নিৰ্বাচনৰ ফলাফলৰ প্ৰভাৱঃ হোৰাহোৰে হ্ৰাস পালে চেঞ্চেক্স, ২০ মিনিটত ২০ লাখ কোটিৰ লোকচান...

মূৰে কপালে হাত দিছে বিনিয়োগকাৰীয়ে
নিৰ্বাচনৰ ফলাফলৰ প্ৰভাৱঃ হোৰাহোৰে হ্ৰাস পালে চেঞ্চেক্স, ২০ মিনিটত ২০ লাখ কোটিৰ লোকচান...
নিৰ্বাচনৰ ফলাফলৰ প্ৰভাৱঃ হোৰাহোৰে হ্ৰাস পালে চেঞ্চেক্স, ২০ মিনিটত ২০ লাখ কোটিৰ লোকচান...

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হোৱাৰ পিছতে চেঞ্চেক্স হ্ৰাস পাইছে। সেইদৰেই নিফটি সূচকো হ্ৰাস পাইছে। ফলত বিনিয়োগকাৰীসকলে মূৰে কপালে হাত দিবলগীয়া এক পৰিৱেশৰ সূচনা হৈছে।

মঙ্গলবাৰে চেঞ্চেক্সত ৫ হাজাৰ পইণ্ট হ্ৰাস পাইছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰিয়েই দুপৰীয়া ১ বজালৈকে, এন ডি এয়ে ২৯২ খন আসনত আগবাঢ়ি আছে। সেইদৰে ইণ্ডিয়া ২৩৩ খন আসনত আগবাঢ়ি আছে। ফলত ইয়াৰ প্ৰভাৱ চেঞ্চক্সত পৰিছে।

মঙলবাৰে ১২:১৫ বজাত চেঞ্চেক্স ৬.৭১ শতাংশ হ্ৰাস পাইছে। ফলস্বৰূপে, চেঞ্চেক্সত ৫,৬০২ পইণ্ট হ্ৰাস হৈ ৭১,০০২ পইণ্টত উপনিত হৈছে। কোভিড পৰিস্থিতিৰ পাছত চেঞ্চেক্সত এনে পতন হোৱা নাছিল।

সেইদৰে দুপৰীয়া ১২:১৫ বজালৈকে, নিফটি ৬.৮৯ শতাংশ হ্ৰাস পাইছে। ই প্ৰায় ১,৬৩৪ পইণ্ট হ্ৰাস পাইছে। অন্তিমবাৰৰ বাবে ২০২০ চনৰ মাৰ্চত চেঞ্চেক্সৰ এনে পতন হৈছিল। মঙলবাৰে পুৱা ১০ বজাত চেঞ্চেক্স ২,০০০ পইণ্ট হ্ৰাস পায়।বিনিয়োগকাৰীসকলে মঙলবাৰে মাত্ৰ ২০ মিনিটতে ২০ লাখ কোটি টকা হেৰুৱাইছে।

মন কৰিবলগীয়া যে, সোমবাৰে শ্বেয়াৰ বজাৰত বহু উত্থান ঘটিছিল। ৭৬ হাজাৰৰ ঘৰত অন্ত পৰিছিল সোমবাৰৰ শ্বেয়াৰ মাৰ্কেটৰ দৌৰ। সেইদৰে নিফটিয়েও নজিৰ সৃষ্টি কৰি ২৩ হাজাৰৰ ঘৰত ভৰি থৈছিল।

যোৱা তিনি বছৰত এয়াই আছিল সৰ্বাধিক উত্থান। বিনিয়োগকাৰীসকলে ১৪ লাখ কোটি টকা সংগ্ৰহ কৰিছিল। বিনিয়োগকাৰী আৰু বিশেষজ্ঞসকলৰ এটা অংশই বিশ্বাস কৰে এক্সিট পোলৰ প্ৰভাৱৰ বাবে চেঞ্চেক্স আৰু নিফটি এইদৰে বৃদ্ধি পাইছিল।

নিৰ্বাচনৰ ফলাফলৰ প্ৰভাৱঃ হোৰাহোৰে হ্ৰাস পালে চেঞ্চেক্স, ২০ মিনিটত ২০ লাখ কোটিৰ লোকচান...
পৰাজয়ৰ দিশে স্মৃতি ইৰাণীঃ প্ৰিয়ংকা গান্ধীয়ে কৰিলে টুইট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in