শক্তিহীন নে শক্তিশালী ৰণনীতি? মাত্ৰ ৩২০ খন আসনতহে প্ৰতিদ্বন্দিতা কংগ্ৰেছৰ...

অষ্টাদশ লোকসভা নিৰ্বাচনত আঞ্চলিক ৰাজনৈতিক দলৰ ভূমিকা হ'ব লক্ষ্যণীয়
শক্তিহীন নে শক্তিশালী ৰণনীতি? মাত্ৰ ৩২০ খন আসনতহে প্ৰতিদ্বন্দিতা কংগ্ৰেছৰ...
শক্তিহীন নে শক্তিশালী ৰণনীতি? মাত্ৰ ৩২০ খন আসনতহে প্ৰতিদ্বন্দিতা কংগ্ৰেছৰ...

ডিজিটেল ডেস্কঃ অষ্টাদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্ত পৰাৰ পাছত দেশজুৰি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰস্তুতি তীব্ৰ গতিত চলিলে। দেশজুৰি ৰাজনৈতিক দলসমূহে তীব্ৰ গতিত চলাই আছে প্ৰচাৰ অভিযান। তাৰ মাজতে চৰ্চালৈ আহিছে এক বিশেষ বিষয়।

দেশৰ ৰাজনীতিৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল তথা সৰ্বাধিক সময় শাসনত থকা কংগ্ৰেছ দলে এইবাৰ সাধাৰণ নিৰ্বাচনত আটাইতকৈ কম আসনত প্ৰতিদ্বন্দিতা কৰিছে। দলটোৱে এইবাৰ মুঠ ৫৪৩ খন আসনৰ ভিতৰত এতিয়ালৈকে ৩০১ খন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

দলোটোৱে এইবাৰ মুঠ প্ৰায় ৩২০ খন আসনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে। ইয়াকে লৈ এতিয়া চৰ্চা হৈছে কংগ্ৰেছে অত্যাধিক আসনত প্ৰতিদ্বন্দিতা কৰাৰ শক্তি হেৰুৱাইছে। দলটোৱে এককভাৱে প্ৰতিদ্বন্দিতা কৰাৰ ক্ষমতা হেৰুৱাইছে।

এনে চৰ্চাৰ মাজতে আকৌ আন একাংশৰ মতে কংগ্ৰেছে কৌশলগত কাৰণতে এইবাৰ ইমান কম সংখ্যক আসনত প্ৰতিদ্বন্দিতা কৰিছে। দৰাচলতে যোৱা ১০ টা বছৰত কংগ্ৰেছৰ সাংগঠনিক ভেঁটি যথেষ্ট দুৰ্বল হৈছে। দলটোৱে বুজি উঠিছে ভাৰতীয় জনতা পাৰ্টি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে তেওঁলোকে এককভাৱে জয়ী হোৱাৰ সম্ভাৱনা যথেষ্ট ক্ষীণ।

সেয়ে আন আন বিৰোধী ৰাজনৈতিক দলসমূহৰ লগতে আঞ্চলিক ৰাজনৈতিক দলসমূহৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰিবলগীয়া হৈছে। ৰাজনৈতিক বিশেষজ্ঞৰ মতে কংগ্ৰেছে সেয়ে এইবাৰ ত্যাগৰ ভাৱনাৰে ৰাজনৈতিক সমীকৰণ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে।

যোৱা ১০ টা বছৰত যথেষ্ট ক্ষমতাশালী হৈ পৰা শাসকীয় দলৰ লগতে এন ডি এৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিবলৈ কংগ্ৰেছে বিৰোধী ৰাজনৈতিক দলসমূহৰ লগতে আঞ্চলিক ৰাজনৈতিক দলসমূহৰ সৈতে মিত্ৰতা কৰাৰ বিকল্প নাই। অৱশ্যে কংগ্ৰেছে এইবাৰ আটাইতকৈ কম আসনত প্ৰতিদ্বন্দিতা কৰাৰ এই সিদ্ধান্তই দলটোক ক্ষতিৰ পৰিৱৰ্তে লাভাম্বিতহে কৰিব।

দলটোৱে এইবাৰ অৰ্ধেক সংখ্যক আসনত বিজয়ী হ'ব পাৰিলেও অন্ততঃ দলটোৰ সাংগঠনিক ভেঁটি যথেষ্ট শক্তিশালী কৰাৰ এক সুযোগ লাভ কৰিব। কিয়নো দলটো এতিয়া এনে এক পৰিস্থিতিত উপনীত হৈছে যে, বহু কেইখন আসনত দলটোৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈও প্ৰাৰ্থী বিচাৰি পোৱা নাই।  

