/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/0776f4ef-a45d-410c-be37-45d56e3da510/supriya_23.jpg)
প্ৰধানমন্ত্ৰীৰ সাম্প্ৰদায়িক মন্তব্যঃ মৌন নিৰ্বাচন আয়োগ, কংগ্ৰেছৰ বিকল্প চিন্তা...
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শেহতীয়াকৈ ৰাজস্থানৰ এক নিৰ্বাচনী সভাত কৰা সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবীৰে কংগ্ৰেছে নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়ে কংগ্ৰেছে এতিয়া আইনৰ কাষ চপাৰ বাবে চিন্তা চৰ্চা আৰম্ভ কৰিছে।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে ৰাজস্থানত মুছলমানসকলক অনুপ্ৰৱেশকাৰী বুলি উল্লেখ কৰি তেওঁলোকে অধিক সন্তান জন্ম দিয়াৰ অভিযোগ কৰিছিল। লগতে কৈছিল কংগ্ৰেছে দেশৰ সম্পদ এই মুছলমানসকলৰ মাজত বিতৰণ কৰিব।
প্ৰধানমন্ত্ৰীৰ এনে সাম্প্ৰদায়িক মন্তব্যৰ বিৰোধিতাৰে কংগ্ৰেছে এই মন্তব্যক বিভাজনকাৰী আৰু বিদ্বেষপূৰ্ণ বুলি উল্লেখ কৰি নিৰ্বাচন আয়োগত দাখিল কৰিছে অভিযোগ। কিন্তু এই পৰ্যন্ত নিৰ্বাচন আয়োগে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।
এই সন্দৰ্ভত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সুপ্ৰীয়া শ্ৰীনেটে কয়, নিৰ্বাচন আয়োগৰ দৰে সংস্থাসমূহে জনসাধাৰণৰ বিশ্বাস অৰ্জন কৰিব লাগিব। যদি এনে বিশ্বাস ভংগ হয় তেন্তে সেই বিশ্বাস পুনৰুদ্ধাৰৰ বাবে কাম কৰিব লাগিব।
তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজস্থানত ঘৃণামূলক ভাষণ দিছিল। আমাৰ সতীৰ্থসকলে সোমবাৰে নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছে। যিহেতু তেওঁলোকে আমাৰ অভিযোগৰ পাছতো এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়ে বিষয়টো আইনী প্ৰতিকাৰৰ ওপৰত দৃষ্টি ৰাখিছোঁ।
মন কৰিবলগীয়া যে, ২১ এপ্ৰিলৰ মোডীৰ এই বিতৰ্কিত ভাষণৰ পাছতে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে আচৰণবিধি ভংগৰ অভিযোগেৰে ১৬ টাকৈ অভিযোগ দাখিল কৰিছে।
উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছৰ ইস্তাহাৰত সম্পদৰ পুনৰ বিতৰণৰ প্ৰতিশ্ৰুতি দিয়া বুলি দাবী কৰি কৰা সাম্প্ৰদায়িক মন্তব্যৰ পাছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাৰ মাজতে সুপ্ৰীয় শ্ৰীনেটে নিৰ্বাচন আয়োগৰ ভূমিকাকো কটাক্ষ কৰি কয়, আমি আশা কৰোঁ এয়া এক মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন হ'ব। ইতিমধ্যে আমি তাৰ সামাণ্য প্ৰমাণ পাইছো। বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ পদক্ষেপৰ বিষয়ে যিমান কম কোৱা হয় সিমানেই ভাল।
PTI Exclusive: BJP has performed poorly in first phase; people are not getting swayed by hate speeches, says Cong's Supriya Shrinate
Edited video is available on PTI Videos (https://t.co/L2D7HH309u) #PTINewsAlerts #PTIVideos @PTI_News pic.twitter.com/F9YYnxjAsB— PTI News Alerts (@PTI_NewsAlerts) April 23, 2024
Also Read: শক্তিহীন নে শক্তিশালী ৰণনীতি? মাত্ৰ ৩২০ খন আসনতহে প্ৰতিদ্বন্দিতা কংগ্ৰেছৰ...