নিৰ্বাচনৰ প্ৰাকক্ষণত মাৰ্ঘেৰিটাত সেনাৰ ওপৰত আক্ৰমণঃ এজন জোৱান আহত...

হেলিকপ্টাৰৰ জৰিয়তে আহত সেনা জোৱানক উদ্ধাৰ
নিৰ্বাচনৰ প্ৰাকক্ষণত মাৰ্ঘেৰিটাত সেনাৰ ওপৰত আক্ৰমণঃ এজন জোৱান আহত...
নিৰ্বাচনৰ প্ৰাকক্ষণত মাৰ্ঘেৰিটাত সেনাৰ ওপৰত আক্ৰমণঃ এজন জোৱান আহত...

ডিজিটেল ডেস্কঃ ৰাজ্যজুৰি ৰঙালী বিহুৰ উন্মাদনা আৰু লোকসভা নিৰ্বাচনৰ তীব্ৰ বতাহ বলি থকাৰ মাজতে মঙ্গলবাৰে পুৱা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আছাম ৰাইফলছৰ বাহনত ভয়ংকৰ এম্বুছ কৰে উগ্ৰপন্থী সংগঠনে। মাৰ্ঘেৰিটাৰ চাংলাং পথৰ নামদাঙত সংঘটিত হয় এই এম্বুছ।

তাৎপৰ্যপূৰ্ণভাৱে এনে এটা দিনত এই আক্ৰমণ সংঘটিত কৰিলে যে এই দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে। প্ৰধানমন্ত্ৰীৰ আগমণৰ পূৰ্বে পুৱা সংঘটিত হোৱা এই আক্ৰমণে বহু প্ৰশ্ন উত্থাপন কৰিছে।

বিশেষকৈ ১৯ এপ্ৰিলৰ প্ৰথম পৰ্যয়াৰ ভোটগ্ৰহণ হ'বলগীয়া অসমৰ পাঁচোটা সমষ্টিতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। তাৰ মাজতো এনে আক্ৰমণ সংঘটিত হোৱা বিষয়টো নিশ্চয়কৈ চিন্তনীয়।

পুৱা প্ৰায় ৮ বজাত সংঘটিত হোৱা এই এম্বুছত এগৰাকী আছাম ৰাইফলছৰ জোৱান আহত হোৱাৰ খবৰ পোৱা গৈছে।জানিব পৰা মতে আছাম ৰাইফলছৰ দলটোৱে তহলদি উভতি অহাৰ সময়তে প্ৰথমে তেওঁলোকৰ বাহনলৈ গ্ৰেণেড নিক্ষেপ কৰা হয়। ইয়াৰ পিছতে দুয়ো পক্ষৰ মাজত গুলীয়াগুলী সংঘটিত হয়।

এই অতৰ্কিত আক্ৰমণৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীলৈ সেনা বাহিনীয়ে হেলিকপ্টাৰ প্ৰেৰণ কৰে আৰু আহত জোৱানজনক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰা হয়। ইফালে আক্ৰমণকাৰী সন্ত্ৰাসবাদী গোটটোৰ সন্ধানত সমগ্ৰ অঞ্চলটোত তীব্ৰ অভিযান আৰম্ভ কৰিছে।

এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোৰ লোকসকল আতংকিত হৈ পৰিছে।স্থানীয় আৰক্ষীৰ লগতে সেনা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি অভিযান অব্যাহত ৰাখিছে। ইফালে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)য়ে। সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে এই আক্ৰমণ তেওঁলোকৰ প্ৰতিশোধমূলক আক্ৰমণ বুলি দাবী কৰিছে। তেওঁলোকে এই আক্ৰমণক লেফটেনেণ্ট জ্ঞান অসম, চাৰ্জেণ্ট মেজৰ ইয়াঙ্খু অসম আৰু লেফটেনেণ্ট উদয় অসমৰ নামত এই প্ৰতিশোধমূলক আক্ৰমণ বুলি এক বিবৃতিত দাবী কৰিছে।

নিৰ্বাচনৰ প্ৰাকক্ষণত মাৰ্ঘেৰিটাত সেনাৰ ওপৰত আক্ৰমণঃ এজন জোৱান আহত...
১৯ এপ্ৰিলত মেঘালয়ত নিৰ্বাচনঃ গুৱাহাটীত ড্ৰাই ডে' ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in