কাৰ্বি আংলঙত আদৰ্শ বিদ্যালয় উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

কাৰ্বি আংলঙত আদৰ্শ বিদ্যালয় উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

ডিজিটেল ডেস্ক : কাৰ্বি আংলঙ জিলাৰ নৱনিৰ্মিত তিনিখন আদৰ্শ বিদ্যালয় উদ্বোধন। বুধবাৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি কাৰ্বি আংলঙ জিলাৰ নৱনিৰ্মিত তিনিখন আদৰ্শ বিদ্যালয় উদ্বোধন কৰে ।

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ কাৰ্যালয়ৰ সভাগৃহৰ পৰা মন্ত্ৰী হাজৰীকাই ভাৰ্চুৱেলী জিলাখনৰ লুম্বাজং, নিলিপ আৰু ৰংমুংভিস্থিত আদৰ্শ বিদ্যালয় কেইখন উদ্বোধন কৰে । এই উপলক্ষে আয়োজিত এখন বিশেষ বৈঠকত মন্তব্য প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই কয় যে, "শিক্ষা অবিহনে আমি জীৱনৰ বাটত সফলতাৰে আগুৱাই যাব নোৱাৰো । অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তাৰ ফলশ্ৰুতিত ৰাজ্যখনত আদৰ্শ বিদ্যালয়সমূহ প্ৰতিষ্ঠা কৰা হৈছে।"

লগতে মন্ত্ৰী হাজৰীকাই কয় যে, এই আদৰ্শ বিদ্যালয়সমূহত গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আমাৰ ভিতৰুৱা অঞ্চলৰ ল'ৰা ছোৱালীখিনিকো সমানে আগবাঢ়ি যোৱাৰ সুযোগ প্ৰদান কৰা হৈছে । আমাৰ দেশ আজি প্ৰগতিৰ নতুন সম্ভাৱনাৰে আগবাঢ়ি যোৱাৰ সময়ত ৰাজ্যখনৰ সাধাৰণ ছাত্ৰ ছাত্ৰীসকলেও যাতে প্ৰতিযোগিতামূলক পৃথিৱীখনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত পিছপৰি ৰ'ব নালাগে সেই উদ্দেশ্য ৰাখিয়েই মুখ্যমন্ত্ৰী মহোদয়ে এই আদৰ্শ বিদ্যালয় আৰম্ভ কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

উল্লেখ্য যে ইতিপূৰ্বে ৰাজ্যখনত থকা ৩৮ খন আদৰ্শ বিদ্যালয়ৰ লগত সংযোজন কৰি যোৱা দুটা দিনত বিভিন্ন জিলাত ১৮ খন আদৰ্শ বিদ্যালয় আৰু ১৯ খন চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন কৰা হৈছে । মন্ত্ৰী হাজৰীকাই আদৰ্শ বিদ্যালয় কেইখন উদ্বোধন কৰি উঠি কয় যে, চৰকাৰী বিষয়া আৰু আন বৃত্তিৰ সমান্তৰালভাৱে আজিকালি ৰাজনীতিৰ ক্ষেত্ৰখনতো আগবাঢ়ি যোৱাৰ বাবে শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

আনহাতে ৰাজনীতিয়েই হওক অথবা আন বিষয়াই হওক, পদবীত থকা সকলোৱে ইচ্ছা কৰিলে সমাজৰ হিতৰ বাবে বহুখিনি কাম কৰিব পাৰে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই সকলোকে সমাজৰ কল্যাণৰ বাবে কাম কৰিবলৈ আহ্বান জনায় । অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক সদিচ্ছাৰ বাবেই ৰাজ্যখনৰ উন্নয়নক এক নতুন দৃষ্টিভংগী প্ৰদান কৰিবলৈ সক্ষম হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে ।

কাৰ্বি আংলঙত আদৰ্শ বিদ্যালয় উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ
আৰক্ষীৰ অভিযানত জব্দ অবৈধ অৰুণাচলী সুৰাসহ ব্যৱসায়ী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in