আনহাতে ৫৪৩ খন আসনৰ ভিতৰত এনে ২০০ খন আসন আছে য'ত শাসকীয় বিজেপি প্ৰাৰ্থীৰ ভোটযুঁজখনে প্ৰত্যক্ষভাৱে অকংগ্ৰেছী বা আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ সৈতেই হ'ব। সেয়ে কংগ্ৰেছৰ এই সিদ্ধান্তই বিজেপিক যথেষ্ট ক্ষতি কৰাৰ সম্ভাৱনা আছে।

মন কৰিবলগীয়া যে, কংগ্ৰেছে দক্ষিণ ভাৰত আৰু উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত নিজেই অধিক প্ৰাৰ্থী প্ৰক্ষেপ নকৰি মিত্ৰ দললৈ আসনসমূহ এৰি দিছে। উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, বিহাৰ আৰু তামিলনাডুত সৰ্বাধিক আসন এৰি দিছে মিত্ৰ দলক।

বংগত তৃণমূল কংগ্ৰেছে অকলেই প্ৰতিদ্বন্দিতা কৰিছে যদিও কেন্দ্ৰত ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰ। মন কৰিবলগীয়া যে, উত্তৰ প্ৰদেশ, পশ্চিম বংগ বিহাৰ আৰু তামিলনাডুতে মুঠ ২০১ খন আসন আছে। ইয়াৰে উত্তৰ প্ৰদেশত ২০ খনৰো কম আসনত প্ৰতিদ্বন্দিতা কৰিব কংগ্ৰেছে। মহাৰাষ্ট্ৰত ৪৮ খন আখনৰ ভিতৰত ১৭ খন আসনত প্ৰতিদ্বন্দিতা কৰিব দলটোৱে।

কংগ্ৰেছৰ এই সিদ্ধান্ত সময় উপযোগী বুলিয়েই ৰাজনৈতিক বিশেষজ্ঞসকলে দাবী কৰিছে। উল্লেখ যে, ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ প্ৰতি ভোটাৰৰ আকৰ্ষণ লাহে লাহে হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। বিশেষকৈ কংগ্ৰেছ আৰু বিজেপিৰ শাসনে ৰাষ্ট্ৰীয় দলৰ চৰিত্ৰ উন্মোচন কৰিছে।

বিজেপিয়ে আঞ্চলিক ৰাজনৈতিক দলৰ সমৰ্থন লৈয়ে শক্তিশালী হৈ উঠি এতিয়া আঞ্চলিক ৰাজনৈতিক দলসমূহ গিলিবলৈ আৰম্ভ কৰিছে। দলটোৰ এই নীতি পৰিস্ফুত হৈ উঠাৰ পাছতে যিসমূহ আঞ্চলিক ৰাজনৈতিকদল এতিয়াও শক্তিশালী হৈ আছে সেই দলসমূহৰ নেতৃত্বই কথাবোৰ নতুনকৈ অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে। এনে পৰিস্থিতিত কংগ্ৰেছে এই ৰাজনৈতিক দলসমূহৰ সৈতে মিত্ৰতা কৰি তেওঁলোকক আসন এৰিদি যি ৰণনীতি গ্ৰহণ কৰিছে সেই ৰণনীতিয়েই শুদ্ধ বুলি বিবেচিত হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে কংগ্ৰেছে ২০১৯ ৰ লোকসভা নিৰ্বাচনত ৪২১ খন আসনত প্ৰতিদ্বন্দিতা কৰিছিল। তাৰ পূৰ্বে ২০১৪ ৰ নিৰ্বাচনত ৪৬৪ খন আসনত, ২০০৯ ৰ নিৰ্বাচনত ৪৪০ খন আসনত প্ৰতিদ্বন্দিতা কৰিছিল। সেইদৰে ২০০৪ ৰ নিৰ্বাচনত ৪১৭ খন আসনত আৰু ১৯৯৬ ৰ নিৰ্বাচনত সৰ্বাধিক ৫২৯ খন আসনত প্ৰতিদ্বন্দিতা কৰিছিল।

শক্তিহীন নে শক্তিশালী ৰণনীতি? মাত্ৰ ৩২০ খন আসনতহে প্ৰতিদ্বন্দিতা কংগ্ৰেছৰ...
চাকমা আৰু হাজং শৰনাৰ্থীক অসমত নাগৰিকত্বঃ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, AJYCP ৰ পুনৰ আন্তঃৰাজ্যিক পাৰপত্ৰৰ দাবী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in