পইচা বিলোৱা, মদৰ দোকান খোলাৰ বাহিৰে চৰকাৰৰ কোনো পলিচী নাইঃ গৌৰৱ গগৈ...

পইচা বিলোৱা, মদৰ দোকান খোলাৰ বাহিৰে চৰকাৰৰ কোনো পলিচী নাইঃ গৌৰৱ গগৈ...

ডিজিটেল ডেস্কঃ যোৰহাট লোকসভা সমষ্টিৰ প্ৰচাৰ তুংগত উঠিছে৷ তপন কুমাৰ গগৈৰ হৈ বিজেপিৰ প্ৰভাৱশালী নেতাই যোৰহাটত উবুৰি খাই পৰিছে৷ আনহাতে, কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিৰ নেতা-কৰ্মীক লৈয়ে যোৰহাটত তীব্ৰ প্ৰচাৰ আৰম্ভ কৰিছে৷ বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয়৷

মাজুলীত দুখনকৈ সভাত অংশ গ্ৰহণ কৰি বিয়লি গড়মূৰ মিনি ষ্টেডিয়ামত এখন প্ৰীতি ক্ৰিকেট খেলত অংশ লয়। ক্রিকেট খেলত অংশ গ্ৰহণ কৰি সাংবাদিকৰ আগত নিৰ্বাচনক এক খেল বুলি উল্লেখ কৰি আমি খুব আনন্দৰে এই খেল পাৰ কৰি যাম বুলি কয় গৌৰৱ গগৈয়ে। ৰাইজে আমাক ইমান মৰম, ইমান আদৰণি জনাইছে, আমি কষ্ট কৰিব লাগিব, কিন্তু আমি অতি সহজতে নিৰ্বাচনত জয়ী হৈ যাম বুলি উল্লেখ কৰে। গৌৰৱ গগৈ কয় যে আমি নিৰ্বাচনৰ প্ৰচাৰ মাজতো এখন খেল খেলিলো৷ ভাল লাগিল৷

আমাৰ কৰ্মী, স্থানীয় ল’ৰাবোৰৰ লগত যাতে আনন্দৰ বাতাবৰণ পাওঁ৷ খেলুৱৈসকলৰ সৈতে মতবিনিময় কৰাৰ বাবেই এই খেলত অংশ ললো৷ খেল এক গুৰুত্বপূৰ্ণ অংগ৷ বৰ্তমান ড্ৰাগছ আৰু এলকহলৰ যি সমস্যা হৈছে, এলকহলৰ সমস্যাৰ বাবে বিচ্ছেদৰ সমস্যাও বাঢ়ি গৈছে৷ আমি যদি ড্ৰাগছ আৰু এলকহলৰ পৰা বাচিব বিচাৰো তেনেহলে যুৱ প্ৰজন্মক খেলৰ লগতে উৎপাদনমুখী কামত লগাব লাগিব বুলি উল্লেখ কৰি আজি তাৰিখত আমি এইটো দেখা নাপাওঁ বুলি কয় গগৈয়ে৷ যুৱকক পইছা দি দিওঁ, বাইক দি দিওঁ, বস্তু খিনি সৎভাবে ব্যৱহাৰ হৈছেনে নাই সেইটো চোৱা নহয়।

এইখন চৰকাৰৰ যুৱ প্ৰজন্মৰ বাবে কোনো পলিছি নাই৷ এইখন চৰকাৰৰ পইছা বিলোৱা, মদৰ দোকান চাৰিওফালে খোলাৰ বাহিৰে আৰু একো নাই বুলি সাংবাদিকৰ আগত মন্তব্য দিয়ে গৌৰৱ গগৈয়ে৷ লগতে কয় যে যুৱসকলক লগত লৈ কাম কৰি আছো৷ গৌৰৱ গগৈ বৰমুকলিৰ এখন জনসভাত অংশ গ্ৰহণ কৰি মাজুলীৰ চৰকাৰী বিদ্যালয়-মহাবিদ্যালয়সমূহৰ অৱস্থা শোচনীয় বুলি মন্তব্য কৰি কয় যে ইতিমধ্যে ইয়াৰে কেইবাখনো বিদ্যালয় বন্ধ কৰি দিয়া হৈছে।

যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত বিপদত পৰিছে। আন্তঃগাঁথনি উন্নয়ন আৰু উন্নীতকৰণত গুৰুত্ব দিয়াটো জৰুৰীভাৱে প্ৰয়োজন। বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰাটোৱেই ইয়াৰ সমাধান নহয়। বিশেষকৈ অনুসূচিত জনজাতি, অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ অধিক জনসংখ্যা থকা অঞ্চলত বৰ্দ্ধিত পুঁজিৰ অনুদানৰ জৰিয়তে শিক্ষাৰ বাবে গুণগত আন্তঃগাঁথনি ব্যৱস্থাৰ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে।

পইচা বিলোৱা, মদৰ দোকান খোলাৰ বাহিৰে চৰকাৰৰ কোনো পলিচী নাইঃ গৌৰৱ গগৈ...
গোলাঘাটৰ জামুগুৰি চাহ বাগিছাত শ্ৰমিক বিদ্ৰোহ!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in