প্ৰদ্যুত বৰদলৈ অকৰ্মণ্য সাংসদঃ বিধায়ক ৰূপক শৰ্মাৰ কটাক্ষ...

প্ৰদ্যুত বৰদলৈ অকৰ্মণ্য সাংসদঃ বিধায়ক ৰূপক শৰ্মাৰ কটাক্ষ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  ভাৰতীয় জনতা পাৰ্টি বটদ্ৰৱা মণ্ডলৰ উদোগত আজি ৯ নং নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। বটদ্ৰৱাৰ সৰুহিছা গাঁৱৰ মুকলি মঞ্চত অনুষ্ঠিত সভাৰ  আৰম্ভণিতে ভাষন প্ৰদান কৰি বিধায়ক ৰূপক শৰ্মাই তীব্ৰ কটাক্ষ কৰে নগাঁৱৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুত বৰদলৈক।

বিধায়ক শৰ্মাই কয় যে, - ‘প্ৰদ্যুত বৰদলৈ অকৰ্মণ্য সাংসদ। তেওঁৰ নগাঁৱত ঘৰেই নাই, তেওঁ নগাঁৱৰ চাৰ্কিট হাউছতে পাঁচ বছৰ কটালে’। ইফালে সাংবাদিক এক প্ৰশ্নৰ উত্তৰত ৰূপক শৰ্মাই -প্ৰদ্যুত বৰদলৈ expiry product বুলিও কটাক্ষ কৰে।  ৰাইজে তেওঁক প্ৰত্যাখ্যান কৰিছে। গতিকে এইবাৰ তেওঁ জয়ী কোনো পধ্যেই হব নোৱাৰে।

ইফালে নগাঁৱৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাইও কংগ্ৰেছ নগাঁৱত কোনো ফেক্টৰ নহয় বুলি মত প্ৰকাশ কৰে। সুৰেশ বৰাই কংগ্ৰেছক অগ্ৰাহ্য কৰি কয় যে,- মোৰ প্ৰতিদ্বন্দিতা এআইডিইউএফৰ লগত হ’ব। নগাঁৱত প্ৰদ্যুত বৰদলৈ কোনো ফেক্টৰ নহয়।‘

প্ৰদ্যুত বৰদলৈ অকৰ্মণ্য সাংসদঃ বিধায়ক ৰূপক শৰ্মাৰ কটাক্ষ...
পইচা বিলোৱা, মদৰ দোকান খোলাৰ বাহিৰে চৰকাৰৰ কোনো পলিচী নাইঃ গৌৰৱ গগৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in