প্ৰতিবাৰৰ দৰে এইবাৰো ৰাজনৈতিক 'হিটমেন' জনে নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে- স্বাতী মালিৱাল

এক্স হেণ্ডেলত স্বাতী মালিৱালৰ পোষ্ট- কোন এই হিটমেন?
প্ৰতিবাৰৰ দৰে এইবাৰো ৰাজনৈতিক 'হিটমেন' জনে নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে- স্বাতী মালিৱাল

ডিজিটেল ডেস্কঃ মুখ খুলিছে স্বাতী মালিৱালে। আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ তথা দিল্লীৰ মহিলা আয়োগৰ প্ৰাক্তন অধ্যক্ষ স্বাতী মালিৱালে মুখ্যমন্ত্ৰীৰ আৱাসত তেওঁৰ সৈতে হোৱা ঘটনাৰ সন্দৰ্ভত এক্স হেণ্ডেলত এক পোষ্ট কৰিছে।

শুকুৰবাৰে দুপৰীয়া তেওঁ এক্স হেণ্ডেলত লিখিছে- প্ৰত্যেকবাৰৰ দৰে এইবাৰো এই ৰাজনৈতিক হিটমেনগৰাকীয়ে নিজকে ৰক্ষা কৰিবলৈ চেষ্টা আৰম্ভ কৰি দিছে।

তেওঁ লিখিছে, নিজৰ মানুহৰ জৰিয়তে টুইট কৰোৱাই, আধা ভিডিঅ’ প্লে’ কৰি তেওঁ ভাবিছে এই অপৰাধ কৰিও নিজকে ৰক্ষা কৰিব। কোনোৱে কাৰোবাক মাৰপিট কৰাৰ সময়ত ভিডিঅ’ কৰে নেকি? ঘৰৰ ভিতৰৰ কেমেৰা আৰু চিচিটিভি ফুটেজ পৰীক্ষা কৰিলেই সত্য সকলোৰে সন্মুখলৈ আহিব।

ইয়াৰোপৰি তেওঁ লিখিছে, যিমান পৰ্যায়লৈ পৰিব পাৰে পৰি লওঁক। ভগৱানে সকলো দেখি আছে। এদিন নহয় এদিন সকলোৰে সত্য পোহৰলৈ আহিব।

উল্লেখ্য যে, এটা বিশেষ ভিডিঅ’ শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’ স্বাতী মালিৱালক প্ৰহাৰ কৰাৰ দিনটোৰে বুলি কোৱা হৈছে।ভিডিঅ’ত শুনিবলৈ পোৱা গৈছে সুৰক্ষা কৰ্মীসকলে স্বাতী মালিৱালক বাহিৰলৈ যাবলৈ কৈছে।

কিন্তু তেওঁ বাহিৰলৈ যাবলৈ অস্বীকাৰ কৰা শুনিবলৈ পোৱা গৈছে। ইফালে বৃহস্পতিবাৰে স্বাতী মালিৱালে তেওঁৰ সৈতে হোৱা ঘটনাৰ সন্দৰ্ভত আৰক্ষীক ভাষ্য প্ৰদান কৰিছে। অভিযোগ অনুসৰি ১৩ মে’ৰ পুৱা স্বাতী মালিৱাল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰলৈ গৈছিল আৰু তেতিয়াই তেওঁক কেজৰিৱালৰ ঘনিষ্ঠ তথা পি এ বিভৱ কুমাৰে প্ৰহাৰ কৰিছিল।

এই ঘটনা সন্দৰ্ভত আপৰ সাংসদ সঞ্জয় সিঙে সংবাদ মেল যোগে কৈছিল স্বাতী মালিৱালৰ সৈতে দল আছে। অৰবিন্দ কেজৰিৱালে নিজেই এই দিশটো চোৱাচিতা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in