ডিজিটেল ডেস্ক : আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ দুষ্ট চক্ৰৰ দল। অবৈধ ধনৰ লেন-দেন চলোৱা এটি দুষ্ট চক্ৰক বুধবাৰে মোহলিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে এই দুষ্ট চক্ৰটোৱো বহুদিন ধৰি ভুৱা বেংক একাইণ্ট,ভুৱা পৰিচয়,বিভিন্ন বেংকৰ গ্ৰাহকসকলক বিভিন্ন চল-চাতুৰিৰে বেংকৰ তথ্য সংগ্ৰহ কৰি চলাই আহিছিল এনে কাণ্ড। উল্লেখ্য যে, যোৱা ১৫ জুনত এগৰাকী ভুক্তভোগীয়ে ধৰমশালা আৰক্ষীক এই কথা অৱগত কৰিছিল।
উক্ত লোকজনৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে চলাই এক অভিযান। বুধবাৰে মোহালিত আৰক্ষীয়ে ১১ জন সন্দেহজনক লোকক আটক কৰে আৰু তেওঁলোকৰ পৰা লেপটপ,চিম কাৰ্ড,বেংকৰ পাছবুক আদি জব্দ কৰে।