জগন্নাথ মন্দিৰক লৈয়ো চিন্তিত মোডীঃ বিজেপিৰ শাসনতহে হ'ব হেনো সুৰক্ষিত !

উৰিষ্যাৰ নিৰ্বাচনী প্ৰচাৰত মোডীৰ মুখত জগন্নাথ মন্দিৰৰ প্ৰসংগ
ৰাম মন্দিৰৰ পাছত জগন্নাথ মন্দিৰক লৈয়ো চিন্তিত মোডীঃ বিজেপিৰ শাসনতহে হ'ব হেনো সুৰক্ষিত !
ৰাম মন্দিৰৰ পাছত জগন্নাথ মন্দিৰক লৈয়ো চিন্তিত মোডীঃ বিজেপিৰ শাসনতহে হ'ব হেনো সুৰক্ষিত !

ডিজিটেল ডেস্কঃ মন্দিৰ আৰু ধৰ্মই যেন এতিয়া হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰধান ইছ্যু। উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাম মন্দিৰক মূল বিষয় হিচাপে লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছত এইবাৰ তেওঁ পুৰীৰ জগন্নাথ মন্দিৰক নিৰ্বাচনী সভা, নিৰ্বাচনী ভাষণৰ ইছ্যু হিচাপে বিচাৰি উলিয়াইছে।

উৰিষ্যাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে এতিয়া জগন্নাথ মন্দিৰৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে। নিৰ্বাচনী ভাষণত তেওঁ জগন্নাথ মন্দিৰৰ বিষয়ে উল্লেখ কৰি ইয়াৰ সুৰক্ষাৰ বাবে বিজেপিক ভোট দিবলৈ আহ্বান কৰিছে।

উৰিষ্যাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ প্ৰধানমন্ত্ৰী মোডীয়ে জগন্নাথ মন্দিৰৰ ৰত্নভাণ্ডাৰৰ ছাবি হেৰুওৱা ঘটনাক এইবাৰৰ নিৰ্বাচনী প্ৰচাৰৰ হাথিয়াৰ কৰিছে। সোমবাৰে তেওঁ উৰিষ্যাৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈ জগন্নাথ মন্দিৰত সেৱা আগবঢ়ায়। তাৰ পাছতেই নিৰ্বাচনী সভাত জগন্নাথ মন্দিৰৰ ৰত্নভাণ্ডাৰৰ বহু বছৰ পুৰণি ছাবি হেৰুওৱা বিষয়টো নিৰ্বাচনী সভাত উত্থাপন কৰে।

তেওঁ কয়, দ্বাদশ শতিকাত তৈয়াৰ কৰা এই ছাবি বিজেদিৰ শাসনত নিৰাপদ নহয়। বিগত ৬ বছৰ ধৰি জগন্নাথ মন্দিৰৰ ৰত্নভাণ্ডাৰৰ ছাবিৰ সন্ধান নাই। উল্লেখ্য যে, অহা শনিবাৰে ষষ্ঠ পৰ্যায়ত পুৰী, কটক, ভূৱনেশ্বৰসহ উৰিষ্যাৰ একাংশ সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। তাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে এইদৰে জগন্নাথ মন্দিৰক নিৰ্বাচনী ইছ্যু কৰাত এতিয়া নতুনকৈ এক বিতৰ্কৰ সৃষ্টি হৈছে।

মন কৰিবলগীয়া যে, ২০১৮ চনত উৰিষ্যা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত জগন্নাথ মন্দিৰৰ ৰত্নভাণ্ডাৰৰ দুৱাৰ খুলিছিল। সেইবাৰ ৰত্নভাণ্ডাৰৰ তিনিপাত ছাবিৰ এপাত অন্তৰ্ধান  হোৱাক লৈয়ো বিতৰ্কৰ সৃষ্টি হৈছিল।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত সেইবছবৰ ৰথ যাত্ৰাৰ সময়ত ৰত্ন ভাণ্ডাৰৰ কিছু সংস্কাৰৰ কাম-কাজ সম্পন্ন কৰিছিল ভাৰতীয় পুৰাতত্ব সংৰক্ষণ বিভাগে। কিন্তু তৃতীয় ছাবিপাত বিচাৰি পোৱা নগ'ল। ফলত খুলিব নোৱাৰিলে ৰত্নভাণ্ডাৰৰ ভিতৰৰ কোঠাও।

কিয়নো পুৰীৰ গজপতি ৰজা, মন্দিৰৰ চৰকাৰী প্ৰশাসকৰ কাৰ্যালয় আৰু ভাণ্ডাৰৰ নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ ভাণ্ডাৰৰ বাবে ৰখা তিনিপাত ছাবি একত্ৰ হলেহে খুলিব পাৰি ৰত্নভাণ্ডাৰৰ ভিতৰৰ ভাণ্ডাৰ বা কোঠা।

স্মৰ্তব্য যে, পুৰীৰ জগন্নাথ প্ৰভূৰ শিৰৰ ব্ৰহ্মজ্যোতি হীৰা, বলৰাম আৰু সুভদ্ৰাৰ শিৰৰ নীলমণি ৰত্ন ভাণ্ডাৰৰ বাহিৰত ৰখা হয়। ভিতৰৰ কোঠাত কি আছে সেই বিষয়ে দীৰ্ঘদিন ধৰি অনুমান কৰি অহা হৈছে যদিও সেয়া প্ৰত্যক্ষ কৰিব পৰা নাই।

শেষবাৰৰ বাবে ১৯৭৮ চনতে এই ৰত্ন ভাণ্ডাৰৰ সম্পত্তিৰ হিচাপ লোৱা হৈছিল। তাৰ পিছত, ১৯৮৪ চনত মেৰামতিৰ বাবে কিছু সোণৰ প্ৰয়োজন হোৱাত ৰত্নভাণ্ডাৰৰ ভিতৰৰ ভাণ্ডাৰ খোলা হৈছিল। তাৰ পিছত এই ৰত্নভাণ্ডাৰত পোহৰ পৰা নাই।  

কেইবা দশক ধৰি অন্ধকাৰ হৈ থকা এই কোঠাক লৈ ৰহস্যৰ সৃষ্টি হৈ আহিছে। লোকসভা নিৰ্বাচনৰ মাজতে প্ৰধানমন্ত্ৰী মোডীয়ে এই বিষয়ে উত্থাপন কৰাত এতিয়া নতুনকৈ বিতৰ্কৰ সূচনা হৈছে।

ৰাম মন্দিৰৰ পাছত জগন্নাথ মন্দিৰক লৈয়ো চিন্তিত মোডীঃ বিজেপিৰ শাসনতহে হ'ব হেনো সুৰক্ষিত !
পশ্চিমবংগত সৰ্বাধিক ভোটদানঃ মহাৰাষ্ট্ৰত স্পৰ্শ হোৱা নাই ৪০ শতাংশৰো ঘৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in