কাৰাগাৰৰ পৰা বাহিৰ হৈয়ে মন সলনি হ'ল 'চন অফ বিহাৰ'ৰ ! বিজেপিত যোগদান কৰিলে মনিষ কাশ্যপে...

মনোজ তিৱাৰীৰ উপস্থিতি যোগদান কৰে বিজেপিত
কাৰাগাৰৰ পৰা বাহিৰ হৈয়ে মন সলনি হ'ল 'চন অফ বিহাৰ'ৰ ! বিজেপিত যোগদান কৰিলে মনিষ কাশ্যপে...
কাৰাগাৰৰ পৰা বাহিৰ হৈয়ে মন সলনি হ'ল 'চন অফ বিহাৰ'ৰ ! বিজেপিত যোগদান কৰিলে মনিষ কাশ্যপে...

ডিজিটেল ডেস্কঃ বিহাৰৰ জনপ্ৰিয় ইউটিউবাৰ মনিষ কাশ্যপে আজি আনুষ্ঠানিকভাৱে যোগদান কৰিলে বিজেপিত। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ ঠিক কেইটামান ঘণ্টাৰ পূৰ্বে দিল্লীত মনিষে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰা বিষয়টোৱে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে, এইগৰাকী ইউটিউবাৰ কেইমাহমানৰ পূৰ্বে কাৰাগাৰৰ পৰা মুকলি হৈ আহিছিল। তেওঁৰ বিৰুদ্ধে আছিল ৰাষ্ট্ৰদ্ৰোহৰ দৰে গোচৰ। প্ৰায় ৯ মাহ কাৰাগাৰত বন্দী হৈ থকা মনিষে কাৰাগাৰৰ পৰা বাহিৰলৈ অহাৰ পাছতে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলিও মন্তব্য কৰিছিল।

মনিষে ঘোষণা কৰিছিল তেওঁ বিহাৰৰ পশ্চিম চম্পাৰণ লোকসভা আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। কিন্তু বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পাছত এতিয়া তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

নিজকে 'চন অফ বিহাৰ' বুলি পৰিচয় দিয়া মনিষে বিজেপিৰ হৈ প্ৰচাৰ চলাব। জানিব পৰা মতে তেওঁ পশ্চিম চম্পাৰণ লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা কৰিবলৈ সকলো প্ৰস্তুতি চলাই প্ৰচাৰো আৰম্ভ কৰিছিল। ইয়াৰ পূৰ্বে ২০২০ ত তেওঁ বিহাৰ বিধানসভা নিৰ্বাচনত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা কৰিছিল। সেইবাৰ তেওঁ পৰাজিত হৈছিল।

আজি দিল্লীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত দিল্লী বিজেপিৰ প্ৰাক্তন সভাপতি তথা সাংসদ মনোজ তিৱাৰীৰ উপস্থিতিত বিজেপিত যোগদান কৰে। উল্লেখ্য যে, মনিষ কাশ্যপে ইউটিউবত তেওঁৰ কনটেণ্ট আৰু উপস্থাপন শৈলীৰ বাবে চৰ্চালৈ আহি জনপ্ৰিয় হৈ পৰিছিল।

ইউটিউবত তেওঁৰ মুঠ ছাবছক্ৰাইবাৰ আছে ৮.৭৫ মিলিয়ন। তেওঁ বিহাৰৰ উপৰিও দেশৰ বিভিন্ন স্থানলৈ গৈ ভিডিঅ’ প্ৰস্তুত কৰিছিল। এনে জনপ্ৰিয়তাৰ শিখৰত থকাৰ সময়তে এক ভুৱা ভিডিঅ’ৰ গোচৰত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।  

মনিষে তামিলনাডুত বিহাৰৰ শ্ৰমিকৰ সৈতে হোৱা মাৰপিটৰ এটা ভিডিঅ’ নিজৰ ইউটিউব চেনেলত আপলোড কৰিছিল। এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ লগতে আৰক্ষীৰো ৰোষত পৰিছিল। পৰৱৰ্তী সময়ত তামিলনাডু আৰক্ষীয়ে এই ভিডিঅ’ ভুৱা বুলি কৈ মনিশক গ্ৰেপ্তাৰ কৰিছিল। বিহাৰ আৰক্ষীৰ আৰ্থিক অপৰাধ শাখায়ো তেওঁৰ বিৰুদ্ধে প্ৰতিবেদন দাখিল কৰিছিল।

কাৰাগাৰৰ পৰা বাহিৰ হৈয়ে মন সলনি হ'ল 'চন অফ বিহাৰ'ৰ ! বিজেপিত যোগদান কৰিলে মনিষ কাশ্যপে...
বিহাৰত JDU নেতা সৌৰভ কুমাৰক গুলীয়াই হত্যা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in