লোকসভা নিৰ্বাচন খেলিবলৈ সাজু কোন, কোন...

লোকসভা নিৰ্বাচন খেলিবলৈ সাজু কোন, কোন...

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচনত অসমৰ প্ৰেক্ষাপট কি? বহু সংসদীয় সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছে নতুন বিধানসভা। জনগাঁঠনি আৰু ভৌগালিক পৰিবৰ্তনো হৈছে সমষ্টিবোৰত।এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ নিৰ্বাচন কেন্দ্ৰিক প্ৰতিবেদনৰ দ্বিতীয়খন প্ৰতিবেদন-

কোনো ৰাজনৈতিক দলেই চূড়ান্ত কৰা নাই তেওঁলোকৰ প্ৰাৰ্থীৰ নাম। অৱশ্যে চৰ্চাত আছে বহু নেতাৰ নাম। ভিতৰি ভিতৰি প্ৰস্তুতি চলিছে লোকসভা নিৰ্বাচনৰ। অসমত শাসকীয় বিজেপিৰ কেইবাজনো বৰ্তমানৰ সাংসদে লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব নাপাব বুলি আশংকা কৰা হৈছে।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ঘাত-প্ৰতিঘাতৰ অন্তত পুনৰ তৎপৰ হৈছে 'ইণ্ডিয়া'। মিত্ৰজোট ইণ্ডিয়াৰ দলসমূহৰ মাজত আসন বুজা-বুজিও এক চূড়ান্ত পৰ্যায়লৈ আহিছে। বিশেষকৈ দিল্লী, গোৱা, চণ্ডীগড়, হাৰিয়ানা আৰু গুজৰাটত আপ, কংগ্ৰেছৰ মাজত সেই সংঘাত আঁতৰিছে।

অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত পূৰ্বৰ ১০ টা বিধানসভা সমষ্টিৰ কেইবাটাও বিলুপ্ত আৰু আন কেইবাটাও সীমা সলনি হৈছে। নতুনকৈ গঠন কৰা হৈছে পশ্চিম গোৱালপাৰা, দুধনৈ, চমৰীয়া, বকো, ছয়গাঁও, পলাশবাৰী, দিছপুৰ,ডিমৰীয়া, গুৱাহাটী চেন্ট্ৰেল আৰু জালুকবাৰী সমষ্টি।

এতিয়ালৈকে এই সমষ্টিটোত বিজেপিয়ে কাক প্ৰাৰ্থী দিয়ে সেয়া চূড়ান্ত কৰা নাই। মাজতে এই সাংসদীয় সমষ্টিটোৰ পৰা সদ্য অৱসৰ প্ৰাপ্ত সেনা বিষয়া ৰানা প্ৰতাপ কলিতাই নিৰ্বাচন খেলিব বুলি চৰ্চা হৈছিল। কিন্তু কলিতাৰ এক সূত্ৰ মতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো সম্ভাৱণা নাই।

আপে ইতিমধ্যে ৰাজ্যৰ ১৪ টা সমষ্টিৰ ভিতৰত ৩টাত প্ৰাৰ্থী দিয়াতো নিশ্চিত কৰিছে।সেই অনুসৰি অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে মনোজ ধানোৱাৰ, গুৱাহাটী লোকসভা সমষ্টিৰ বাবে ভবেন চৌধুৰী আৰু শোনিতপুৰ লোকসভা সমষ্টিৰ বাবে ঋষিৰাজ কৌদিন্যৰ নাম চূড়ান্ত কৰিছে।

ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী পক্ষৰ প্ৰাৰ্থী হিচাপে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। সমষ্টিটোত তেওঁৰ প্ৰতিদ্বন্দ্বী হ'ব পাৰে ৰাজ্যসভাৰ সাংসদ তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোনোৱাল।

বৰ্তমান তেজপুৰ সমষ্টিৰ বিজেপিৰ পল্লৱলোচন দাসক এইবাৰ টিকট দিয়াৰ সম্ভাৱণা ক্ষীণ। দাসক ৰাজ্যসভা বা বিধানসভালৈ নিৰ্বাচিত কৰি পৰৱৰ্তী বিজেপিৰ সভাপতি হিচাপেও প্ৰক্ষেপ কৰাৰ চিন্তা-চৰ্চা কৰিছে বিজেপিৰ নেতৃত্বই।

