নগাঁও চহৰত অঘটন: নিচাসক্তই লগালে কাঠৰ দলঙত জুই

নগাঁও চহৰত অঘটন ৷ কাঠৰ দলঙত লাগিল জুই ৷ হাহাকাৰ লাগিল চহৰখনত ৷ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত অগ্নি নিৰ্বাপন ৷
নগাঁও চহৰত অঘটন: নিচাসক্তই লগালে কাঠৰ দলঙত জুই

ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰত অঘটন ৷ কাঠৰ দলঙত লাগিল জুই ৷ হাহাকাৰ লাগিল চহৰখনত ৷ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত অগ্নি নিৰ্বাপন ৷

জানিব পৰা মতে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখতে থকা কাঠৰ দলঙত এই ঘটনা সংঘটিত হয় ৷ দলঙৰ কাষত থকা জাবৰৰ পৰা এই জুই লাগে দলঙত ৷ সন্দেহ কৰা মতে কোনো নিচাসক্তই জাবৰত জুই লগাই দিয়াৰ ফলতে দলঙত জুই লাগে ৷

ছোৱালী মহাবিদ্যালয়ৰ সন্মূখত থকা কাঠৰ দলঙত নিচাসক্ত যুবকৰ অবাধ বিচৰন ৷ গাঞ্জা , ড্ৰাগছ , মদ মুক্ত মনে সেৱন কৰে একাংশ যুৱকে এই দলঙৰ ওচৰতে ৷

স্থানীয় লোকৰ মতে নিচাসক্ত যুৱকে দিয়াচলাই মাৰি শুকান জাবৰত পেলোৱাতে ঘটনাটো সংঘটিত হয় ৷ ইয়াৰ বাহিৰেও একাংশ লোকে দীৰ্ঘ দিনে দলঙৰ কাষত জাবৰ পেলাই পৰিবেশ বিনষ্ট কৰি আহিছে ৷ অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাৰ বাৰে অগ্নি নিয়ন্ত্ৰন হয় ৷

আৰু পঢ়ক: আজৱ! ৪ খন ভৰিৰে জন্ম হ'ল কন্যা শিশু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in