ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে ৩ জনৰ মৃত্যু

সোমবাৰে পুৱাৰ ভাগত শদিয়াৰ ১১৫নং ৰাষ্ট্রীয় ঘাইপথৰ বোকাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।

author-image
Asomiya Pratidin
New Update
ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে ৩ জনৰ মৃত্যু

ডিজিটেল ডেস্কঃ সোমবাৰে পুৱাৰ ভাগত শদিয়াৰ ১১৫নং ৰাষ্ট্রীয় ঘাইপথৰ বোকাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ব’লেৰ পিক-আপ ভেন আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হয়।

Advertisment

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৫জনকৈ লোক। আনহাতে নিহত হয় ৩ জনকৈ লোক। নিহত তিনিওগৰাকী একেটা পৰিয়ালৰে বুলি জানিব পৰা গৈছে। নিহত পিতৃ বিনোদ সোণাৰ, মাতৃ দলমায়া সোণাৰ আৰু আনজন তেওঁলোকৰ পুত্র দিল বাহাদুৰ সোণাৰ।

নেপালৰ পৰা শদিয়ালৈ বিয়া খাবলৈ আহিছিল পৰিয়ালটো। গুৰুতৰভাৱে আহত হৈছিল বলেৰ’খনৰ আন দুজন যাত্রী। সংকটজনক অৱস্থাত দুয়োজনক তিনিচুকীয়ালৈ প্রেৰণ কৰা হৈছে।ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Also Read: আলহীৰ ঘৰলৈ ফুৰিব আহি সন্ধানহীন উত্তম বসুমতাৰী

road accident