জ্বলি থকা অৱস্থাত উদ্ধাৰ কিশোৰীৰ মৃতদেহৰ অংশ, দলবদ্ধ ধৰ্ষণৰ সন্দেহ

মণিপুৰ, হাৰিয়ানাত অব্যাহত থকা হিংসাৰ মাজতে ৰাজস্থানৰ পৰা এক নৃশংস কাণ্ড পোহৰলৈ আহিছে।

author-image
Asomiya Pratidin
New Update
জ্বলি থকা অৱস্থাত উদ্ধাৰ কিশোৰীৰ মৃতদেহৰ অংশ, দলবদ্ধ ধৰ্ষণৰ সন্দেহ

ডিজিটেল ডেস্কঃ দেশৰ প্ৰতিটো কোণতেই এতিয়া হিংসাৰ দাৱনাল। মণিপুৰ, হাৰিয়ানাত অব্যাহত থকা হিংসাৰ মাজতে ৰাজস্থানৰ পৰা এক নৃশংস কাণ্ড পোহৰলৈ আহিছে।

Advertisment

অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ মৃতদহৰ অংশ। এই ঘটনা ৰাজস্থানৰ ভীলৱাৰাত সংঘটিত হৈছে। বুধবাৰে কিশোৰীগৰাকী মাকৰ সৈতে ছাগলী চৰাবলৈ গৈছিল। কিন্তু পৰৱৰ্তী সময়ত কিশোৰীগৰাকী মাকৰ পৰা বিচ্ছিন্ন হৈ নিৰুদ্দেশ হয়।

পৰিয়ালে কিশোৰীগৰাকীক বিচাৰ-খোচৰ কৰে যদিও কোনো সম্ভেদ নাপায়। ইয়াৰ পাছতে বৃহস্পতিবাৰে পুৱা এটা ইটাভাটাত কিশোৰীগৰাকীৰ অগ্নিদগ্ধ মৃতদেহৰ অংশ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে জ্বলি থকা অৱস্থাত কিশোৰীগৰাকীৰ হাড় তথা তাই ব্যৱহাৰ কৰা অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে।

উল্লেখ্য যে, আৰক্ষীয়ে সন্দেহ কৰিছে কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ পাছত হত্যা কৰা হৈছে। ঘটনাস্থলীত সন্দেহজনক অৱস্থাত থকা ৩ জন যুৱকক আটক কৰি ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

তদুপৰি আৰক্ষীয়ে মৃতদেহৰ অৱশেষ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃততে কি হৈছিল কিশোৰীগৰাকীৰ লগত। আনহতে ঘটনাস্থলীত ন্যায় বিচাৰি স্থানীয় ৰাইজে প্ৰতিবাদ কৰাৰ কথাও প্ৰকাশ পাইছে সংবাদ মাধ্যমত।

Also Read: মেৰাপানীত ঘৰে ঘৰে পশু চিকিৎসকৰ দলঃ আগতীয়া প্ৰতিষেধকেৰে সুৰক্ষা প্ৰদান পশুধনক

rajasthan crime