সমষ্টিবাসীৰ উন্নয়নেই হ'ব মোৰ লক্ষ্য, সকলোকে ধন্যবাদঃ দিলীপ শইকীয়া

পঞ্চমবাৰলৈ দৰং-ওদালগুৰি লোকসভা সমষ্টিত ফুলিল পদুম
সমষ্টিবাসীৰ উন্নয়নেই হ'ব মোৰ লক্ষ্য, সকলোকে ধন্যবাদঃ দিলীপ শইকীয়া
সমষ্টিবাসীৰ উন্নয়নেই হ'ব মোৰ লক্ষ্য, সকলোকে ধন্যবাদঃ দিলীপ শইকীয়া

ডিজিটেল সংবাদ ওদালগুৰিঃ বহু জল্পনা-কল্পনাৰ অন্ত পেলাই ৰাজ্যখনৰ অন্যতম ৪ নম্বৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিত জয়যাত্ৰা অব্যাহত ৰাখিলে ভাৰতীয় জনতা পাৰ্টীয়ে। সমষ্টিটোত ৮,৫৬,৩৬৩ টাকৈ ভোট লাভ কৰি জয়ৰ লক্ষ্যত উপনীত হয় দলটোৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী দিলীপ কুমাৰ শইকীয়া।

ইয়াৰ বিপৰীতে ৫,৩৫,৮২৯ টা ভোট লাভ কৰি দ্বিতীয় স্থানতে থমকিবলগীয়া হয় ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাধৱ ৰাজবংশী। অৰ্থাৎ ৩,২০,৫৩৪ ভোটৰ ব্যৱধানত জয়ী হবলৈ সক্ষম হয় বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থীগৰাকী।

ইফালে বিপিএফৰ প্ৰাৰ্থী দূৰ্গাদাস বড়োৱে তৃতীয় স্থানত থাকি লোকসভা সমষ্টিটোত লাভ কৰে মুঠ ৩,০৭,৫৪৭ টা ভোট। বিজেপি প্ৰাৰ্থীজনৰ বিজয়ক লৈ আজি উৎফুল্লিত হৈ পৰে ওদালগুৰিৰ বিজেপিৰ লগতে মিত্ৰজোটৰ নেতা-কৰ্মীসকল। সমান্তৰালভাৱে চহৰখনত অৱস্থিত দলটোৰ জিলা কাৰ্যালয়, মুখ্য নিৰ্বাচনী কাৰ্যালয়ত ফটকা ফুটাই, নাচি-বাগি আনন্দ প্ৰকাশ কৰে বিজেপি-ইউপিপিএল-অগপৰ মিত্ৰজোটৰ কৰ্মীসকলে।

লোকসভা সমষ্টিটোৰ অন্তৰ্গত ওদালগুৰি জিলাৰ চাৰিটাকৈ বিধানসভা সমষ্টি ক্ৰমে ৪৫ নম্বৰ ভেৰগাওঁ, ৪৬ নম্বৰ ওদালগুৰি, ৪৭ নম্বৰ মাজবাট আৰু ৪৮ নম্বৰ টংলাৰ গণনা প্ৰক্ৰিয়া ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ ভোটগণনা কেন্দ্ৰত অনুষ্ঠিত হয়। সেই অনুসৰি ভোটগণনাৰ অন্তত ৪৫ নম্বৰ ভেৰগাওঁ বিধানসভা সমষ্টিত বিজেপিয়ে ৬৬,৩৮০, কংগ্ৰেছে ১২,৮৮৭ আৰু বিপিএফে ৩২,৬৭০ টাকৈ ভোট লাভ কৰে।

৪৬ নম্বৰ ওদালগুৰি বিধানসভা সমষ্টিত বিজেপিয়ে ৪৬,৪৪৭ কংগ্ৰেছে ২৩,৬৭০ আৰু বিপিএফে ৪৯,৮৮১ টাকৈ ভোট লাভ কৰে। ৪৭ নম্বৰ মাজবাট বিধানসভা সমষ্টিত বিজেপিয়ে ৭০,৬৫৬, কংগ্ৰেছে ২৩,০৯০ আৰু বিপিএফ দলে ৪৪,৩৮৩ টা ভোট লাভ কৰিবলৈ সক্ষম হয়। আৰু ৪৮ নম্বৰ টংলা বিধানসভা সমষ্টিত বিজেপিয়ে ৭৩,৬৯৪, কংগ্ৰেছে ২৭,১৮৫ আৰু বিপিএফে ৩০,১২২ টা ভোট লাভ কৰিবলৈ সক্ষম হয়।

