চাকমা আৰু হাজং শৰনাৰ্থীক অসমত নাগৰিকত্বঃ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, AJYCP ৰ পুনৰ আন্তঃৰাজ্যিক পাৰপত্ৰৰ দাবী...

কিৰেণ ৰিজিজুৰ বক্তব্যই জ্বলাইছে ৰাজ্যৰ ৰাজনীতি, বিভিন্ন দল, সংগঠনৰ প্ৰতিক্ৰিয়া
চাকমা আৰু হাজং শৰনাৰ্থীক অসমত নাগৰিকত্বঃ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, AJYCP ৰ পুনৰ আন্তঃৰাজ্যিক পাৰপত্ৰৰ দাবী...
চাকমা আৰু হাজং শৰনাৰ্থীক অসমত নাগৰিকত্বঃ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, AJYCP ৰ পুনৰ আন্তঃৰাজ্যিক পাৰপত্ৰৰ দাবী...

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে পুনৰ ৰাজ্যৰ ৰাজনীতি CAA ক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিছে। কেন্দ্ৰীয় ভূ-বিজ্ঞান আৰু খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী কিৰেণ ৰিজিজুৱে অৰুণাচলত বাস কৰা ৫ লাখ চাকমা আৰু হাজং জনগোষ্ঠীয় শৰনাৰ্থীক CAA ৰ অধীনত অসমত নাগৰিকত্ব প্ৰদান কৰিব বুলি কৰা মন্তব্যৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে।

এনে প্ৰতিক্ৰিয়াৰ মাজতে অৱশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কিৰেণ ৰিজিজুৱে অৰুণাচলৰ ৰাজনীতিৰ বাবে এই মন্তব্য কৰা বুলিহে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই নগাঁৱত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পাছতে সাংবাদিকে এই সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কয়, ''কিৰেণ ৰিজিজুৱে কি কৈছে মই নাজানোঁ। ভাৰত চৰকাৰে আমাৰ লগত এইবিলাক পতাও নাই। কিৰেণ ৰিজিজুৱে কিবা অৰুণাচলৰ 'পলিটিক্স'ৰ কাৰণে কৈছে। আমাৰ লগত এইবিলাক কথা হোৱাও নাই। আমি ক'ত আনিম, ক'ত আমাৰ মাটি আছে?''

ইয়াৰোপৰি তেওঁ চুবুৰীয়া ৰাজ্যখনত বাস কৰা চাকমা, হাজং জনগোষ্ঠীয় কোনে মানুহে তেওঁক আজিলৈকে এই বিষয়ে একো কথা কোৱা নাই বুলি উল্লেখ কৰি কয়, ''চাকামা, হাজং কোনো মানুহে মোক আজিলৈকে লগো কৰা নাই, ভাৰত চৰকাৰেও একো কথা পতা নাই। কিৰেণ ৰিজিজুৱে কি কৈছে, মই ইলেকচনৰ পিছত তেওঁৰ লগত পাতি লম।''

অৱশ্যে অৰুণাচল প্ৰদেশত বাস কৰা অসমীয়া মানুহখিনিক অসমৰ পি আৰ চি দিব বুলি উল্লেখ কৰি তেওঁ কয়, ''অৰুণাচলত যিখিনি অসমীয়া মানুহ আছে সেই মানুহখিনিক অসমৰ নাগৰিকত্ব দিম। দাস, কলিতা, গগৈ, কোচ, কছাৰী, মৰান, মটক এই মানুহখিনিক অসমৰ নাগৰিকত্ব প্ৰদান কৰিম।''

মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ মতে অৰুণাতলত ৬ ৰ পৰা ৭ হাজাৰ অসমীয়া মানুহ আছে। ইয়াৰে মৰান গাওঁ আছে সৰ্বাধিক। তেওঁ কয়, ইয়াৰে মৰান আৰু মটক মানুহখিনিক অসমৰ পি আৰ চি দিয়া হ'ব।

ইফালে দীৰ্ঘদিন ধৰি অসমত আন্তঃৰাজ্যিক পাৰপত্ৰৰ দাবীৰে প্ৰতিবাদ চলাই অহা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে অসমত ৫ লাখ চাকনা, হাজং শৰনাৰ্থীক নাগৰিকত্ব প্ৰদান কৰাৰ এই ষড়যন্ত্ৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।

