১২ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ, মৃত্যু...

দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে পুনৰ ধৰ্ষণৰ বলি হয় এগৰাকী ১২ বছৰীয়া কিশোৰী।

author-image
Asomiya Pratidin
New Update
১২ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ, মৃত্যু...

ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে পুনৰ ধৰ্ষণৰ বলি হয় এগৰাকী ১২ বছৰীয়া কিশোৰী। বুধবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি ধৰ্ষণৰ বলি হোৱা কিশোৰী গৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে। এই ঘটনা উত্তৰ প্ৰদেশৰ।

Advertisment

আৰক্ষীয়ে জনাই যে এই ঘটনাটো সোমবাৰে গৌৰ অঞ্চলত সংঘটিত হয়। যেতিয়া কিশোৰী গৰাকীয়ে পাচলিৰ বজাৰ কৰিবলৈ গৈছিল তেতিয়া তিনিজন লোকে অজ্ঞাত স্থানলৈ নি ধৰ্ষণ কৰে। ৩ অভিযুক্ত মনু চাহানী, ৰজন নিশাদ আৰু কুন্দন সিং বুলি চিনাক্ত হৈছে।

বহুসময় কিশোৰীগৰাকী ঘৰলৈ আহি নোপোৱাত বিচাৰ খোচৰ লাগে।তেতিয়াই চাহানী আহি কয় যে কিশোৰী গৰাকী কুন্দনৰ ঘৰৰ পাছফালে অচেতন অৱস্থাত পৰি আছে।লগে লগে কিশোৰী গৰাকীক চিকিৎসালয়লৈ নিয়া হয় যদিও সোমবাৰে মৃত্যু হয় কিশোৰীগৰাকীৰ।

ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে এজাহাৰ দাখিল কৰি গ্ৰেপ্তাৰ কৰিছে ৩ অভিযুক্তক। জানিব পৰা মতে কিশোৰীগৰাকী মনুৰ চিনাকী আছিল। মনুয়েই কিশোৰী গৰাকীক মাতি নিছিল আৰু পৰৱৰ্তী সময়ত অন্য বন্ধুৰ সৈতে মিলি দলবদ্ধ ধৰ্ষণ কৰিছিল।

Also Read: ভূগোল বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ নিত্যাক্ষী নিৰলাৰ...

uttar pradesh crime