/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/crime.jpg)
ডিজিটেল ডেস্ক: দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। একাংশই হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে নিজৰ আপোনজনকো। এনে ধৰণৰ এক ঘটনা সংঘটিত হৈছে পশ্চিম বংগত।
বৃহস্পতিবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি উত্তৰ পশ্চিম বংগৰ শিলিগুৰিত এজন ২০ বছৰীয়া যুৱকক তেওঁৰ বন্ধুক শিলেৰে মৰিয়াই হত্যা কৰে। মাত্ৰ ১০ টকাৰ বাবে এই হত্যা কাণ্ড সংঘটিত কৰে বুলি জানিব পৰা গৈছে। ৰামপ্ৰসাদ সাহাৰ নামৰ যুৱকজনৰ মৃতদেহ অৰণ্যৰ মাজৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে।
অনুসন্ধানত পোহৰলৈ আহিছে যে, ৰামপ্ৰসাদ নিচা আসক্ত আছিল। তেওঁ প্ৰায়েই নিচাজাতীয় দ্ৰব্য সেৱনৰ বাবে জংঘলৰ মাজলৈ গৈছিল।
অন্য দিনৰ দৰে সোমবাৰেও ৰামপ্ৰসাদে অজয় ৰয়(২৪) আৰু সুব্ৰত দাস(২২)ৰ লগত নিচা যুক্ত দ্ৰব্য সেৱন কৰাৰ বাবে গৈছিল। নিচাসক্ত হোৱাৰ পাছত ৰামপ্ৰসাদে পুনৰ ১০ টকাৰ ড্ৰাগছ কিনিবলৈ সুব্ৰতৰ পৰা টকা বিচাৰিছিল।
কিন্তু তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু সুব্ৰতই শিলেৰে মৰিয়াই ৰামপ্ৰসাদক হত্যা কৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
আৰু পঢ়ক: মহাবিদ্যালয়ৰ পৰা উৰণীয়া সেতুলৈ! ৰাজ্যিক কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত