চাকিৰা আহিব অনন্ত-ৰাধিকাৰ ছেকেণ্ড প্ৰি ৱেডিঙলৈ...

ভাৰতীয়ৰ পৰা বিদেশী তাৰকাই ভাগ ল'ব ছেকেণ্ড প্ৰি ৱেডিঙত..
চাকিৰা আহিব অনন্ত-ৰাধিকাৰ ছেকেণ্ড প্ৰি ৱেডিঙলৈ...

ডিজিটেল ডেস্কঃ সকলোৰে মুখে মুখে এখন বিয়াৰ কথা। অনন্ত অম্বানী আৰু ৰাধিকা মাৰচেন্টৰ প্ৰথম প্ৰি ৱেডিং অনুষ্ঠান সমূহৰ উৎসাহ মাৰ নৌযাঁওতেই, পৰিয়ালটোৱে আৰম্ভ কৰিছে দ্বিতীয় প্ৰি ৱেডিং অনুষ্ঠান। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব হলীউডৰ সংগীত শিল্পী চাকিৰাই।

ইটালীৰ এখন ক্ৰুজত অতি জাকজমকতাৰ মাজেৰে বুধবাৰৰ পৰা প্ৰি ৱেডিং অনুষ্ঠান আৰম্ভ কৰিছে অম্বানী পৰিয়ালে। এই অনুষ্ঠানটোত ভাৰতীয়ৰ পৰা বিদেশী তাৰকাই ভাগ ল'ব। বলীউডৰ পৰা হলীউডৰ তাৰকাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উল্লেখ্য যে, এই মেগা অনুষ্ঠানটো ৪ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে। ৪ দিনে বেলেগ বেলেগ থিম পাৰ্টী পৰিকল্পনা কৰা হৈছে।

২৯ মে’: পালেৰেমেক পৰ

বিষয়বস্তু: আদৰণি দুপৰীয়াৰ আহাৰ

ড্ৰেছ কোড: ক্লাছিক ক্ৰুজ

অতিথি অহাৰ পিছত বিশেষ ভাবে আদৰণি জনাই দুপৰীয়াৰ আহাৰৰ আয়োজন কৰা হৈছে।

২৯ মে’ : সাগৰত জাহাজত উঠি

বিষয়বস্তু: ষ্ট'ৰী নাইট

ড্ৰেছ কোড: পশ্চিমীয়া ফৰ্মেল সাজ

ষ্টাৰ গেজিঙৰ বাবে ষ্ট'ৰী নাইট থিম পাৰ্টিৰ আয়োজন কৰা হৈছে। এই থিম পাৰ্টিত মানুহে ক্ৰুজত খাদ্য-পানীয়ৰ সোৱাদ লৈ সংগীতৰ তালে তালে আকাশত তৰা চাব।

৩০ মে’ : ৰোমৰ মাটিত

বিষয়বস্তু: ৰোমান হ'লিডে

ড্ৰেছ কোড: পৰ্যটক ছিক এটেয়াৰ

আম্বানী পৰিয়ালৰ লগতে তেওঁলোকৰ অতিথিসকলে ৰোমত আনন্দ উল্লাস কৰিব। গোটেই পৰিয়ালটোৱে অতিথিজনক লৈ যাব ৰোম ভ্ৰমণলৈ। য'ত সকলোৱে পৰ্যটকৰ দৰে সাজ-পোছাক পৰিধান কৰিব।

৩০ মে’: জাহাজত

থিম: লা ডলচে ফাৰ নিয়েণ্টে

ড্ৰেছ কোড: ৰেট্ৰ'

‘লা ডলচে ফাৰ নিয়েণ্টে’ৰ অৰ্থ হ’ল একো নকৰি আৰাম কৰা। গতিকে এই বিশেষ অনুষ্ঠানত মানুহে জিৰণি লোৱাৰ সুযোগ পাব। সকলোকে ৰেট্ৰ’ লুকত জাহাজত জিৰণি কৰা দেখা যাব।

৩০ মে’ : টোগা পাৰ্টি

টোগা পাৰ্টি গ্ৰীক আৰু ৰোমান প্ৰথাৰ অংশ। ইয়াত পিন্ধা কাপোৰবোৰ অতি বিশেষ। আচলতে পিন্ধা কাপোৰবোৰলৈ চাই এনে লাগে যেন বিচনাৰ চাদৰেৰে তৈয়াৰ কৰা হৈছে। সম্পূৰ্ণ 'এ ৰোমান হলিডে' থিম।

LINDA ROBERTSON

৩১ মে’: জাহাজত

বিষয়বস্তু: ৱি টাৰনচ ওৱান আনদাৰ দা চান

ড্ৰেছ কোড: প্লেফুল

এই পাৰ্টিটোও হ’ব একেবাৰে বেলেগ থিম পাৰ্টি। ইয়াত মানুহক চঞ্চল ৰূপত দেখা যাব।

৩১ মে’ : কানছৰ মাটিত

বিষয়বস্তু: লে মাস্কেৰেড

ড্ৰেছ কোড: ব্লেক দ্য মাস্কেৰেড

এই থিম পাৰ্টিত সকলোৱে ফেচ মাস্ক পিন্ধা দেখা যাব, অৰ্থাৎ এই পাৰ্টিত মানুহৰ মুখ দেখা নাপাব।

৩১ মে’: জাহাজত

থিম: পাৰ্ডেন মাই ফ্ৰেন্স (আফটাৰ পাৰ্টি)

সকলো পাৰ্টিৰ পিছত আফটাৰ পাৰ্টিৰো আয়োজন কৰা হৈছে। এই আফটাৰ পাৰ্টিত মানুহে নাচি গান গোৱা দেখা যাব।

১ জুন: পৰ্টোফিনোৰ মাটিত

বিষয়বস্তু: লা ডলচে ভিটা

ড্ৰেছ কোড: ইটালীয়ন চামাৰ

ইটালীৰ গ্ৰীষ্মকালীন ড্ৰেছ কোডত ‘লা ডলচে ভিটা’ থিমেৰে অনুষ্ঠিত হ’ব শেষ উদযাপন। লা ডলচে ভিটা মানে সুখী জীৱন। এই অনুষ্ঠানত মানুহে দম্পতীহালক সুখী জীৱনৰ বাবে অভিনন্দন জনাব।

চাকিৰা আহিব অনন্ত-ৰাধিকাৰ ছেকেণ্ড প্ৰি ৱেডিঙলৈ...
বাঢ়নী পানীয়ে ধৰিব ভয়ংকৰ ৰূপ! খানদং বান্ধৰ ৭ খনকৈ শ্লুইচ গেট মুকলি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in