পথ দুৰ্ঘটনাত ১৬ জন সেনা জোৱান নিহত...

পথ দুৰ্ঘটনাত ১৬ জন সেনা জোৱান নিহত...
পথ দুৰ্ঘটনাত ১৬ জন সেনা জোৱান নিহত...
Published on
Updated on

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ছিকিমত। এই দুৰ্ঘটনাত অতি কমেও ১৬ জন সেনা জোৱান নিহত হোৱাৰ খবৰ পোৱা গৈছে।

জানিব পৰা মতে ছিকিমৰ জেমা অঞ্চলত ভাৰতীয় সেনাৰ এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে। উল্লেখ্য যে পুৱা ছিকিমৰ চাটেনৰ পৰা থাংগু অভিমুখে হৈ আছিল ৩ খন বাহনৰ এটা কনভয়।

ইয়াৰে এখন বাহনৰ লগত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে উদ্ধাৰ অভিযান আৰম্ভ হৈছে।

উদ্ধাৰকাৰীয়ে ৪ জন আহত সেনাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও দুৰ্ঘটনাত ৩ জন কনিষ্ঠ কমিচনেড আৰু ১৩ন জন সেনা জোৱানৰ মৃত্যু হৈছে। এই দুৰ্ঘটনা সন্দৰ্ভত টুইটাৰত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তেওঁ নিহত জোৱানসকলৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ নিহত সেনা জোৱানসকলে দেশৰ বাবে আগবঢ়োৱা সেৱা আৰু দায়বদ্ধতাৰ বাবে দেশ তেওঁলোকৰ ওচৰত কৃতজ্ঞ জ্ঞাপন কৰিছে আৰু আহতৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থমা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in