/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/cad75a7f-5d20-4acd-9a94-70ffb2401bfb/delhi_27.jpg)
অদৃশ্য হৈ পৰিল ৰাজধানী দিল্লীঃ ১১০ খন বিমান বাতিল...
ডিজিটেল ডেস্কঃ অদৃশ্য হৈ পৰিছে দেশৰ ৰাজধানী চহৰ দিল্লী। ঘন কুঁৱলীৰ বাবে বুধবাৰে পুৱা অদৃশ্য হৈ থাকিল ৰাজধানী চহৰখন। ফলত সৃষ্টি হৈছে নানান জটিল পৰিস্থিতি। বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে জনতা।
ঘন কুঁৱলী আৰু প্ৰদূষণৰ বাবে অদৃশ্য হৈ পৰা দিল্লীৰ পথসমূহত পুৱাৰে পৰা দীঘলীয়া সময়ৰ ট্ৰেফিক জাম। পলমকৈ চলিছে প্ৰায় ২৫ খন ৰে'ল। আনহাতে ১১০ খনকৈ বিমানৰ উৰণতো বিলম্ব হৈছে।
দিল্লীৰ চফদৰজংত দৃশ্যমানতাৰ মাত্ৰা মাত্ৰ ৫০ মিটাৰ। আন কিছুমান স্থানত দৃশ্যমানতা তাতোকৈ কম। একেই অৱস্থা উত্তৰ প্ৰদেশতো। আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত এনে অৱস্থাতে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত নিহত হৈছে এজন লোক।
#WATCH | Unnao, Uttar Pradesh: Multiple vehicles collided on the Agra-Lucknow expressway due to dense fog, several people sustained injuries pic.twitter.com/JhPJT0XYxp
— ANI UP/Uttarakhand (@ANINewsUP) December 27, 2023
ঘন কুঁৱলীয়ে পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু মধ্যপ্ৰদেশকো আৱৰি ধৰিছে। পাটিয়ালা, লক্ষ্ণৌ আৰু প্ৰয়াগৰাজত দৃশ্যমানতা ২৫ মিটাৰতকৈয়ো কম। ইফালে অমৃতসৰত দৃশ্যমানতা শূন্য মিটাৰত উপনীত হৈছে।
#WATCH | Uttar Pradesh: Dense fog leads to collision of several vehicles in Agra pic.twitter.com/XNHXYJJqYm
— ANI UP/Uttarakhand (@ANINewsUP) December 27, 2023
এনে পৰিস্থিতিত প্ৰদূষণৰ মাত্ৰাও পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে। স্বাভাৱিকতে এনে পৰিস্থিতিত প্ৰশ্ন উঠিছে, এই পৰিস্থিতিৰ পৰা ৰেহাই কেতিয়া? বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আগন্তুক সপ্তাহত অৰ্থাত নতুন বছৰৰ প্ৰথমটো সপ্তাহত পৰিস্থিতি আৰু অধিক অৱনতি ঘটিব। বিগত বহু কেইটা বছৰ ধৰি দিল্লীসহ উত্তৰ ভাৰতৰ ৰাজ্যবোৰত প্ৰদূষণৰ মাত্ৰা যথেষ্ট বৃদ্ধি পোৱাত দেশৰ বাবেই উদ্বেগৰ বিষয় হৈ পৰিছে।
Also Read: সাৱধান ! এই কেইদিন পাৰিলে ঘৰতে থাককঃ ঘন কুঁৱলীয়ে ভেটিব বাট...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us