বিশাল ৰেলীৰে তৃণমূলৰ প্ৰাৰ্থী ঘন চুতীয়াই দেখুৱালে শক্তি...

গোগামুখৰ পৰা বৰদৈ, মৰনৈ বেবেজীয়া হৈ ঢকুৱাখনালৈ বিশাল ৰেলী
বিশাল ৰেলীৰে তৃণমূলৰ প্ৰাৰ্থী ঘন চুতীয়াই দেখুৱালে শক্তি...
বিশাল ৰেলীৰে তৃণমূলৰ প্ৰাৰ্থী ঘন চুতীয়াই দেখুৱালে শক্তি...

ডিজিটেল সংবাদ ঢকুৱাখনা: লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ  পৰিপ্ৰেক্ষিতত সকলো দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান তীব্রতৰ হৈ পৰিছে ।লখিমপুৰ সংসদীয় সমষ্টিৰ তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী ঘন চুতীয়াও পাছপৰি থকা নাই সমষ্টিটোত প্ৰচাৰ অভিযানত। তাৰেই অংশ হিচাপে মঙলবাৰে এক বিশাল ৰেলীৰে সবল সাংগঠনিক শক্তি প্ৰদৰ্শন কৰিলে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী চুতীয়াই।

মঙলবাৰে দুপৰীয়া প্ৰাৰ্থী চুতীয়াই গোগামুখৰ পৰা বৰদৈ, মৰনৈ বেবেজীয়া হৈ ঢকুৱাখনাত উপস্থিত হয় কেইবা সহস্ৰাধিক সমৰ্থকৰ বাইক ৰেলীৰে। সমগ্ৰ যাত্ৰা পথত  অগণন শুভাকাংক্ষী ৰাইজ,দলীয় সমৰ্থকৰ আদৰণি গ্ৰহণ কৰি প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ উচাহপূৰ্ণ সহযোগিতাৰ শলাগ লয়।

দলীয় নেতা কৰ্মীসকলৰ শ্লোগানেৰে মুখৰ হৈ পৰা  যাত্ৰা কালত কেইবা স্থানত নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। প্ৰাৰ্থীগৰাকীয়ে গেৰুৱা দলৰ ধনবল, বাহুবল,  মিথ্যাচাৰৰ নিকৃষ্ট আৰু ভুৱা প্ৰলোভনৰ ৰাজনীতিৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই বুলি কয় । মূল্যবোধৰ ৰাজনীতিৰে ৰাইজৰ সেৱা কৰাৰ বাবেই ওলাই আহি ৰাইজৰ বিপুল সঁহাৰি লাভ কৰা বুলি কয় চুতীয়াই।

সদনত ৰাইজৰ অভাৱ অভিযোগ সবলভাবে উপস্থাপন কৰাত নির্লজ্জভাবে ব্যৰ্থতা প্ৰদৰ্শন কৰি সদনত নিবোকা হৈ বহি কাৰ্যকাল অতিবাহিত কৰা গেৰুৱা দলৰ সাংসদ প্ৰদান বৰুৱাক ৰাজনৈতিকভাবে উৎখাত কৰাৰ সংকল্প ৰাইজে গ্ৰহণ কৰা বুলি মন্তব্য কৰে প্ৰচাৰ সভাত। সমষ্টিটোৰ উন্নয়নকামী ৰাইজে বিকল্প হিচাবে এইবাৰ তৃণমূল কংগ্ৰেছৰ পক্ষ লৈছে বুলি চুতীয়াই প্ৰচাৰ সভাত মন্তব্য কৰে ।

সমষ্টিটোৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাকলৈ কংগ্ৰেছ দলৰ নেতা, কৰ্মীসকল সন্দিহান আৰু বিতুষ্ট বুলি কৈ ঘন কান্ত চুতীয়াই দলৰ মাজত সৃষ্টি হোৱা ক্ষোভ অসন্তুষ্টিৰ বাবে দলৰ নিষ্ঠাবান কৰ্মীসকলে তৃণমূলৰ প্ৰাৰ্থীগৰাকীৰ পক্ষ লোৱা বুলি কয়। বৃহৎ নদীবান্ধৰ বিৰোধিতা, ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগৰ প্ৰতিষ্ঠা, যুৱ প্ৰজন্মৰ স্থায়ী সংস্থাপন, শিক্ষা ব্যৱস্থাৰ আমূল পৰিবৰ্তন,ভূমিহাৰা খিলঞ্জীয়া পৰিয়ালক পুৰুষ পুৰুষ ধৰি দখল কৰি অহা মাটিৰ পট্টা প্ৰদান আদি বিভিন্ন লক্ষ্য বান্ধি নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি জানিবলৈ দি ঘন কান্ত চুতীয়াই তৃণমূলৰ প্ৰাৰ্থীগৰাকীৰ সবল উত্থানত গেৰুৱা প্ৰাৰ্থী প্ৰদান বৰুৱাৰ বুকু কঁপনি উঠা বুলি কয়।

ৰাইজে এইবাৰ হিতাধিকাৰী ৰাজনীতি উফৰাই ,প্ৰলোভনৰ ৰাজনীতি উৎখাত কৰাৰ সংকল্প লৈ অনাগত সময়ত বিকল্প প্ৰাৰ্থী হিচাবে তৃণমূলৰ প্ৰাৰ্থী চুতীয়াক জয়ী কৰাব বুলি প্ৰত্যয়েৰে জানিবলৈ দিয়ে।

বিশাল ৰেলীৰে তৃণমূলৰ প্ৰাৰ্থী ঘন চুতীয়াই দেখুৱালে শক্তি...
নিৰ্বাচনৰ প্ৰাকক্ষণত মাৰ্ঘেৰিটাত সেনাৰ ওপৰত আক্ৰমণঃ এজন জোৱান আহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in