"অপাৰেছন কাবেৰী"ৰ সহায়ত দশমটো প্ৰৱাসী দল চুদানৰ পৰা দেশলৈ ঘূৰি আহিছে...

চুদানৰ পৰা ভাৰতৰ নাগৰিকৰ দশম টো দল দেশলৈ সুকলমে ঘূৰি আহিছে ৷ চুদানাত আবদ্ধ হৈ থকা প্ৰবাসীসকলক উদ্ধাৰৰ বাবে ভাৰতে "অপাৰেছন কাবেৰী"ৰ এক মিছন হাতত লৈছিল
"অপাৰেছন কাবেৰী"ৰ সহায়ত দশমটো প্ৰৱাসী দল চুদানৰ পৰা দেশলৈ ঘূৰি আহিছে...

ডিজিটেল ডেস্কঃ চুদানৰ পৰা ভাৰতৰ নাগৰিকৰ দশম টো দল দেশলৈ সুকলমে ঘূৰি আহিছে ৷ চুদানাত আবদ্ধ হৈ থকা প্ৰবাসীসকলক উদ্ধাৰৰ বাবে ভাৰতে "অপাৰেছন কাবেৰী"ৰ এক মিছন হাতত লৈছিল ৷

এই মিছনৰ সহায়ত শেহতীয়াকৈ প্ৰবাসীসকলক নিজ দেশলৈ তৎকালে উভতাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ এই লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰে মোডীয়ে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল ৷ প্ৰধানমন্ত্ৰীৰে হোৱা বৈঠকৰ পিছতেই ভাৰতীয়সকলক উদ্ধাৰৰ অভিযান অধিক তীব্ৰতৰ হয় ৷

বিগত কিছুদিন ধৰি চুদানত অস্থিৰ অৱস্থাই বিৰাজ কৰিছে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে জনোৱা অনুসৰি আৱদ্ধ ভাৰতীয়সকলৰ অষ্টম, নৱম আৰু দশম দলটো চুদানৰ পৰা জেদ্দালৈ ৰাওনা হৈছে ৷

এমইএৰ মুখপাত্ৰ অৰিন্দমে কয় যে সংঘৰ্ষৰে জৰ্জৰিত দেশখনত আৱদ্ধ হৈ থকা ১৩৫ জন ভাৰতীয় নাগৰিকৰ সৈতে দশম দল আইএএফ চি ১৩০জে বিমানৰ সহায়ত ভাৰতৰ মাটিত ভৰি দিছে ৷ এইদৰে সুকলমে দেশলৈ ঘূৰি আহিবলৈ পায় প্ৰতিগৰাকী প্ৰবাসী তথা পৰিয়ালৰ লোকে প্ৰদানমন্ত্ৰী মোডীক ধন্যবাদ জ্ঞাপন কৰিছে ৷

উল্লেখযোগ্য যে ১৫ এপ্ৰলৰ পৰা চুদানত সেনা আৰু অৰ্ধ সামাৰিক বাহিনীৰ মাজত বৰ্তমানেও তীব্ৰ সংঘাত অব্যাহত আছে ৷ এই সংঘাটৰ ফলত ইতিমধ্যেই প্ৰায় ৫০০ত কৈও অধিক লোকে প্ৰাণ হেৰুৱাইছে ৷

"অপাৰেছন কাবেৰী"ৰ সহায়ত দশমটো প্ৰৱাসী দল চুদানৰ পৰা দেশলৈ ঘূৰি আহিছে...
ইন্টাৰনেট বন্ধ, ১৪৪ ধাৰা! জনতাৰ ক্ষোভত বাতিল মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in