/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/a0c8999c-135d-44c0-a68b-38c047a6b386/01.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰ মহকুমাৰ শিলঘাটস্থিত কন্যাকাশ্ৰম কনিষ্ঠ মহাবিদ্যালয়ত বুধবাৰে ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। ইলোৰা বিজ্ঞান মঞ্চৰ কলিয়াবৰ শাখাৰ উদ্যোগত শিলঘাটৰ কন্যকাশ্ৰম কণিষ্ঠ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে এক বক্তৃতানুষ্ঠানৰ লগতে দেহদানৰ অংগীকাৰ গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হয়।
ইলোৰা বিজ্ঞান মঞ্চৰ কলিয়াবৰ শাখাৰ সভাপতি তথা অৱসৰ প্ৰাপ্ত অধ্যক্ষ ভূপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত আমন্ত্ৰিত বক্তা হিচাপে অংশগ্ৰহণ কৰে চিকিৎসক ডাঃ অঞ্জুমনি চেতিয়াই। ছাত্ৰ -ছাত্ৰীসকলক সম্বোধি দিয়া ভাষণত চিকিৎসকগৰাকীয়ে কয়- আবেগ আৰু বিশ্বাসক বাদ দি তথ্য আৰু প্ৰযুক্তিৰে বিশ্লেষণৰে প্ৰমাণ সহকাৰে গ্ৰহণ কৰা মানসিকতাই হ’ল বিজ্ঞান মনস্কতা ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/4ed28924-dc2e-4637-97db-38c6dc91d089/12ced6fd-54a5-4960-9390-e6ff4ab5809f.jpg)
বিজ্ঞান মনস্ক হ’বলৈ শিক্ষিত হ’ব লাগিব বুলি কোনো কথা নাই,মাথো সোঁতৰ বিপৰীতে যুঁজ দিয়াৰ সাহস থাকিব লাগিব বিৰুৱালা ৰাভা আৰু ইলোৰা ৰায় চৌধুৰীৰ দৰে । লগতে তেঁও কয়-ঋতুস্ৰাৱ আমাৰ মহিলা সমাজৰ এক প্ৰাকৃতিক স্বাভাৱিক প্ৰক্ৰিয়া ৷ কিন্তু বৰ্তমানেও আমাৰ সমাজব্যৱস্থাত পৌৰাণিক ৰীতি-নীতিৰ বাবে মহিলাসকলে অত্যন্ত সমস্যাৰ সন্মুখীন হৈ অহাতো অবিজ্ঞান পৰম্পৰাৰে ফচল ।
এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবৰ বাবে সজাগতা,সচেতনতা তথা বিজ্ঞান মনস্কতাৰ পৰিৱেশ গঢ় দিব লাগিব ৷ অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰ ভাষণত কলিয়াবৰ মহাবিদ্যালয় প্ৰবক্তা পৰাগ দাহালে সমাজৰ কুসংস্কাৰ,অন্ধবিশ্বাস,ডাইনী হত্যাৰ দৰে কলুষিত বিষয়সমূহৰ ওপৰত বক্তব্য প্ৰদান কৰাৰ লগতে এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক সজাগতা সৃষ্টিৰ পৰিবেশ গঢ় দিবলৈ আহ্বান জনায় ।
অনুষ্ঠানতে স্থানীয় কেইবাগৰাকীও বিজ্ঞানমনস্ক ব্যক্তিয়ে চিকিৎসা বিজ্ঞানৰ অধ্যয়নৰ বাবে মৰণোত্তৰভাৱে নিজৰ দেহ দান কৰাৰ অংগীকাৰ গ্ৰহণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দি যোৱা পদ্মশ্ৰী বিৰুবালা ৰাভাৰ স্মৃতিত মৌন প্ৰাৰ্থনা কৰাৰ লগতে চিকিৎসা বিজ্ঞান উন্নতিৰ বাবে দেহদান কৰি যোৱা সাহসী মহিলা ইলোৰা ৰায়চৌধুৰীৰ স্মৃতিত উপস্থিত সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d8e4eac5-781a-4662-8dfc-ba353548a7a0/0973f0c2-0d7f-4936-a73f-eb0239b1132f.jpg)
অনুষ্ঠানটোত কলিয়াবৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধীৰেন্দ্ৰ কুমাৰ হাজৰিকা, অৱসৰপ্ৰাপ্ত শিক্ষক ৰামেশ্বৰ দাস,কলিয়াবৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সলিল কুমাৰ মিত্ৰ,শিলঘাট অশোকাষ্টমী মেলা সমিতিৰ সভাপতি ধৰ্ম বৰা আৰু সম্পাদক লোহিত বৰা,অৱসৰ প্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী ভাৰতী গগৈ ভালেসংখ্যক গণ্য মান্য ব্যক্তি অনুষ্ঠানটোত উপস্থিত থাকে। উল্লেখ্য যে, ২০০৩ চনত প্ৰতিষ্ঠিত ইলোৰা বিজ্ঞান মঞ্চই মৰনোত্তৰ দেহদান, অংগ দানৰ লগতে অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে বিভিন্ন পৰ্যায়ত সজাগতা সৃষ্টি কৰি আহিছে।
Also Read: মঙলদৈত বান্দৰৰ সন্ত্ৰাস...