চাংমায়ে কয়, ''কিৰেণ ৰিজিজু ডাঙৰীয়াই এটা বিবৃতি যোগে প্ৰকাশ কৰিছে যে, অৰুণাচলত বসাবস কৰা চাকমা আৰু হাজং জনগোষ্ঠীয় মানুহ বিলাকক অৰুণাচলত কোনো কাৰণতে নাগৰিকত্ব প্ৰদান কৰা নহয়। যিহেতু ৰাজ্যখনত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আছে। 'কা' কাৰ্যকৰী কৰিলেও ইনাৰ লাইন পাৰ্মিট থকাৰ বাবেই সেই বাংলাদেশৰ শৰনাৰ্থীক তাত নাগৰিকত্ব প্ৰদান কৰিব পৰা নাযাব বা নাগৰিকত্ব প্ৰদান কৰা নহ'ব, এই কথাটো স্পষ্টভাৱে কৈছে। তাৰ লগে লগে এই কথাও সংযোগ কৰিছে যে, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আলোচনা কৰিছে,সেই যি ৫/৬ লাখ চাকমা, হাজং জনগোষ্ঠীয় মানুহ, এই মানুহবিলাকক অসমত নাগৰিকত্ব প্ৰদান কৰা হ'ব। এই কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ বিৰোধিতা কৰিছো।

তেওঁ কোনো কাৰণে এই বক্তব্য আৰু ষড়যন্ত্ৰ মানি নলয় বুলি হুংকাৰ দিয়াৰ লগতে অসমক আন্তঃৰাজ্যিক পাৰপত্ৰ বা ইনাৰ লাইন পাৰ্মিত প্ৰদান কৰিবলৈ হে জোৰ দিয়ে। তেওঁ কয়, কোনো কাৰণতে আমি তেওঁলোকৰ সেই বক্তব্য বা ষড়যন্ত্ৰ মানি নলও। তাৰ পৰিৱৰ্তে আমি এই কথাহে কৈছোঁ অসমতো ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগে।যিটো কথা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৱা ৪৫ বছৰে কৈ আহিছোঁ।অসমত ইনাৰ লাইন পাৰ্মিট যদি প্ৰৱৰ্তন হ'ল হেতেন নিশ্চিতভাৱে অৰুণাচলৰ স্থায়ী মানুহখিনি আজি যেনেদৰে সুৰক্ষিত, তাৰ ভূমি পুত্ৰসকল যেনেদৰে সুৰক্ষিত আমি অসমৰ ভূমিপুত্ৰসকলো আজি তেনেদৰে সুৰক্ষিত হ'লোহেতেন। সেয়েহে আমি অসমতো আন্তঃৰাজ্যিক পাৰপত্ৰ অনতিবিলম্বে প্ৰৱৰ্তন কৰিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ।   

উল্লেখ্য, যে কিৰেণ ৰিজিজুৱে CAA ৰ জৰিয়তে অসমত অৰুণাচলত বাস কৰা ৫ লাখ চাকমা আৰু হাজং শৰনাৰ্থীক অসমত নাগৰিকত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰাৰ পাছতে অসমত জাতীয় পৰিষদ, ৰাইজৰ দল আদিয়েও মুকলি বিৰোধিতা কৰিছে। অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক সংবাদ বিবৃতিৰ জৰিয়তে সোমবাৰে এনে সিদ্ধান্তৰ বিৰোধিতাকে প্ৰতিৰোধ সংগ্ৰাম হ'ব বুলি সকিয়াই দিয়াৰ লগতে কোনো কাৰণতে এজনো বিদেশী নাগৰিক CAA ৰ আধাৰত অসমৰ মাটিত বসবাস কৰিবলৈ নিদিওঁ বুলিও স্পষ্টতাৰে কয়। 

স্মৰ্তব্য যে, এসময়ৰ পূব পাকিস্তান আৰু এতিয়াৰ বাংলাদেশৰ চিটাগং হিলছৰ পৰা ১৯৬৪ ৰ পৰা ১৯৬৬ ৰ সময়ছোৱাত দৰ্মীয় উৎপীড়নৰ বলি হৈ ভাৰতলৈ প্ৰবজন কৰিছিল। ইয়াৰে চাকমা জনগোষ্ঠীয় লোকসকল মূলত বৌদ্ধ ধৰ্মৰ আৰু হাজং সকল হিন্দু ধৰ্মীয় লোক। তেওঁ লোক বৰ্তমান অৰুণাচল প্ৰদেশত বাস কৰি আছে।

চাকমা আৰু হাজং শৰনাৰ্থীক অসমত নাগৰিকত্বঃ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, AJYCP ৰ পুনৰ আন্তঃৰাজ্যিক পাৰপত্ৰৰ দাবী...
CAAৰ জৰিয়তে অৰুণাচলৰ ৫ লাখ চাকমা শৰণাৰ্থীক অসমত সংস্থাপণৰ যোঁজা..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in