/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/7e8f4a32-1c54-4bcc-a387-faa41ee81ed3/juria.jpg)
ৰূপহীহাটৰ জুৰীয়াত ৩০ মৃত ব্যক্তি আহিল ভোট দিবলৈ...
ডিজিটেল সংবাদ নগাওঁ: অসম দেশৰ বিসম কথা, মৃত মানুহো আহিল নগাওঁ লোকসভা সমষ্টিত ভোটদান কৰিবলৈ। আচৰিত হ’লেও এয়াই সত্য। অসমকে ধৰি দেশৰ মুঠ ১৩ খন ৰাজ্যত আজি অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। এই দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে চৰ্চালৈ আহিছে নগাওঁ লোকসভা সমষ্টিৰ অন্তৰ্গত ৰূপহীহাট বিধাসভা সমষ্টিৰ জুৰীয়াৰ এখন গাওঁ।
এই গাওঁখনৰ ৩০ গৰাকীকৈ মৃত লোক আজি আহিল ভোটকেন্দ্ৰত ভোটদান কৰিবলৈ। ইয়াৰ পিছতে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া। জুৰীয়াৰ কদমণি পথাৰ আৰু নিজ জুৰীয়া গাঁৱৰ এই লোকসকলে ভোট দিবলৈ আহি ভোটকেন্দ্ৰত থকা ভোটাৰ তালিকাত দেখে তেওঁলোকক ভোটাৰ তালিকাত মৃত বুলি উল্লেখ কৰা আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/fd805ae8-afe4-4d7b-bc6e-124460cfd9f0/juria_2.png)
ফলত এই লোকসকলে ভোটদান কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হয়। কিন্তু ইয়াৰ পিছতে প্ৰশ্ন উত্থাপন হয় কাৰ ষড়যন্ত্ৰৰ বলি হ'ল এই লোকসকল? কাৰ ভুলৰ বাবে এই লোকসকলে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহিও সেই অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল?
এই সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া গাওঁ দুখনৰ দুজন লোকে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। তেওঁলোক অভিযোগ কৰিছে দুয়োখন গাঁৱৰ প্ৰায় ৩০ জন লোকে আজি ভোট দিবলৈ গৈয়ো ভোট নিদিয়াকৈ ঘূৰি আহিবলগীয়া হ'ল। কিয়নো ভোটাৰ তালিকাত তেওঁলোকক মৃত বুলি ঘোষণা কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/89d1a402-02c3-4d94-856e-01353bf22716/juria_1.jpg)
এই ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি জুৰীয়া আৰক্ষী থানাত ৫৬ নং ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত বগৰীগুৰী গাওঁপঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ বি এল অ'ৰ বিৰুদ্ধে গোচৰ তৰিছে। এজাহাৰখনত বি এল অ'গৰাকীৰ ভুলৰ বাবেই ভোটধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া বুলি উল্লেখ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/cea88c71-f8b1-49de-8bf3-61c7aa5e76bc/32735251_aff8_4ab9_96dc_c98e46175928.jpg)