Parliament Winter Session: হঠাৎ পদত্যাগ কেন্দ্ৰীয় মন্ত্ৰীসহ বিজেপিৰ ১০ সাংসদৰ...

Parliament Winter Session: হঠাৎ পদত্যাগ কেন্দ্ৰীয় মন্ত্ৰীসহ বিজেপিৰ ১০ সাংসদৰ...
Parliament Winter Session: হঠাৎ পদত্যাগ কেন্দ্ৰীয় মন্ত্ৰীসহ বিজেপিৰ ১০ সাংসদৰ...

ডিজিটেল ডেস্কঃ সংসদৰ শীতকালীন অধিৱেশন (Parliament Winter Session 2023) অব্যাহত আছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হোৱা এই অধিৱেশন শাসক, বিৰোধী উভয় পক্ষৰ বাবেই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

ইফালে ৫ ৰাজ্যৰ নিৰ্বাচনত বিজেপিয়ে আশা কৰাতকৈ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে কংগ্ৰেছ পুনৰ এবাৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। দুখনকৈ ৰাজ্য কংগ্ৰেছৰ হাতৰ পৰা ওলাই যোৱাৰ সমান্তৰালকৈ ৫ ৰাজ্যৰ ভিতৰত মাত্ৰ এখনত বিজয় সাব্যস্ত কৰি সন্মান ৰক্ষা কৰিবলৈ সন্মুখীন হ'ল।

বিজেপিয়ে কংগ্ৰেছৰ পৰা কাঢ়ি আনিলে ৰাজস্থান আৰু ছত্তিশগড়। মধ্যপ্ৰদেশতো পুনৰ গঠন হ'ল বিজেপিৰেই চৰকাৰ। বিজেপিৰ এনে জয়জয়কাৰ অৱস্থাতে সংসদৰ শীতকালীন অধিৱেশনৰ মাজতে পদত্যাগ কৰিলে দলটোৰ ২ জনকৈ কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে ১০ জনকৈ সাংসদে।

বুধবাৰে পদত্যাগ কৰিলে ২ কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদে

শীতকালীন অধিৱেশনৰ মাজতে সংসদৰ পৰা পদত্যাগ কৰিছে বিজেপিৰ মুঠ ১০ জনকৈ সাংসদে। এই সাংসদসকলৰ মাজত আছে দুজনকৈ কেন্দ্ৰীয় কেন্দ্ৰীয় মন্ত্ৰী।

১০ সাংসদৰ ভিতৰত আছে ৰাজ্যসভাৰো সাংসদ। পদত্যাগৰ পূৰ্বে এই আটাইকেজন সদস্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) আৰু বিজেপিৰ ৰাষ্ট্ৰিয় সভাপতি জে পি নড্ডা (J. P. Nadda) ক সাক্ষাৎ কৰে।

ইয়াৰে ৯ গৰাকী সাংসদে লোকসভাৰ অধ্যক্ষৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে। তেওঁলোকক সংগ দিয়ে বিজেপিৰ সভাপতি জেপি নড্ডাই। আনহাতে এগৰাকী সাংসদে পদত্যাগ পত্ৰ দাখিল কৰে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়(Rajya Sabha Chairman Jagdeep Dhankhar)ৰ হাতত।

দুই কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে পদত্যাগ কৰিলে এইসকলে

বিজেপিৰ এগৰাকী নেতাই উল্লেখ কৰা অনুসৰি ৰাজস্থান, ছত্তিশগড় আৰু মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপিৰ মুঠ ১২ গৰাকী সাংসদে বিজয় সাব্যস্ত কৰিছে। এই ১২ গৰাকী সাংসদ তথা মন্ত্ৰীৰ ভিতৰত ১০ গৰাকীয়ে বুধবাৰে পদত্যাগ কৰিছে।

তেওঁলোক ক্ৰমে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰ (Narendra Singh Tomar), খাদ্য প্ৰক্ৰিয়াকৰণ আৰু জল শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰহ্লাদ পাটেল (Prahlad Patel), ৰাকেশ সিং, উদয় প্ৰতাপ সিং, ৰিতি পাঠক, ৰাজ্যবৰ্ধন সিং ৰাঠোৰ, দিয়া কুমাৰী, কিৰোৰী লাল মীনা (ৰাজ্য সভাৰ সাংসদ) অৰুণ ছাও আৰু গোমটি ছাই।

ইয়াৰে নৰেন্দ্ৰ সিং টোমাৰ, প্ৰহ্লাদ পাটেল, ৰাকেশ সিং, উদয় প্ৰতাপ সিং, ৰিতি পাঠক মধ্যপ্ৰদেশৰ। ৰাজ্যবৰ্ধন সিং ৰাঠোৰ, দিয়া কুমাৰী, কিৰোৰী লাল মীনা (ৰাজ্য সভাৰ সাংসদ) অৰুণ ছাও ৰাজস্থানৰ আৰু গোমটি ছাই ছত্তিশগড়ৰ।

এতিয়াও পদত্যাগ কৰিবলৈ বাকী আছে দুগৰাকীৰ

সদ্যসমাপ্ত ৫ ৰাজ্যৰ নিৰ্বাচনত বিজেপিৰ যি ১২ জন সাংসদ বিজয়ী হৈছিল তেওঁলোকৰ ভিতৰত ২ জনে এতিয়াও পদত্যাগ পত্ৰ দাখিল কৰা নাই। তেওঁলোকৰ ভিতৰত আছে এগৰাকী কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী।

ৰাজস্থানৰ লোকসভা সাংসদ বাবা বালাকান্থ আৰু ছত্তিশগড়ৰ পৰা নিৰ্বাচিত হোৱা সাংসদ তথা জনজাতীয় উন্নয়ন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰেনুকা সিং।

Parliament Winter Session: হঠাৎ পদত্যাগ কেন্দ্ৰীয় মন্ত্ৰীসহ বিজেপিৰ ১০ সাংসদৰ...
ঘৰতে থাকি লাখ টকা উপাৰ্জন কৰিব বিচাৰে নেকি? ভুলতো নকৰিব এই ভুল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in