সময়ৰ পৰিহাসঃ এসময়ত 'ডাইনী' আখ্যা দিয়া কংগনাৰ হৈ চলাব লাগিব প্ৰচাৰ...

বিজেপিত যোগদান কৰাৰ পাছতে অভিনেতা শেখৰ সুমনৰ বাঢ়িল দায়িত্ব
সময়ৰ পৰিহাসঃ এসময়ত 'ডাইনী' আখ্যা দিয়া কংগনাৰ হৈ চলাব লাগিব প্ৰচাৰ...
সময়ৰ পৰিহাসঃ এসময়ত 'ডাইনী' আখ্যা দিয়া কংগনাৰ হৈ চলাব লাগিব প্ৰচাৰ...

ডিজিটেল ডেস্কঃ বলিউড অভিনেত্ৰী কংগনা ৰাণাৱট হেনো 'ডাইনী'। এই কথা আমি কোৱা নাই। তেওঁক কোনো বিৰোধী ৰাজনৈতিক দল বা প্ৰতিপক্ষৰ প্ৰাৰ্থীয়েও 'ডাইনী' আখ্যাৰে সমালোচনা কৰা নাই।

তেওঁক এসময়ত 'ডাইনী' আখ্যা দিছিল অভিনেতা শেখৰ সুমন আৰু তেওঁৰ পুত্ৰই। সেই 'ডাইনী' কংগনা ৰাণাৱটৰ হৈয়ে এতিয়া নিৰ্বাচনত প্ৰচাৰ চলাবলৈ সাজু হৈছে শেখৰ সুমন।

এসময়ত শেখৰ সুমনৰ পুত্ৰ অধ্যয়ন সুমনৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল কংগনাই। এই সম্পৰ্কক মানি লোৱা নাছিল শেখৰ সুমনে। কিছু দিনৰ সম্পৰ্কৰ পাছত যেতিয়া দুয়োৰে প্ৰেমত বিচ্ছেদ হৈছিল সেই সময়ত পিতৃ শেখৰ আৰু পুত্ৰ অধ্যয়নে কংগনাক আখ্যা দিছিল 'ডাইনী'।

সেইগৰাকী 'ডাইনী' কংগনা এইবাৰ হিমাচল প্ৰদেশৰ মান্দি লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী। আনহাতে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে দিল্লীত জেপি নড্ডাৰ উপস্থিতিত বিজেপিত যোগদান কৰিলে অভিনেতা, কমেডী শ্ব’ৰ বিচাৰক শেখৰ সুমনে।

ইয়াতেই সাংবাদিকৰ সৈতে মুখামুখী হৈছিল শেখৰ সুমন। তেওঁক সাংবাদিকে সুধিছিল পুত্ৰৰ প্ৰাক্তন প্ৰেমিকা কংগনা ৰাণাৱটৰ হৈ তেওঁ প্ৰচাৰ চলাবনে? এই প্ৰশ্নৰ উত্তৰত শেখৰ সুমনে ক'লে যদি মোক মাতে তেন্তে কিয় নাযাম? এয়া মোৰ কৰ্তব্য,  এয়া মোৰ অধিকাৰো।

'ৰাজ- দ্যা মিষ্ট্ৰি কণ্টিনিউজ' নামৰ ছবিখনত কংগনাৰ সৈতে অভিনয় কৰিছিল শেখৰ সুমনৰ পুত্ৰ অধ্যয়ন সুমনে। তাৰ পাছতেই দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি হৈ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। কিন্তু বৰ বেছিদিন এই সম্পৰ্ক ধৰি ৰাখিব নোৱাৰিলে দুয়োৱে।

এসময়ত অধ্যয়ন সুমনে মুকলিকৈয়ে এই সম্পৰ্ক সন্দৰ্ভত মুখ খুলিছিল। তেওঁ কৈছিল কংগনাৰ সৈতে সম্পৰ্কটো বৰ জটিল হৈ পৰিছিল। কংগনাই 'ডাইনী' বিদ্যা জানে। ক'লা যাদু কৰি তেওঁক হেনো বশ কৰি ৰাখিছিল কংগনাই।

এতিয়া সেয়া সকলো অতীত। যোৱা কিছু মাহৰ পৰা দুই পিতা-পুত্ৰ শেখৰ সুমন আৰু অধ্যয়ন সুমনৰ মুখত শুনা গৈছে কংগনা সন্দৰ্ভত প্ৰশংসা। বিজেপিত যোগদানৰ পূৰ্বে শেখৰ সুমনে কৈছিল যিসময়ত কংগনা আৰু তেওঁৰ পুত্ৰ অধ্যয়ন প্ৰেমৰ সম্পৰ্কত আছিল তেতিয়া দুয়ো সুখী আছিল। কিন্তু নিয়তিৰ সন্মুখত সকলো ক্ষুদ্ৰ। এতিয়া দুয়োজনেই বেলেগে বেলগে আছে যদিও ভালকৈয়ে আছে।

সময়ৰ পৰিহাসঃ এসময়ত 'ডাইনী' আখ্যা দিয়া কংগনাৰ হৈ চলাব লাগিব প্ৰচাৰ...
বজাৰৰ পৰা আষ্ট্ৰাজেনেকাই উঠাই নিছে কোভিশ্বিল্ডকে ধৰি সকলো ভেকচিন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in