/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/98c89829-635b-46fd-bf25-8713ecce066b/AP_FOR_WEB_nota_.jpg)
NOTA ৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে জাৰি কৰিলে জাননীঃ মহাৰাষ্ট্ৰ, হাৰিয়ানা, পুডুচেৰীয়ে লৈছে সিদ্ধান্ত...
ডিজিটেল ডেস্কঃ NOTA- ইভিএমত কোনো এটা সমষ্টিত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলৰ নামৰ সৈতে থকা এটা নিৰ্দিষ্ট বুটাম। ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গৈ একাংশই এই NOTA ক এক বিকল্প হিচাপে বাচি লয়। বহুতেই আকৌ NOTA ত ভোট দিয়া লৈ প্ৰশ্ন উত্থাপন কৰে। NOTA ক কেন্দ্ৰ কৰি যোৱা সময়ছোৱাত বহু বিতৰ্কৰ সূত্ৰপাত হৈছে। কিন্তু তাৰ পিছতো NOTA ক লৈ এক নিৰ্দিষ্ট স্থিতি এতিয়াও প্ৰকাশ হোৱা নাই।
দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে এই NOTAক লৈ উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগলৈ জাৰি কৰিছে এক বিশেষ জাননী। উচ্চতম ন্যায়ালয়ত দাখিল হোৱা এক পি আই এলৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে জাৰি কৰা এই জাননীত গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়া হৈছে।
ন্যায়ালয়ে নিৰ্বাচন আয়োগক NOTA সম্পৰ্কীয় এক নিয়ম তৈয়াৰ কৰিবলৈ জাননীখনত উল্লেখ কৰিছে। জাননীখনত কোৱা হৈছে যদিহে NOTA ই সংখ্যাগৰিষ্ঠতা লাভ কৰে তেন্তে কি পদক্ষেপ গ্ৰহণ কৰিব সেই সন্দৰ্ভত নিয়ম তৈয়াৰ কৰিব লাগে।
উচ্চতম ন্যায়ালয়ত দাখিল হোৱা আবেদনখনত কোৱা হৈছে যদিহে কোনো এটা সমষ্টিতল NOTA ই সংখ্যাগৰিষ্ঠতা লাভ কৰে তেন্তে সেই সমষ্টিৰ নিৰ্বাচন বাতিল কৰি পুনৰ নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। উল্লেখ্য এই NOTA সম্পৰ্কীয় পি আই এল দাখিল কৰিছে শিৱ খেড়া নামৰ এজন ব্যক্তিয়ে আৰু তেওঁৰ হৈ উচ্চতম ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰে অধিবক্তা গোপাল শংকৰনাৰায়নে।
গোচৰটোৰ শুনানি প্ৰদান গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে। এই আবেদনখনত লগতে চলিত লোকসভা নিৰ্বাচনত চুৰাট লোকসভা সমষ্টিত কিদৰে বিজেপিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে সেই বিষয়েও উল্লেখ কৰা হৈছে।
গোচৰটোৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয়, ন্যায়ালয়ে এই সন্দৰ্ভত জাননী জাৰি কৰিব। কিয়নো এই বিষয়টো নিৰ্বাচনী প্ৰক্ৰিয়াৰে জড়িত। ইফালে আবেদনখনত এইটোও দাবী কৰা হৈছে যে, যদিহে কোনো এজন প্ৰাৰ্থীয়ে NOTA তকৈ কম ভোট লাভ কৰে তেন্তে তেওঁক আগন্তুক ৫ বছৰলৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰা বাৰন কৰিব লাগে।
আবেদনখনত দাবী কৰা হৈছে যে, NOTAৰ ৰূপত আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন মহাৰাষ্ট্ৰ, হাৰিয়ানা, দিল্লী, পুডুচেৰীত দেখা গৈছে। এই ৰাজ্য কেইখনৰ ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যদি কোনো নিৰ্বাচনত NOTA বিজয়ী হয় অৰ্থাৎ NOTA ত সৰ্বাধিক ভোট পৰে তেন্তে তাত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত হ’ব।
এই ৰাজ্য কেইখনত NOTAক এক কাল্পনিক প্ৰাৰ্থী হিচাপে ধৰি লোৱা হৈছে। ৰাজ্য কেইখনৰ নিৰ্বাচন আয়োগে এক অধিসূচনাত কৈছে, যদি NOTAই সৰ্বাধিক ভোট লাভ কৰে তেন্তে দ্বিতীয় স্থানত থকা প্ৰাৰ্থীগৰাকীক বিজয়ী ঘোষণা কৰাতো NOTAৰ উদ্দেশ্যক উলংঘন কৰা।
উচ্চতম ন্যায়ালয়ত দাখিল হোৱা পি আই এলখনত কোৱা হৈছে যে উচ্চতম ন্যায়ালয়ে আশা কৰিছিল NOTA ৰ সংযোজনে নিৰ্বাচনত ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধি কৰিব। কিন্তু তেনে হোৱা দেখা নাই। এই উদ্দেশ্য সফল হ'বলৈ মহাৰাষ্ট্ৰ, হাৰিয়ানা, দিল্লী, পুডুচেৰীৰ দৰে ৰাজ্যিক নিৰ্বাচন আয়োগে লোৱা প্ৰচেষ্টাক দেশৰ নিৰ্বাচন আয়োগেও কাৰ্যকৰী কৰিব লাগিব।