/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/70ce0009-8f08-4025-a288-8e4ae1d0329a/vt_26.jpg)
পশ্চিমবংগত সৰ্বাধিক ভোটদানঃ মহাৰাষ্ট্ৰত স্পৰ্শ হোৱা নাই ৪০ শতাংশৰো ঘৰ...
ডিজিটেল ডেস্কঃ বিয়লি ৩ বজাৰ পিছতো মহাৰাষ্ট্ৰত ভোটদানৰ হাৰ ৪০ শতাংশও স্পৰ্শ কৰা নাই। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰিয়েই বিয়লি ৩ বজালৈকে ৰাজ্যখনত ভোটদানৰ হাৰ মাত্ৰ ৩৮.৭৭ শতাংশ।
ইয়াৰ বিপৰীতে এই সময়লৈকে সৰ্বাধিক ভোটদান হৈছে পশ্চিমবংগত। ৰাজ্যখনত এই পৰ্যন্ত ভোটদান হৈছে ৬২.৭২ শতাংশ ভোটদান।সৰ্বাধিক ভোটদানৰ দ্বিতীয় স্থানত আছে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ। লাডাখত ভোটদান হৈছে ৬১.২৬ শতাংশ।
সেইদৰেই ঝাৰখণ্ডত ৫৩.৯০, উড়িষ্যাত ৪৮.৯৫শতাংশ, উত্তৰ প্ৰদেশত ৪৭.৫৫ শতাংশ, বিহাৰত ৪৫.৩৩ শতাংশ, জম্মু আৰু কাশ্মীৰত ৪৪.৯০ শতাংশ ভোটদান হৈছে।
Also Read: নিৰ্বাচনী ব্যৱস্থাৰ প্ৰতি মোহভংগ নে দায়িত্বহীনতা? হ্ৰাস পাইছে ভোট দানৰ হাৰ !