
ডিজিটেল ডেস্কঃ মন্দিৰত সংঘটিত হোৱা এক শোকাৱহ দুৰ্ঘটনাই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ১৩ জনকৈ লোকে। এই পৰ্যন্ত উদ্ধাৰ হৈছে ১৯ জন লোক।
এই শোকাৱহ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত। ৰাজ্যখনৰ ইন্দোৰস্থিত বালেশ্বৰ মন্দিৰত এটা কুঁৱাৰ ঢাকোন খহি পৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। ঘটনা সংঘটিত হোৱাৰ পাছতে উদ্ধাৰকাৰীয়ে উদ্ধাৰ অভিযান চলাইছে যদিও এই পৰ্যন্ত ১৩ জন লোকৰ মৃত্যু নিশ্চিত হৈছে।
আজি ৰাম নৱমীৰ পূজা উপলক্ষে এই মন্দিৰটোত ভিৰ কৰিছিলহি স্থানীয় লোকসকলে। তাৰে একাংশই মন্দিৰৰ এটা কুঁৱাৰ ঢাকোনৰ ওপৰত থিয় হৈ আছিল। প্ৰায় ৪০ জন লোকে এইদৰে ঢাকোনখনত থিয় হৈ থকাত সেই ঢাকোনখন ভাঙি খহি পৰে আৰু কুঁৱাৰ ভিতৰত সোমাই পৰে আটাইকেইজন লোক।
ইয়াৰ পিছতে ততাতৈয়াকৈ উদ্ধাৰ অভিযান চলোৱা হৈছে যদিও উদ্ধাৰ হোৱা ১৯ জনৰ ভিতৰত ১৩ জনৰে মৃত্যু হৈছে। আহতসকলক প্ৰেৰণ কৰা হৈছে হাস্পতাললৈ।এতিয়াও কুঁৱাটোৰ ভিতৰত আৱদ্ধ হৈ আছে বহু কেইজন লোক।
উল্লেখ্য, কুঁৱাটোৰ ভিতৰত সোমাই পৰা এই লোকসকলৰ অধিকাংশই মহিলা আৰু শিশু। এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ দেশজুৰি শোকৰ ছাঁ পৰিছে। প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰৰ জৰিয়তে ঘটনাত দুখ প্ৰকাশ কৰিছে।
আনহাতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে উদ্ধাৰ অভিযান ক্ষীপ্ৰ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰাৰ লগতে নিহতৰ পৰিয়াললৈ ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰাৰ বিপৰীতে আহতৰ পৰিয়াললৈ ৫০ হাজাৰ টকা ঘোষণা কৰিছে।