কানপুৰৰ ১০খন বিদ্যালয়ত বোমা ! ই-মেইলযোগে ভাবুকি...

কানপুৰৰ ১০খন বিদ্যালয়ত বোমা ! ই-মেইলযোগে ভাবুকি...

ডিজিটেল ডেস্ক : দিল্লীৰ দৰেই ঘটনা সংঘটিত হৈছে কানপুৰৰ একাংশ বিদ্যালয়ত। জানিব পৰামতে কানপুৰৰ ১০খন শিক্ষানুষ্ঠানত বোমা থকা বুলি এক ই-মেইলযোগে ভাবুকি প্ৰদান কৰিছে।

বুধবাৰে ই-মেইলযোগে প্ৰেৰণ কৰা এই খবৰে এতিয়া কানপুৰৰ ১০ শিক্ষানুষ্ঠানৰ লগতে কাষৰীয়া অঞ্চলৰ লোক তথা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। এক সূত্ৰই জানিবলৈ দিয়া মতে ভাবুকি প্ৰদান কৰা ই-মেইল ৰাছিয়াস্থিত এটি চাৰ্ভাৰৰ পৰা প্ৰেৰণ কৰা হৈছে।

ইতিমধ্যে প্ৰশাসনে লোক তথা ছাত্ৰ-ছাত্ৰীসকলক আতংকিত নহ'বলৈ এক বিবৃতিত উল্লেখ কৰে। তদুপৰি প্ৰশাসন আৰু আৰক্ষীয়ে শিক্ষানুষ্ঠানকেইখনলৈ বোমা নিষ্কাশনকাৰী দল প্ৰেৰণ কৰে। লগতে সন্দেহ কৰা চাৰ্ভাৰৰ তথ্য সন্দৰ্ভত আৰক্ষীৰ চাইবাৰ কোষে তদন্ত আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে।

আনহাতে উক্ত ঘটনা সন্দৰ্ভত যুটীয়া আৰক্ষী আয়ুক্ত হৰিশ চন্দৰে পৰিস্থিতিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়- সকলো বিষয়াক শিক্ষানুষ্ঠানসমূহকৰ চিচিটিভি ফুটেজ ভালদৰে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

কানপুৰৰ ১০খন বিদ্যালয়ত বোমা ! ই-মেইলযোগে ভাবুকি...
কলিয়াবৰত ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in