প্ৰথন ইনিংছৰ ৪০০ ৰাণেই আছিল অষ্ট্ৰেলিয়াৰ বাবে যথেষ্ঠ। ৰবি চন্দন অশ্বিনী বল ঘূৰিছিল। সেই ঘূৰণীৰ পাকত অষ্ট্ৰেলিয়াৰ নামি দামী বেটছমেনে ১০০ৰ ঘৰেই অতিক্ৰম কৰিবলৈ কঠিন হৈছিল।

দ্বিতীয় টেষ্ট আৰম্ভ হ'ল। পুনৰ উছাহেৰে খেল পথাৰত নামিল অষ্ট্ৰেলিয়া। প্ৰথম ইনিংছত তাছপাতৰ দৰে ঘহি নপৰিল অষ্ট্ৰেলিয়াৰ বেটিং লাইনআপ। অধিনায়ক পেট কামিঞ্চৰ বাহিৰে আন পেছ বলাৰ নাছিল দলটোত। ওৱানাৰ,ষ্টিভ স্মিথ, মনাছ লাৱছানে, আদি তাৰকাৰে অষ্ট্ৰেলিয়া দল সমৃদ্ধ।

দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত খাৱাজাই ঘাতক চিহ্নিত হৈছিল ভাৰতীয় বলাৰৰ বাবে। কিন্তু সেয়া জয়ৰ বাবে যথেষ্ঠ নাছিল। ছুইপ, ৰিভাৰ ছুইপ মাৰি দলক ভাল আৰাম্ভণী দিছিল খাৱাজাই। কিন্তু তেওঁৰ ইউকেট পতনৰ পাছত খেলৰ ফলাফলে সলনি কৰিলে ভাৰতীয় বলাৰে।

প্ৰথম ইনিংছত ২৬৩ কৰি অষ্ট্ৰেলিয়াই ইনিংছ সামৰিছিল। এইবাৰ তাছপাতৰ ঘৰৰ দৰে ভাৰতীয় বেটিং লাইনআপ খহি পৰিছিল। ৭ টাকৈ উইকেট দখল কৰাৰ পাছতো প্ৰথম ইনিংছৰ খহনীয়া ৰোধ কৰিছিল অক্ষয় পেটেলে।

দ্বিতীয় ইনিংছত আকৌ নাগপুৰৰেই দশা হ'ল অষ্ট্ৰেলিয়াৰ। এইবাৰ যাদুকৰ ৰবীন্দ্ৰ জাদেজা। একো বুজিয়েই নাপালে অষ্ট্ৰেলিয়ান বেটছমেনে। কেৱল জাদেজাৰ নামত দি গ'ল ইটোৰ পাছত সিটো ইউকেট।

১১৩ ৰাণত সকলো শেষ। ৭ টাকৈ উইকেট জাদেজাৰ নামত। তাৰ পাছত আৰু বাকী থাকিল কি। অপেষ্টা কৰিব লগা হ'ল কেইটামান মূহুৰ্ত। পুনৰ ৬ উইকেটত ভাৰতৰ হাতত ধৰশায়ী হ'ল অষ্ট্ৰেলিয়া।

এইখন অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত আন্তৰাষ্ট্ৰীয় ক্ৰিকেট মেছ। ক্ৰিকেট বলিয়া ভাৰতীয়ই অষ্ট্ৰেলিয়াৰ দশা দেখি ক'লে ইমান বেয়াকৈ অষ্ট্ৰেলিয়াৰ আত্মসমৰ্পনৰ কাৰণ অত্যাধিত আত্মবিশ্বাস।

দুখন ক্ৰিকেট খেলৰ কথা কৈ থকা হৈছে। দ্বিতীয়খন খেলৰো এক কাৰণ আছে। ঐতিহ্যমণ্ডিত নগাঁওৰ খেল পথাৰ সমূহৰ ভিতৰত উৰিয়াগাঁও খেল পথাৰ অন্যতম। এই খেল পথাৰ খনৰ মাটি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অধিগ্ৰহণ কৰিছিল। স্থানীয় ৰাইজে সেই খেল পথাৰ খন উদ্ধাৰ কৰিবলৈ আন্দোলনত বহিব লগা হৈছিল।

স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ী, উৰিয়াগাঁও জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, উৰিয়াগাঁও উন্নয়ন সমিতিয়ে ধৰ্ণা, অনশনত বহিছিল এক ক্ৰীড়া বাতাবৰণ সেই স্থানত গঢ়ি তোলাৰ বাবে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সাক্ষাৎ কৰি তেওঁলোকৰ দাবীৰ কথা কৈছিল।

মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত ৰাইজৰ সবল প্ৰতিবাদৰ অন্তত পুনৰ ক্ৰীড়াৰ পৰিৱেশ গঢ় লৈ উঠিল এই খেল পথাৰ খনত। মুখ্যমন্ত্ৰী সদিচ্ছা আৰু মন্ত্ৰী পিযুষ হাজৰিকাই লোৱা ভূমিকা শলাগ ল'লে ৰাইজে।

ৰাইজৰ এই জয়ৰ বাবে আয়োজন কৰা হৈছিল এই ক্ৰিকেট খেল। এজেৱাইচিপ-১১ আৰু মিডিয়া-১১ৰ মাজত অনুষ্ঠিত হোৱা খেলত নগাঁওৰ যথেষ্ঠ প্ৰৱীণ-নবীন সাংবাদিকে খেল পথাৰত নামিল ক্ৰিকেটাৰৰ ৰূপত।

দীপমণি বৰাৰ বলত ৪ মাৰি অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই প্ৰতীকিভাৱে যেন কৈ গ'ল ৰাইজ একেলগ হৈ থাকিলে এনেদৰে ৬-৪য়ে মাৰিব পাৰি। খেলৰ ফলাফল গৌণ। কিন্তু এই খেলবোৰে বহু কথা কৈ যায়। সদায় ৰাইজৰে জয়।

এজেৱাইচিপি-১১ আৰু মিডিয়া-১১ ৰ মাজৰ খেলখনত এজেৱাইচিপি-১১ য়ে সৰ্বমুঠ ৫৫ ৰাণ সংগ্ৰহ কৰি জয়লাভ কৰে। আনহাতে মিডিয়া ১১ য়ে প্ৰথমে বেট ধৰি ৫২ ৰাণ সংগ্ৰহ কৰে।এজেৱাইচিপিৰ হৈ দীপাংকৰ শৰ্মাই সৰ্বোচ্চ ৩৭ ৰাণ আৰু মৃদুল হাজৰিকাই অপেনাৰ যুটীতে খেলৰ সমাপ্তি ঘটে।

এই খেলত অংশগ্ৰহণ কৰা এজেৱাইচিপিৰ খেলুৱৈ সকল ক্ৰমে- প্ৰৱাল শৰ্মা(অধিনায়ক), গীতাৰ্থ শইকীয়া(উপ অধিনায়ক), গীতাৰ্থ কমল শইকীয়া, দিপাংকৰ শৰ্মা, দিব্যজিত হাজৰিকা. নিপল দাস, ৰাজ হাজৰিকা, দিপমণি বৰা,মৃদুল হাজৰিকা, ৱাইদুল, কৌশিক হাজৰিকা, কংকন বৰা, দিপু শইকীয়া, হেমন্ত দাস।

মিডিয়া-১১ ৰ খেলুৱৈ সকল ক্ৰমে-অজিত শইকীয়া ( অধিনায়ক ),নিলোৎপল বৰা ( সহ অধিনায়ক ),কৃষ্ণ শইকীয়া,থমাছ,নিৰঞ্জন,সুনিত,হেমন্ত,বিতু,চিলিকন,বাবু গোমোঠা,ডেকা, পুতুলা, বিজু, ড০ ভাস্কৰ। লগতে পৰিচালক আছিল- সঞ্জীৱ বৰা আৰু দেৱাশীষ বৰা।

লগানৰ সেই ক্ৰিকেট মেছ খনতকৈ উৰিয়ামঘাটৰ মেছখন কোনো গুণেই কম নহয়। কেতিয়াবা খেলিব নলগা খেলো চলি থাকে আমাৰ চকুৰ আগত। আমি দেখিও নেদেখা ভাও জুৰি সেই খেলত অংশ ল'বলৈ আগবাঢ়ি নাযাও।

কিন্তু সেই খেলবোৰো খেলবলৈ কোনোবা আগবাঢ়ি আহিব। আগতীয়াকৈ নাট্যৰূপ দি তেনে খেল খেলি থকা সকলেও উইকেট হেৰুৱাব। কিয়নো ভাৰতীয় ক্ৰিকেট দলত থকা কোহলি, ৰাহুল,সূৰ্য কুমাৰ,অশ্বিনী, অক্ষয় পেটেলৰ দৰে আমাৰ মাজতো আছে বহু খেলুৱৈ।

দিল্লীত জাদেজাৰ বল ঘূৰাৰ দৰে সঠিক পিটছত তেওঁলোকৰ বল ঘূৰিলে বিশ্ব শ্ৰেষ্ঠ সেই খেলুলৈ সকলেও ক্ৰীজ এৰি পেভেলিয়ানলৈ উভতি যাব লাগিব। আচলতে সকলো সময়ৰে খেলা। কৰিব লাগে মাঁথো অপেক্ষ। ৰাজনীতি, সাহিত্য, সমাজ, আইন-শৃংখলা সকলোতে প্ৰযোজ্য হয় একেই কথা।

আৰু পঢ়ক: জনজাতীয় উপাস্য দেৱতা শিৱ জতাধাৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in