মেৰাপানীত ঘৰে ঘৰে পশু চিকিৎসকৰ দলঃ আগতীয়া প্ৰতিষেধকেৰে সুৰক্ষা প্ৰদান পশুধনক

মেৰাপানীত ঘৰে ঘৰে পশু চিকিৎসকৰ দলঃ আগতীয়া প্ৰতিষেধকেৰে সুৰক্ষা প্ৰদান পশুধনক

ডিজিটেল সংবাদ, মেৰাপানীঃ আফ্ৰিকান চোৱাইন ফিভাৰ, লাম্পি আদি ৰোগৰ আগতীয়া প্ৰতিষেধকৰ ব্যৱস্থা গ্ৰহণ কৰিছে পশু পালন বিভাগে। মেৰাপানী ৰাজ‍্যিক পশু চিকিৎসালয়ে ভ্ৰাম্যমান পশুধন সাৰথি সেৱা আৰম্ভ কৰি গাঁৱে গাঁৱে পশুধনৰ প্ৰতিষেধক প্ৰদান কৰিছে। এই কাৰ্যসূচী ৰূপায়ণ কৰি উপকৃত কৰিছে কৃষকক।

মেৰাপানী ৰাজ‍্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ শংকুৰাজ বৰাৰ তত্ত্বাৱধানত চিকিৎসাকৰ্মীসকলে এই কাৰ্যসূচী গ্ৰহণ কৰে। লগতে পশু পালনৰ ক্ষেত্ৰত কৃষকে ল'ব লগা সাৱধানতাৰ বিষয়েও চিকিৎসকৰ দলটোৱে পৰামৰ্শ আগবঢ়ায়।

ভাৰত চৰকাৰৰ পশু পালন ‌আৰু দুগ্ধ উৎপাদন বিভাগৰ পৰা মেৰাপানী ৰাজ‍্যিক চিকিৎসালয়ক প্ৰদান কৰা পশুধন সাৰথি বাহনখনে অঞ্চলটোৰ পশুপালক তথা কৃষকসকলক যথেষ্ট উপকাৰ কৰিছে বুলি ডাঃ শংকুৰাজ বৰাই অৱগত কৰে। লগতে তেওঁ পশুধনৰ জৰুৰীকালীন চিকিৎসাৰ সময়ত ১৯৬২ টোল ফ্ৰী নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

মেৰাপানীত ঘৰে ঘৰে পশু চিকিৎসকৰ দলঃ আগতীয়া প্ৰতিষেধকেৰে সুৰক্ষা প্ৰদান পশুধনক
গাই নদীত অবৈধ খননঃ ক্ষোভিত স্থানীয়ৰ উত্তাল প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in