ইয়াৰোপৰি দৰঙৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে দলগাওঁ, মঙ্গলদৈ আৰু ছিপাঝাৰৰ ভোটগণনা অনুষ্ঠিত হয় মঙ্গলদৈ মহাবিদ্যালয় ভোটগণনা কেন্দ্ৰত। একেদৰে বাক্সাৰ দুটা বিধানসভা সমষ্টি ক্ৰমে তামুলপুৰ আৰু গোৰেশ্বৰৰ ভোটগণনা অনুষ্ঠিত হয় মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটগণনা কেন্দ্ৰত, সমান্তৰালভাৱে কামৰূপ জিলাৰ ৰঙিয়া আৰু কমলপুৰ বিধানসভা সমষ্টিৰ বাবে ভোটগণনা অনুষ্ঠিত হয় ৰঙিয়া মহকুমাধিপতিৰ কাৰ্যালয়ত।

লোকসভা সমষ্টিটোৰ ভোটগণনাৰ প্ৰথমাৱস্থাত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী প্ৰথম স্থানত আছিল যদিও প্ৰায় দহমান বজাৰ পৰা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক পিছ পেলাই একেৰাহে অগ্ৰগতি লাভ কৰি শেষ মূহুৰ্তত বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই জয়ৰ লক্ষ্যত উপনীত হয়। জয়ী হোৱাৰ আনুষ্ঠানিক ঘোষণাৰ পূৰ্ৱে ওদালগুৰিত উপস্থিত হৈ জয়ী প্ৰাৰ্থী দিলীপ শইকীয়াই কয়, "সমষ্টিৱাসী ৰাইজক মই ধন্যবাদ জনাইছো। মোক তেওঁলোকে বিশ্বাসত লৈ পুনৰবাৰ নিৰ্বাচিত কৰিলে। গতিকে আগন্তুক দিনত সমষ্টিৰ উন্নয়নেই হ'ব মোৰ মূল লক্ষ্য। বিটিচিৰ স্থায়ী শান্তি প্ৰতিষ্ঠা, সমষ্টি উন্নয়ণ অধিক শক্তিশালী ৰূপত আগুৱাই নিয়া হ'ব মোৰ প্ৰথম অগ্ৰাধিকাৰ। নিৰ্বাচনৰ সময়ছোৱাত মোৰ নজৰলৈ অহা কামবোৰ কৰিবলৈ চেষ্টা কৰাৰ লগতে যিবোৰ কাম নজৰলৈ অহা নাই সেইবোৰতে ৰাইজৰ সহায় লৈ উন্নয়ণ কৰিম।''

উল্লেখ্য যে, এই ফলাফলৰ জৰিয়তে বিজেপি দলটোৱে ক্ৰমাগত পঞ্চমবাৰৰ বাবে দৰং-ওদালগুৰি(পূৰ্ৱৰ মঙ্গলদৈ) লোকসভা সমষ্টিটো নিজৰ দখলত ৰাখি এক অভিলেখ সৃষ্টি কৰে। ইফালে মন কৰিবলগীয়া যে ৰাজ্যখনৰ ১৪টাকৈ লোকসভা সমষ্টিৰ ভিতৰত মঙ্গলদৈ লোকসভা সমষ্টিত নোটাত প্ৰদান কৰা ভোটৰ পৰিমাণ হৈছে ২২,৮৫৯ টা। ফলাফলৰ অন্তত মিত্ৰজোটৰ তিনিওটা দলৰ কৰ্মীসকলে মিঠাই খাই, ফটকা ফুটাই আনন্দত মতলীয়া হোৱা দেখা যায়।

সমষ্টিবাসীৰ উন্নয়নেই হ'ব মোৰ লক্ষ্য, সকলোকে ধন্যবাদঃ দিলীপ শইকীয়া
সুনীল হত্যাকাৰীক ফাঁচীৰ বিকল্প শাস্তি নামানো- মহিলা সমিতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in