আহি আছে কেজৰিৱাল: ২ এপ্ৰিলত সোণাৰম হাইস্কুল খেলপথাৰত বিশাল সভা...

আহি আছে কেজৰিৱাল: ২ এপ্ৰিলত সোণাৰম হাইস্কুল খেলপথাৰত বিশাল সভা...
আহি আছে কেজৰিৱাল: ২ এপ্ৰিলত সোণাৰম হাইস্কুল খেলপথাৰত বিশাল সভা...

ডিজিটেল ডেস্কঃ আহি আছে কেজৰিৱাল। সন্মুখত লোকসভা নিৰ্বাচন। অসমত আম আদমী পাৰ্টীৰ ভেটি টনকিয়াল কৰিবলৈ অহা ২ এপ্ৰিলত গুৱাহাটীলৈ আহিব আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। কেজৰিৱালৰ লগত আহিব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান।

কেজৰিৱালৰ অসম আগমণৰ পূৰ্বে সোণাৰম হাইস্কুল খেলপথাৰত চলিছে ব্যাপক প্ৰস্তুতি। এই খেলপথাৰতেই কেজৰিৱালে অসমবাসীক উদ্দেশ্যি দিনৰ ১২ বজাত ভাষণ আগবঢ়াব। সেয়ে আপ অসমৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভৱেন চৌধুৰী নিজেই উপস্থিত থাকি তদাৰক কৰিছে ইয়াৰ কাম-কাজ। উপস্থিত আছে উত্তৰপূবৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাও।

কেজৰিৱালৰ অসম আগমণৰ পূৰ্বে আপ অসমে ইতিমধ্যে 'আহি আছে কেজৰিৱাল' শীৰ্ষক এটা গীতো মুকলি কৰিছে। ইয়াৰ লগে লগে আপৰ কৰ্মীসকলৰ মাজত দুগুণে বৃদ্ধি পাইছে উৎসাহ উদ্দিপনা। আপ অসমৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভৱেন চৌধুৰীয়ে অৰবিন্দ কেজৰিৱালৰ অসম ভ্ৰমণ সন্দৰ্ভত ক'লে, আদম আদমী পাৰ্টী গঠনৰ পিছত অৰবিন্দ কেজৰিৱালৰ এয়া প্ৰথম অসম ভ্ৰমণ।তেওঁৰ কথা শুনিবলৈ উৎসুক আপৰ কৰ্মীসকলৰ লগতে অসমবাসী।

প্ৰায় ১০ হাজাৰ আপ কৰ্মীৰ সমাগমেৰে অনুষ্ঠিত হ'বলগীয়া এই সভাত অসমৰ বাৰেৰহণীয়া কলা সংস্কৃতিও প্ৰদৰ্শন কৰা হ'ব। নিৰাপত্তা আৰু অন্যান্য কাৰণত বৃহৎ ৰেলী বাহিৰ কৰা নহ'ব যদিও লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ১০ খন বাহনেৰে তেওঁক আদৰি আনিব আপৰ ৰাজ্যিক নেতৃত্বই।

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত এখন আসনত জয় লাভেৰে অসমত খোপনি পুটা আপৰ পৰৱৰ্তী লক্ষ্য পঞ্চায়ত নিৰ্বাচন আৰু লোকসভাৰ নিৰ্বাচন। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত সকলো বিৰোধী ৰাজনৈতিক দলে একত্ৰিত ভাৱে কাম কাজ কৰিলেও পঞ্চায়ত নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা কৰাৰ লগতে এই নিৰ্বাচনৰ পিছতহে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও জনায়। ৰাইজে বিচাৰিলে দলটোৱে অসমত লোকসোভা, বিধানসভা, উপ-নিৰ্বাচন সকলোতে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথাও দোহাৰে ডাঃ ভৱেন চৌধুৰীয়ে।

উন্নয়নৰ ৰাজনীতিৰ কথাৰে ইতিমধ্যে পঞ্জাৱ দখল কৰা আপে লাভ কৰিছে ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা। বিজেপিৰ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিবলৈ চেষ্টা অব্যাহত ৰখা আপৰ পৰৱৰ্তী লক্ষ্য অসম। দলটোৱে সেয়ে তৃণমূল পৰ্যায়ৰ পৰাই আৰম্ভ কৰিছে কাম-কাজ। অৱশ্যে সোণাৰম হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া এই বিশাল সভাত কোনোধৰণৰ যোগদান কাৰ্যসূচী ৰখা নাই আপে। কেৱল অৰবিন্দ কেজৰিৱালে সম্বোধন কৰিব ৰাজ্যবাসীক। তাৰ পৰা তেওঁ পুনৰ উভতি যাব দিল্লীলৈ।

উল্লেখ্য, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে কিছুদিন পূৰ্বে শিক্ষা খণ্ডক লৈ টুইটাৰত বাকযুদ্ধ চলিছিল অৰবিন্দ কেজৰিৱালৰ। দিল্লীৰ শিক্ষা মডেল বিশ্বজুৰি প্ৰশংসিত হৈছে। দিল্লীৰ শিক্ষা মডেলক শ্ৰেষ্ঠ আখ্যাৰে কেজৰিৱালে অসমৰ শিক্ষাখণ্ডৰ দুৰ্ৱল আন্তঃগাঁথনিক সমালোচনাৰ লক্ষ্য কৰি লৈছিল ।

আনকি তেওঁ অসমৰ শিক্ষানুষ্ঠান পৰিদৰ্শন কৰাৰো আগ্ৰহ প্ৰকাশ কৰিছিল। ইফালে শেহতীয়াকৈ দিল্লী বিধানসভাত প্ৰধানমন্ত্ৰী মোডী আদানী প্ৰসংগৰে বিজেপিক তীক্ষ্ণ সমালোচনা কৰা কেজৰিৱালে অসমতো তেওঁৰ ভাষণত বহু কেইটা বিস্ফোৰণ ঘটাব বুলি চৰ্চা চলিছে।

আহি আছে কেজৰিৱাল: ২ এপ্ৰিলত সোণাৰম হাইস্কুল খেলপথাৰত বিশাল সভা...
আমেৰিকাৰ দুখন বিশ্ববিদ্যালয় লৈ আমন্ত্ৰণ লাভ অসমৰ জীয়ৰীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in