সাৱধান ! এই কেইদিন পাৰিলে ঘৰতে থাককঃ ঘন কুঁৱলীয়ে ভেটিব বাট...

সাৱধান ! এই কেইদিন পাৰিলে ঘৰতে থাককঃ ঘন কুঁৱলীয়ে ভেটিব বাট...
সাৱধান ! এই কেইদিন পাৰিলে ঘৰতে থাককঃ ঘন কুঁৱলীয়ে ভেটিব বাট...

ডিজিটেল ডেস্কঃ সমাগত ২০২৪। নতুন বছৰক আদৰাৰ আনন্দ, উল্লাসত মতলীয়া হৈ থকাৰ পূৰ্বে কিছু সাৱধানতা অৱলম্বন কৰাটো নিত্যান্তই জৰুৰী। বিশেষকৈ নিশা বা পুৱা যান-বাহনেৰে এঠাইৰ পৰা আন এঠাইলৈ যাত্ৰা কৰাৰ পূৰ্বে এই সময়ছোৱাত দহ বাৰক চিন্তা কৰক।

অথবা অত্যন্ত জৰুৰী নহ'লে এই সময়ছোৱাত তেনে যাত্ৰাৰ কাৰ্যসূচী বাতিল কৰক। কিয়নো যিকোনো মুহূৰ্ততে বিপদত পৰিব পাৰে আপুনি। ডিচেম্বৰ, জানুৱাৰী মাহত পূৰ্বৰে পৰা দুৰ্ঘটনাৰ প্ৰৱণতা অধিক। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় প্ৰতিদিনেই আহিব লৈছে দুৰ্ঘটনাৰ খবৰ।

তাৰ মাজতে আকৌ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা এক সতৰ্কবাণীত উল্লেখ কৰিছে আগন্তুক ৪ টা দিনত ৰাজ্যৰ ২০ খনকৈ জিলা ঘন কুঁৱলীৰ কৱলত পৰিব। কোনো কোনো জিলাৰ সৰ্বনিম্ন তাপমাত্ৰা ৭ ৰ পৰা ৯ ডিগ্ৰী ছেলছিয়াছ পৰ্যন্ত হ্ৰাস পাব।

এনে পৰিস্থিতিত দীঘলীয়া যাত্ৰাৰ পৰিৱৰ্তে ঘৰতে থাকি নতুন বছৰক আদৰৰা প্ৰস্তুতি চলোৱাটোৱেই উচিত হ'ব। ইফালে শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ ফলত গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো চহৰত বায়ু প্ৰদূষণৰ মাত্ৰাও বৃদ্ধি পাইছে।

বতৰ বিজ্ঞান কেন্দ্রই জনোৱা মতে বাংলাদেশৰ পূব প্রান্তত আৰু দাঁতি কাষৰীয়া অঞ্চলৰ ওপৰত বলি থকা ঘূর্ণী বতাহ, সেই অঞ্চলৰ সমুদ্রপৃষ্ঠৰ পৰা ১ দশমিক ৫ৰ পৰা ৩ দশমিক ১ কিলোমিটাৰ ওপৰত অবস্থান কৰিছে। যাৰ বাবে যোৱা ২৪ ঘণ্টাত ধুবুৰীত ৩ দশমিক ৪ মিলিমিটাৰ আৰু কাছাৰত ৩ মিলিমিটাৰ বৰষুণ হৈছে।

আনহাতে তিনিচুকীয়াত সর্বনিম্ন তাপমাত্রা ৭ ডিগ্রী ছেলছিয়াছলৈ হ্রাস পাইছে। ঘন কুঁৱলীৰ বাবে স্বাভাবিক জীৱন যাত্ৰাত সমস্যা সৃষ্টি হোৱাৰ লগতে যান-বাহনৰ দুর্ঘটনা বৃদ্ধি হোৱাৰ পূৰ্ণ আশংকা আছে।

ইফালে ১ জানুৱাৰীলৈকে গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্রা ২৫ৰ পৰা ২৭ ডিগ্রী ছেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১২ৰ ১৪ ডিগ্ৰী ছেলছিয়াছৰ ভিতৰত থাকিব বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে।

সাৱধান ! এই কেইদিন পাৰিলে ঘৰতে থাককঃ ঘন কুঁৱলীয়ে ভেটিব বাট...
সদৌ অসম ছাত্ৰ সন্থাই ৰহেন্দ্ৰনাথ ব্ৰহ্মক প্ৰদান কৰিলে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in