দেশৰ ১০ খন প্ৰদূষিত চহৰৰ ভিতৰত ৯ খন এখন ৰাজ্যৰেই...

দিল্লীৰ বায়ু প্ৰদূষণৰ বিষয়ে প্ৰায়ে আলোচনা কৰা হয়, কিন্তু বিহাৰতো বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

author-image
Asomiya Pratidin
New Update
দেশৰ ১০ খন প্ৰদূষিত চহৰৰ ভিতৰত ৯ খন এখন ৰাজ্যৰেই...

ডিজিটেল ডেস্ক: দিল্লীৰ বায়ু প্ৰদূষণৰ বিষয়ে প্ৰায়ে আলোচনা কৰা হয়, কিন্তু বিহাৰতো বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰদূষণৰ ক্ষেত্ৰত বিহাৰ শীৰ্ষ ১০ খন চহৰৰ ভিতৰত থাকে। কিন্তু বৰ্তমান দেশৰ ১০ খন আটাইতকৈ প্ৰদূষিত চহৰৰ ভিতৰত ৯ খন বিহাৰৰ।

Advertisment

বায়ু প্ৰদূষণৰ স্তৰ অনুসৰি, পূৰ্ণিয়া দেশৰ আটাইতকৈ বেছি বায়ু প্ৰদূষিত চহৰবোৰৰ ভিতৰত এক নম্বৰত আছে। দৰভাঙ্গা দ্বিতীয় স্থান, আৰাৰিয়া তিনি স্থানত আছে। চতুৰ্থ, পঞ্চম, ষষ্ঠ আৰু সপ্তম স্থানত আছে ক্ৰমে- বেতিয়া, কাটিহাৰ, চাহাৰচা, মুজাফ্ফৰপুৰ।

ত্ৰিপুৰাৰ আগৰতলা আছে ৮ নম্বৰ স্থানত। চিৱান আৰু কিষাণগঞ্জ ক্ৰমে দেশৰ নৱম আৰু দশম স্থানত আছে। পূৰ্ণিয়াৰ অৱস্থা সংকটজনক, কিন্তু আন চহৰবোৰৰ বায়ুৰ মানদণ্ডও অতি দুৰ্বল শ্ৰেণীত আছে।

উল্লেখ্য যে, বায়ুৰ স্তৰ ০ ৰ পৰা ৫০ ৰ ভিতৰত ভাল, ৫১-১০০ সন্তোষজনক, ১০১-২০০ মধ্যমীয়া, ২০১-৩০০ বেয়া, ৩০১-৪০০ অতি বেয়া আৰু ৪০১ ৰ পৰা ৫০০ লৈ গম্ভীৰ বুলি ধৰা হয়।

আৰু পঢ়ক: মাত্ৰ ১০ টকাৰ বাবে বন্ধুক নৃশংসভাৱে হত্যা...

delhi aqi tripura bihar