বিশ্বকাপ জয় কৰিও ফিফাৰ ৰেংকিঙত শীৰ্ষস্থান নাপালে মেছিৰ আৰ্জেণ্টিনাই...

বিশ্বকাপ জয় কৰিও ফিফাৰ ৰেংকিঙত শীৰ্ষস্থান নাপালে মেছিৰ আৰ্জেণ্টিনাই...
বিশ্বকাপ জয় কৰিও ফিফাৰ ৰেংকিঙত শীৰ্ষস্থান নাপালে মেছিৰ আৰ্জেণ্টিনাই...

ডিজিটেল ডেস্কঃ শেষ হ’ল ফিফা বিশ্বকাপ। শেষ হোৱা নাই বিশ্বকাপৰ উত্তেজনা, উন্মাদনা। লিয়নেল মেছিৰ নেতৃত্বত কাটাৰ বিশ্বকাপৰ চেম্পিয়ন হোৱা আৰ্জেণ্টিনাত অব্যাহত আছে বিশ্বজয়ৰ আনন্দ।

তাৰ মাজতেই ফিফাই প্ৰকাশ কৰিলে শেহতীয়া ৰেংকিং। বিশ্বচেম্পিয়ন হোৱাৰ গৌৰৱত আত্মহাৰা আৰ্জেণ্টিনা অৱশ্যে নাই ফিফাৰ ৰেংকিঙৰ শীৰ্ষত। ফিফাৰ ৰেংকিঙৰ শীৰ্ষত আছে ব্ৰাজিল।

নেইমাৰৰ নেতৃত্বত কাটাৰ বিশ্বকাপৰ ৰণাংগনত নমা ব্ৰাজিল, প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত ক্ৰোৱেছিয়াৰ হাতত পৰাস্ত হৈ বাহিৰ হৈছিল। তাৰ পাছতো ফিফাৰ ৰেংকিঙত ব্ৰাজিলে ১৮৪০.৭৭ পইণ্টেৰে শীৰ্ষ স্থান অধিকাৰ কৰিছে।

বিশ্বকাপ জয় কৰা স্বত্বেও আৰ্জেণ্টিনা ফিফাৰ ৰেংকিঙৰ তালিকাত আছে দ্বিতীয় স্থানত। ১৮৩৮.৩৮ পইণ্টেৰে আৰ্জেণ্টিনাই দ্বিতীয় স্থান দখল কৰিছে।

ফিফাৰ ৰেংকিঙৰ তৃতীয় স্থানত আছে বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনাৰ হাতত পৰাস্ত হোৱা ফ্ৰান্স। ফ্ৰাঞ্চে অৰ্জন কৰিছে ১৮২৩.৩৯ পইণ্ট।

তালিকাত ১৭৮১.৩ পইণ্টেৰে বেলজিয়াম আছে চতুৰ্থ স্থানত। বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱা ইংলেণ্ডে ১৭৭৪.১৯ পইণ্ট লাভেৰে তালিকাৰ পঞ্চম আৰু ১৭৪০.৯২ পইণ্টেৰে নেডাৰলেণ্ড আছে ষষ্ঠ স্থানত।

কাটাৰ বিশ্বকাপত আগবঢ়োৱা শক্তিশালী প্ৰদৰ্শনৰ ভিত্তিত ক্ৰোৱেছিয়াই পূৰ্বৰ ৰেংকিঙৰ পৰা ৫ টা স্থান আগুৱাই এইবাৰ সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে।

আনহাতে ফিফাৰ ৰেংকিঙৰ অষ্টম স্থানত আছে ইটালী, নৱম স্থানত আছে ৰনাল্ডোৰ পৰ্তুগাল আৰু দশম স্থানত আছে স্পেইন। আনহাতে ফিফাৰ ৰেংকিঙত ভাৰতৰ স্থান ১০৬।

 ক্লিক কৰি পঢ়কঃ লজ্জাকৰ ! নৱজাতকৰ মুখত থুৱালে পিতৃয়ে, মাতৃক শোধালে পূৰ্ণহতীয়া চৰ !

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in