এইবাৰ বিজেপিৰ সাংসদ ৰাজদীপ ৰয়, কৃপানাল মাল্লা, হৰেন সিং বে, পল্লৱলোচন দাস, কুইন ওজাই প্ৰাৰ্থীত্ব হেৰুৱাব। মন্ত্ৰী পৰিমল শুক্লবৈদ্যক শিলচৰৰ পৰা, ৰঞ্জিত দত্তক শোনিতপুৰৰ পৰা প্ৰাৰ্থীত্ব দিব পাৰে বিজেপিয়ে।

পুৰণি বিজেপি ৰমেন ডেকাও এইবাৰ বিজেপিৰ অন্যতম প্ৰাৰ্থীত্বৰ দাবীদাৰ। পূৰ্বৰ মঙলদৈ আৰু বৰ্তমানৰ দৰং, ওদালগুৰি সমষ্টিত প্ৰাৰ্থীত্ব বিচাৰিছে ডেকাই। কোকৰাঝাৰ সমষ্টিতো বিজেপিয়ে ইউপিপিএলক এৰি দিয়াতো চূড়ান্ত কৰিছে। বৰপেটা আৰু ধুবুৰী এই দুই লোকসভা সমষ্টি অগপক এৰি দিব পাৰে বিজেপিয়ে। অৱশ্যে বৰপেটাত বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা বিজেপিৰ অন্যতম শক্তিশালী দাবীদাৰ।

পূৰ্বৰ কলিয়াবৰ বৰ্তমান কাজিৰঙা লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছে ৰোজলিনা টিৰ্কিক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ একপ্ৰকাৰ চূড়ান্ত সিদ্ধান্ত লৈছে। অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত ডিফুৰ লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ হৰেন সিং বেৰ বিপৰীতে বিজেপিয়ে অমৰ সিং কিশোৰ বা সূৰ্য ৰাংফাক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ কথা চিন্তা কৰিছে।

কাজিৰঙা লোকসভা সমষ্টিৰ বাবে শাসকীয় বিজেপিৰ প্ৰাৰ্থী হ'ব পাৰে বৰ্তমান ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা। এতিয়ালৈকে কোনো এটা ৰাজনৈতিক দলেই সেই সিদ্ধান্ত চূড়ান্ত কৰা নাই।

প্ৰাৰ্থীত্ব প্ৰদানৰ ক্ষেত্ৰত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে দিল্লীত কেইবালানি আলোচনাত ইতিমধ্যে বহিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। দলটোৰ ৰাষ্ট্ৰীয় সভাপতি ডেপি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও এই সন্দৰ্ভত আলোচনা কৰিছে ড০ শৰ্মাই।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাইও প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰি দিল্লীত বাহৰ পাতিছে। এঝনৰ পাছত আনজনকৈ দলটোৰ বিধায়কে মুখ্যমন্ত্ৰীক সমৰ্থন কৰি দলৰ ভিতৰতে এক অস্থিৰ ৰাজনৈতিক পৰিবেশ সৃষ্টি কৰিছে। সেই অস্থিৰতাৰ মাজতেই বৰপেটাত ৰকিবুল হুচেইনক কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে থিয় কৰাব বুলি প্ৰচাৰ চলাত দলটোৰে সাংসদ আব্দুল খালেক হৈ পৰে।

এনে ৰাজনৈতিক পৰিবেশ আৰু পৰিস্থিতি ৰকিবুল হুচেইনে বৰপেটাৰ পৰা কোনো কাৰণতে তেওঁ নিৰ্বাচন নেখেলে বুলি সংবাদ মাধ্যমযোগে স্পষ্টীকৰণ দিব লগা হয়। নগাঁও কংগ্ৰেছে বৰ্তমানৰ সাংসদ প্ৰদ্যত বৰদলৈৰ ঠাইত গৌৰৱ গগৈক প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি আলোচনা চলিছে। পূৰ্বতে কলিয়াবৰ সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল গৌৰৱ গগৈ।

এই সন্দৰ্ভত ছবিখন স্পষ্ট হবলৈ আৰু কিছু দিন অপেক্ষা কৰিব লাগিব। প্ৰাৰ্থীত্বৰ এই যুঁজত বিজেপিৰ কেইবাজনো নতুন প্ৰজন্মৰ যুৱ নেতাৰ নাম চৰ্চাত আছে।

লোকসভা নিৰ্বাচন খেলিবলৈ সাজু কোন, কোন...
কোন ৰাজ্যত কাৰ চৰকাৰ, কোন দিশে বলিছে লোকসভা নিৰ্বাচনৰ বতাহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in