কেন্দ্ৰই স্থাপন কৰা জনৌষধি কেন্দ্ৰ পৰা দৈনিক ১০ ৰ পৰা ১২ লাখ ৰোগী উপকৃত...

কেন্দ্ৰই স্থাপন কৰা জনৌষধি কেন্দ্ৰ পৰা দৈনিক ১০ ৰ পৰা ১২ লাখ ৰোগী উপকৃত...
কেন্দ্ৰই স্থাপন কৰা জনৌষধি কেন্দ্ৰ পৰা দৈনিক ১০ ৰ পৰা ১২ লাখ ৰোগী উপকৃত...

ডিজিটেল ডেস্কঃ দেশত অন্যান্য সামগ্ৰীৰ লগতে বিগত সময়ছোৱাত ঔষধৰ মূল্যও বহু গুণে বৃদ্ধি পাইছে। ঔষধৰ এনে মূল্যবৃদ্ধিয়ে ৰোগী আৰু ৰোগীৰ আত্মিয়ক জলা-কলা খোৱাইছে যদিও কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰা জনৌষধি কেন্দ্ৰই বহু লোকক উপকৃত কৰিছে।

লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত এই বিষয়ে জনাইছে ৰসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ভগৱত খুবাই। সংসদত তেওঁ জনোৱা অনুসৰি কেন্দ্ৰীয় চৰকাৰে দেশত বৰ্তমানলৈকে ১০ হাজাৰ ৬০০ টা প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি কেন্দ্ৰ মুকলি কৰিছে।

এই কেন্দ্ৰসমূহৰ পৰা দৈনিক ১০ ৰ পৰা ১২ লাখ লোক উপকৃত হৈছে। মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি এই কেন্দ্ৰসমূহত উপলব্ধ ঔষধৰ মূল্য সাধাৰণতে ব্ৰেণ্ডেড ঔষধতকৈ ৫০ৰ পৰা ৯০ শতাংশ কম।

ইয়াৰ ফলত যোৱা বিত্তীয় বছৰত নাগৰিকসকলে প্রায় ৭ হাজাৰ ৪০০ কোটি টকা ৰাহি কৰিবলৈ সমর্থ হৈছে।

কেন্দ্ৰই স্থাপন কৰা জনৌষধি কেন্দ্ৰ পৰা দৈনিক ১০ ৰ পৰা ১২ লাখ ৰোগী উপকৃত...
নিশাৰ মহানগৰীত পুনৰ দুৰ্ঘটনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in