কোন ৰাজ্যত আগবাঢ়িছে কোন কোন: সবিশেষ...

নিৰ্বাচন আয়োগৰ তথ্য
কোন ৰাজ্যত আগবাঢ়িছে কোন কোন: সবিশেষ...
কোন ৰাজ্যত আগবাঢ়িছে কোন কোন: সবিশেষ...

ডিজিটেল ডেস্কঃ দেশৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১ বজালৈকে ঘোষিত ফলাফল অনুসৰি এন ডি এ ২৯৬ খন আসনত, এন ডি এ ২৩০ খন আসনত আৰু অন্যান্য ১৭ খন আসনত আগবাঢ়ি আছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশত হেভিৱেইট প্ৰাৰ্থীসকলৰ ভিতৰত বাৰণাসী সমষ্টিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰায়বেৰলীত কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধী, আমেঠিত স্মৃতি ইৰাণীক পিছ পেলাই কংগ্ৰেছৰ কিশোৰী লাল, কনৌজত অখিলেশ সিং যাদৱ আগবাঢ়ি আছে।

জম্মু কাশ্মীৰৰ অনন্ত নাগ-ৰাজৌৰী সমষ্টিত পিডিপিৰ নেত্ৰী তথা মুখ্যমন্ত্ৰী মেহবুবা মুফতিতকৈ আগত আছে জে কে এনৰ প্ৰাৰ্থী মিঞা অলতাফ আহমেদ। সেইদৰেই বাৰমুলা আসনখনত পূৰ্বৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুলা পিছ পৰি আছে। এই সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ৰাছিদ শ্বেইখ আগবাঢ়ি আছে।

বিহাৰৰ মুঠ ৪০ খন আসনৰ ভিতৰত ১৫ খন আসনত আগবাঢ়ি আছে জে ডি ইউ। ১১ খন আসনত আগবাঢ়ি আছে বিজেপি। আৰ জি ডি আগবাঢ়ি আছে মাত্ৰ ৪ খন আসনত।ইয়াত হাজিপুৰ সমষ্টিত জনশক্তি পাৰ্টি (ৰাম বিলাস)ৰ চিৰাগ পাছোৱান, পাটনা ছাহিবত ৰবি শংকৰ আগবাঢ়ি আছে।

উৰিষ্যাত ১৭ খন আসনত বিজেপি আগবাঢ়ি আছে। ৩ খন আসনত আগবাঢ়ি আছে বিজেডি। ইয়াত পুৰি সমষ্টিত বিজেপি প্ৰাৰ্থী সম্বিত পাত্ৰ আগবাঢ়ি আছে। সম্বলপুৰত ধৰ্মেন্দ্ৰ প্ৰধান আগবাঢ়ি আছে।

পশ্চিম বংগৰ ৪২ খন আসনৰ ভিতৰত ২৯ খন আসনতে আগবাঢ়ি আছে তৃণমূল কংগ্ৰেছ। ইয়াত ১২ খন আসনত আগবাঢ়ি আছে বিজেপি আৰু এখনকৈ আসনত আগবাঢ়ি আছে কংগ্ৰেছ আৰু চি পি আই এম।  

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ভিতৰত মণিপুৰৰ দুয়োখন আসনতে আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী। মেঘালয়ৰ দুয়োখন আসনৰ ভিতৰত এখন আসনত ভয়ছ অফ পিপলছ পাৰ্টিৰ প্ৰাৰ্থী আৰু এখন আসনত কংগ্ৰেছ প্ৰাৰ্থী আগবাঢ়ি আছে। প্ৰত্যাশিতভাৱে অৰুণাচলৰ দুয়োখন আসনত আগবাঢ়িছে বিজেপি। ত্ৰিপুৰাতো একেই অৱস্থা। দুয়োখন আসনত আগবাঢ়িছে বিজেপি। মিজোৰামৰ একমাত্ৰ আসনখনত জোৰাম পিপলছ মোভমেণ্টৰ প্ৰাৰ্থীগৰাকী আগুৱাই আছে। নাগালেণ্ডত কংগ্ৰেছ প্ৰাৰ্থী আছে বহু আগত।

অসমৰ ১৪ খন আসনৰ ভিতৰত ৯ খনত বিজেপি, এখনত অগপ আৰু ৩ খন আসনত কংগ্ৰেছ প্ৰাৰ্থী আগবাঢ়ি আছে।

কোন ৰাজ্যত আগবাঢ়িছে কোন কোন: সবিশেষ...
যোৰহাট, নগাওঁ, ধুবুৰীত আগবাঢ়িছে কংগ্ৰেছঃ ১০ সমষ্টিত আগত আছে NDA ৰ প্ৰাৰ্থী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in