''কংগ্ৰেছ কি লুট জিন্দেগী কে' ছাথ ভি, জিন্দেগী কে' বাদ ভি''- নৰেন্দ্ৰ মোডী...

ইণ্ডিয়ান অভাৰচিজ কংগ্ৰেছৰ অধ্যক্ষ সত্য নাৰায়ণ গংগাৰাম পিত্ৰোদাৰ উত্তৰাধিকাৰী টেক্সক লৈ কংগ্ৰেছক আক্ৰমণ মোডীৰ
''কংগ্ৰেছ কি লুট জিন্দেগী কে' ছাথ ভি, জিন্দেগী কে' বাদ ভি''- নৰেন্দ্ৰ মোডী...
''কংগ্ৰেছ কি লুট জিন্দেগী কে' ছাথ ভি, জিন্দেগী কে' বাদ ভি''- নৰেন্দ্ৰ মোডী...

ডিজিটেল ডেস্কঃ প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইণ্ডিয়ান অভাৰচিজ কংগ্ৰেছৰ অধ্যক্ষ সত্য নাৰায়ণ গংগাৰাম পিত্ৰোদাৰ এক বক্তব্যক আধাৰ কৰি কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। প্ৰধানমন্ত্ৰী মোডীয়ে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি এক জনসভাত কয়, ‘’কংগ্ৰেছ কি লুট জিন্দেগী কে’ ছাথ ভি জিন্দেগী কে’ বাদ ভি’’।

দৰাচলতে ইণ্ডিয়ান অভাৰচিজ কংগ্ৰেছৰ অধ্যক্ষগৰাকীয়ে এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কৈছিল আমেৰিকাত উত্তৰাধিকাৰী টেক্স আছে। যদি কাৰোবাৰ ১০০ নিযুত ডলাৰ মূল্যৰ সম্পত্তি থাকে আৰু তেওঁৰ মৃত্যু হয় তেন্তে তেওঁৰ সন্তানে কেৱল ৪৫ শতাংশ সম্পত্তিহে লাভ কৰে। ৫৫ শতাংশ সম্পত্তি লয় চৰকাৰে। ছেম পিত্ৰোদাই নিৰ্বাচনৰ মাজতে দিয়া এই বক্তব্যই এতিয়া কংগ্ৰেছক বিপদত পেলাইছে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ এই বক্তব্যক কেন্দ্ৰ কৰি কংগ্ৰেছক নিৰ্বাচনী সভাত আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ছত্তিশগড়ত এক নিৰ্বাচনী সভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, যেতিয়ালৈকে আপোনালোক জীয়াই থাকিব, কংগ্ৰেছে আপোনালোকক অধিক টেক্সেৰে মাৰিব আৰু যেতিয়া আপুনি জীয়াই নাথাকিব তেওঁলোকে আপোনালোকক উত্তৰাধিকাৰী টেক্সৰ বোজা জাপি দিব।

তেওঁ কয়, যিসকলে সমগ্ৰ কংগ্ৰেছ দলটোকে তেওঁলোকৰ পৈতৃক সম্পত্তি বুলি গণ্য কৰিছিল, তেওঁলোকে তেওঁলোকৰ সন্তানক সেইবোৰ দিছিল এতিয়া সেই সকলেই ভাৰতীয়সকলে তেওঁলোকৰ সন্তানক সম্পত্তি দিয়াটো নিবিচাৰে।

তেওঁ পুনৰ কয়, এতিয়া কংগ্ৰেছে কৈছে, তেওঁলোকে উত্তৰাধিকাৰী টেক্স আৰোপ কৰিব। ই পিতৃ-মাতৃৰ পৰা উত্তৰাধিকাৰী হিচাপে পোৱা সম্পত্তিতো টেক্স আৰোপ কৰিব। আপোনালোকে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সংগ্ৰহ কৰা সম্পদ আপোনাৰ সন্তানৰ বাবে উপলব্ধ নহ'ব। কংগ্ৰেছৰ মূলমন্ত্ৰ হ'ল- ''কংগ্ৰেছ কি লুট, জিন্দেগী কে' ছাথ ভি জিন্দেগী কে' বাদ ভি।'' (কংগ্ৰেছৰ লুণ্ঠন জীৱনৰ লগতো, জীৱনৰ পাছতো)

উল্লেখ্য যে, ছেম পিত্ৰোদাই এ এন আইৰ সৈতে হোৱা এক বাৰ্তালাপত আমেৰিকাৰ উত্তৰাধিকাৰী টেক্সৰ সন্দৰ্ভত ক'বলৈ গৈ আৰু কৈছিল এয়া এক অতি আকৰ্ষণীয় আইন। এই টেক্সে কয়, আপুনি আপোনাৰ যুগত যি সম্পদ আহৰণ কৰে সেয়া আপোনাৰ অৱৰ্তমানত আধা ৰাইজৰ বাবে এৰি দিব লাগিব। এয়া মোৰ দৃষ্টিত অতি ভাল।  

তেওঁ লগতে কৈছিল, ভাৰতত এই ব্যৱস্থা কৰিব নোৱাৰে। যদি কাৰোবাৰ সম্পত্তি ১০ বিলিয়ন টকা আৰু তেওঁ এই পৃথিৱীৰ পৰা আঁতৰি যায় তেন্তে তেওঁৰ সন্তানে সেই ১০ বিলিয়ন ডলাৰ সম্পত্তিয়েই উত্তৰাধিকাৰী হিচাপে লাভ কৰে। ৰাইজে একো নাপায়। গতিকে এইবোৰ এনে কিছুমান বিষয় যিবোৰৰ মানুহে বিতৰ্ক আৰু আলোচনা কৰা উচিত। মই নাজানোঁ ইয়াৰ ফলাফল কি হ'ব। কিন্তু যেতিয়া আমি সম্পদৰ পুনৰ বিতৰণৰ কথা কওঁ, আমি নতুন নীতি আৰু নতুন ধৰণৰ কাৰ্যসূচীৰ কথা কওঁ এইবোৰ জনসাধাৰণৰ স্বাৰ্থত হে কওঁ, ধনী লোকৰ বাবে নহয়।

অৱশ্যে কংগ্ৰেছে ছেম পিত্ৰোদাৰ এই বক্তব্য তেওঁৰ ব্যক্তিগত বক্তব্য বুলি উল্লেখ কৰি এয়া দলীয় বক্তব্য বা বিচাৰধাৰা নহয় বুলি স্পষ্ট কৰিছে।  

''কংগ্ৰেছ কি লুট জিন্দেগী কে' ছাথ ভি, জিন্দেগী কে' বাদ ভি''- নৰেন্দ্ৰ মোডী...
EVM আৰু VVPAT শ্লিপ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত স্পষ্টিকৰণ দিব নিৰ্বাচন আয়োগে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in