মানসিক বিকাৰগ্ৰস্ত কিশোৰীক ধৰ্ষণ, গ্ৰেপ্তাৰ অভিযুক্ত

দেশত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূল ঘটনা। বিশেষভাৱে সক্ষম এগৰাকীও সাৰি নাযায় একাংশ পাষাণৰ দ্বাৰা

author-image
Asomiya Pratidin
New Update
কিশোৰীক দলবদ্ধ বলাৎকাৰ; গ্ৰেপ্তাৰ কংগ্ৰেছ বিধায়কৰ পুত্ৰ সহ ৪জন…

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূল ঘটনা। বিশেষভাৱে সক্ষম এগৰাকীও সাৰি নাযায় একাংশ পাষাণৰ দ্বাৰা। এনেধৰণৰ এক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত।

Advertisment

উত্তৰ প্ৰদেশৰ খুৰ্জা নগৰ অঞ্চলত এগৰাকী ১৩ বছৰীয়া মানসিক বিকাৰগ্ৰস্ত কিশোৰীক গাঁৱৰ এজন লোকে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। বুধবাৰে আৰক্ষীয়ে জনাই এই কথা।

কিশোৰীগৰাকীৰ ভাতৃয়ে আৰক্ষীক কৈছে যে কানহাইয়াই (৩০) তেওঁৰ ভগ্নীক ধৰ্ষণ কৰিছিল। আৰু তেওঁৰ ভগ্নী মানসিকভাৱে বিকাৰগ্ৰস্ত। আৰক্ষীয়ে কয় যে ছোৱালীজনী গাঁৱত খেলিবলৈ যোৱাৰ সময়ত এই ঘটনা সংঘটিত হৈছিল।

ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। লগতে কিশোৰীগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Also Read: আৰক্ষীৰ অভিযানৰ সময়তে পলায়ন শুভলক্ষ্মী দত্তৰ...

crime