আৰম্ভ নগাঁও গ্ৰন্থমেলা...

আৰম্ভ হ’ল নগাঁও গ্ৰন্থমেলা ৷ কলঙৰ বাকৰিৰ নেহৰুবালিৰ হোমেন বৰগোহাঞি ক্ষেত্ৰত আৰম্ভ হোৱা নগাঁও গ্ৰন্থমেলা ২০২২ ৰ আজি দ্বিতীয় দিন ৷

author-image
Asomiya Pratidin
New Update
আৰম্ভ নগাঁও গ্ৰন্থমেলা...

ডিজিটেল সংবাদ,নগাঁও: আৰম্ভ হ’ল নগাঁও গ্ৰন্থমেলা ৷ কলঙৰ বাকৰিৰ নেহৰুবালিৰ হোমেন বৰগোহাঞি ক্ষেত্ৰত আৰম্ভ হোৱা নগাঁও গ্ৰন্থমেলা ২০২২ ৰ দ্বিতীয় দিন ৷ ১৫ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই গ্ৰন্থমেলা অসম সাহিত্য সভাৰ সভাপতি কুল শইকীয়াই বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে ৷

Advertisment

সাংস্কৃতিক গোষ্ঠী কল্লোল আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থমেলা শুভাৰম্ভ কৰাৰ পূৰ্বে জিলা খনৰ লগতে ৰাজ্যখনৰ সমাজ জীৱনলৈ অবদান আগবঢ়োৱা প্ৰয়াত বিশিষ্ট ব্যক্তিসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ শ্ৰীমন্ত শংকৰদেব বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মৃদুল হাজৰিকাই আনুষ্ঠানিক ভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

নগাঁও গ্ৰন্থমেলা উদ্বোধনী সভাৰ সন্মানীয় অতিথি শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপচাৰ্য মৃদুল হাজৰিকাই কয় যে গভীৰ জ্ঞানেহে জটিলতা দূৰ কৰিব পাৰে ৷ গ্ৰন্থ পঢ়িলেহে জ্ঞানৰ গভীৰতালৈ যাব পাৰি ৷ সময়ৰ লগে লগে সমাজলৈ পৰিবৰ্তন আহিছে৷ ই স্বাভাৱিক ৷ আগন্তক দিনত আৰু পৰিবৰ্তন হ'ব ৷ ই স্বাভাৱিক ৷

লগতে উপাচাৰ্য হাজৰিকাই কয় যে সাম্প্ৰতিক সময়ত গ্ৰন্থ পঢ়া লোকৰ সংখ্যা কমিছে ৷ প্ৰয়ুক্তিবিদ্যাৰ উত্তৰনৰ বাবে এনে হৈছে ৷ কিন্তু গ্ৰন্থমেলাই পঢ়াৰ পৰিবেশ গঢ়ি ৰাখিছে ৷ ই ইতিবাচক দিশ ৷

অসম সাহিত্য সভাৰ সভাপতি কুল শইকীয়াই গ্ৰন্থমেলা খন উদ্বোধন কৰি কয় যে প্ৰয়ুক্তিয়ে গ্ৰন্থ নাইকীয়া কৰিব নোৱাৰে ৷ কিন্তু প্ৰয়ুক্তিক আমি বাদ দিব নোৱাৰো ৷ প্ৰয়ুক্তিৰ ভাল খিনি আমি লব লাগিব ৷ পৃথিবীৰ সমানে আমি আগবাঢ়িব নোৱাৰিলে আমাক যাদুঘৰত ৰাখিব লগা পৰিবেশৰ সৃষ্টি হ'ব ৷

লুহিত কলিতাৰ সভাপতিত্ব অনুষ্ঠিত সভাখনত সাহিত্যিক কুল শইকীয়াই আৰু কয় যে গ্ৰন্থ অধ্যয়নৰ পৰিবেশ নিজৰ ঘৰ খনৰ পৰা আৰম্ভ কৰিব লাগিব ৷ গ্ৰন্থ অধ্যয়ন কৰাটো বেংক একাউন্টৰ দৰে ৷ বেংকত যি দৰে ধন জমা কৰা হয় তেনেদৰে গ্ৰন্থ অধ্যয়ন কৰি জ্ঞানৰ পৰিষৰ বৃদ্ধি কৰিব লাগিব ৷ নহ'লে জ্ঞান সীমাবদ্ধ হৈ থাকিব ৷

সাহিত্যিক শইকীয়াই অসমীয়া ভাষাক পৃথিবীত চহকী ভাষা হিচাপে পৰিচিত কৰিবলৈ সকলোয়ে প্ৰচেষ্টা চলাব লাগিব বুলি বক্তব্য ৰাখি কয় যে সাহিত্য সভাই অসমীয়া ভাষাক পৃথিৱীত পৰিচিত কৰিবলৈ অনুবাদ সাহিত্যত গুৰুত্ব দি কাম কৰিছে ৷ সভাখনিত নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ , প্ৰাক্তন উপায়ুক্ত চন্দ্ৰ মোহন কাকতী , শিবানন্দ কাকতী , নৌচাদ আখতাৰ হাজৰিকা আদি উপস্থিত থাকে ৷

পুৱা নগাঁও গ্ৰন্থমেলা স্থলীত পতাকা উত্তোলনৰ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ পতাকা উত্তোলন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা গ্ৰন্থমেলা উদযাপন সমিতিৰ সভাপতি ৰূপক শৰ্মাই ৷

আৰু পঢ়ক: নগাঁও চহৰত অঘটন: নিচাসক্তই লগালে কাঠৰ দলঙত জুই

nagaon assam book fair