পৰাজয়ৰ দিশে স্মৃতি ইৰাণীঃ প্ৰিয়ংকা গান্ধীয়ে কৰিলে টুইট...

দুয়োখন আসনতে আগবাঢ়িছে ৰাহুল গান্ধী
পৰাজয়ৰ দিশে স্মৃতি ইৰাণীঃ প্ৰিয়ংকা গান্ধীয়ে কৰিলে টুইট...
পৰাজয়ৰ দিশে স্মৃতি ইৰাণীঃ প্ৰিয়ংকা গান্ধীয়ে কৰিলে টুইট...

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ এসময়ৰ কংগ্ৰেছৰ দূৰ্গ স্বৰূপ আমেঠি সমষ্টি ২০১৯ ত কংগ্ৰেছে হেৰুৱাইছিল যদিও এইবাৰ লোকসভা এই সমষ্টি কংগ্ৰেছে পুনৰুদ্ধাৰ কৰিবলৈ আগবাঢ়িছে। সমষ্টিটোত বিজেপি প্ৰাৰ্থী তথা সাংসদ স্মৃতি ইৰাণী কংগ্ৰেথ প্ৰাৰ্থী কিশোৰী লালৰ হাতত ১ লাখ ২৪ হাজাৰৰো অধিক ভোটত পিছপৰি আছে। এনে সময়তে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে এক্স হেণ্ডেলত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

প্ৰিয়ংকা গান্ধীয়ে এক্সত লিখিছে-"কিশোৰী ভাইয়া, মোৰ কেতিয়াও কোনো সন্দেহ নাছিল, মই আৰম্ভণিৰে পৰা নিশ্চিত আছিলোঁ যে আপুনি জিকিব। আমেঠিৰ মোৰ মৰমৰ ভাই-ভনীসকলক  আৰু আপোনা আন্তৰিক শুভেচ্ছা জনাইছো। মন কৰিবলগীয়া যে এই সমষ্টিত কংগ্ৰেছে প্ৰিয়ংকা গান্ধীক প্ৰক্ষেপ কৰিব বুলিও খবৰ আহিছিল। কংগ্ৰেছ কৰ্মীয়ে তেওঁক ইয়াত প্ৰতিদ্বন্দিতা কৰাটো বিচাৰিছিল।

উল্লেখ্য ২০১৯ ত এই আসনত স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। এইবাৰ এই আসনত ৰাহুল গান্ধীৰ পৰিৱৰ্তে কিশোৰী লালক টিকট প্ৰদান কৰা হয়। ৰাহুল গান্ধীয়ে তেওঁৰ ৱায়নাড সমষ্টিৰ উপৰিও ৰায়বেৰলীত প্ৰতিদ্বন্দিতা আগবঢ়াইছে। তেওঁ দুয়োখন আসনতে আগবাঢ়ি আছে।

পৰাজয়ৰ দিশে স্মৃতি ইৰাণীঃ প্ৰিয়ংকা গান্ধীয়ে কৰিলে টুইট...
কোন ৰাজ্যত আগবাঢ়িছে কোন কোন: সবিশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in