হাইলাকান্দিত কংগ্ৰেছৰ বিৰুদ্ধে ৰেগিঙৰ অভিযোগ AIUDF ৰ বিধায়কৰঃ ছেক্টৰ বিষয়াৰ বিৰুদ্ধে উত্তপ্ত পৰিস্থিতি...

কেইবাটাও ভোটকেন্দ্ৰ কংগ্ৰেছে দখল কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ বিধায়ক জাকিৰ হুছেইন লস্কৰৰ
হাইলাকান্দিত কংগ্ৰেছৰ বিৰুদ্ধে ৰেগিঙৰ অভিযোগ AIUDF ৰ বিধায়কৰঃ ছেক্টৰ বিষয়াৰ বিৰুদ্ধে উত্তপ্ত পৰিস্থিতি...
হাইলাকান্দিত কংগ্ৰেছৰ বিৰুদ্ধে ৰেগিঙৰ অভিযোগ AIUDF ৰ বিধায়কৰঃ ছেক্টৰ বিষয়াৰ বিৰুদ্ধে উত্তপ্ত পৰিস্থিতি...

ডিজিটেল ডেস্কঃ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে এ আই ইউ ডি এফৰ বিধায়ক জাকিৰ হুছেইন লস্কৰে উত্থাপন কৰিছে এক গুৰুতৰ অভিযোগ। তেওঁৰ অভিযোগ হাইলাকান্দি জিলাৰ বহু কেইটা ভোটকেন্দ্ৰ কংগ্ৰেছে দখল কৰিবলৈ চেষ্টা কৰিছে। কংগ্ৰেছৰ পোলিং এজেণ্টে ৰেগিঙৰ চেষ্টা চলাইছে।

তেওঁৰ অভিযোগ একোটা পৰিয়ালৰ আন সদস্যৰ ভোটো কংগ্ৰেছ এজেণ্টে দিছে।আজি ভোটদান কৰি বিধায়কগৰাকীয়ে সাংবাদিৰ মুখামুখী হৈ কয় যে, মানুহৰ মাজত উৎসাহ আছে। আমি দেখিছোঁ, কংগ্ৰেছে আগতে যেনেকে ৰেগিঙৰ ব্যৱস্থা কৰিছিল তেনেকৈয়ে ৰাতিপুৱাৰে পৰা পাইছো ৮ ৰ পৰা ১০ টা ভোট কেন্দ্ৰত পৰিয়ালৰ ভোট দিবলৈ কংগ্ৰেছৰ যিমান এজেণ্ট আছে সকলো জড়িত হৈ আছে।

ইয়াৰোপৰি তেওঁ কয়, এই ক্ষেত্ৰত আমি প্ৰশাসনৰ সহায়, সহযোগিতা বিচাৰিছোঁ। কংগ্ৰেছে ভোট 'কেপচাৰিং' কৰিছে। ডাইৰেক্ট কেপচাৰিং কৰা নাই যদিও পৰিয়ালৰ আনৰ ভোট যদি বেলেগে দি দিয়ে তেন্তে সেয়া ভোট কেপচাৰিঙৰে এটা প্ৰকাৰ।

তেওঁ হিলালেম মেমৰিয়েল এম ই স্কুল, ১১০, ১১১, ৰংপুৰ আৰু পাৱাৰঘাট ভোটকেন্দ্ৰত এনেধৰণৰ ৰেগিং হোৱাৰ অভিযোগ তোলে। লগতে কয় এই আটাইকেইটা ভোটকেন্দ্ৰ এতিয়া প্ৰশাসনৰ নজৰত আছে।

ইফালে হাইলাকান্দিৰ জোৎস্নাবাদ উমেদনগৰ সাচিউৰা প্রাথমিক বিদ্যালয় ভোট কেন্দ্রত ছেক্টৰ বিষয়াৰ বিৰুদ্ধে অনাধিকাৰ হস্তক্ষেপৰ অভিযোগ কৰি ভোটকেন্দ্ৰটোৰ পৰিস্থিতি উত্তাল কৰি তোলে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষীৰ এটা দল।

হাইলাকান্দিত কংগ্ৰেছৰ বিৰুদ্ধে ৰেগিঙৰ অভিযোগ AIUDF ৰ বিধায়কৰঃ ছেক্টৰ বিষয়াৰ বিৰুদ্ধে উত্তপ্ত পৰিস্থিতি...
মণিপুৰত ৬৮.৪৮ শতাংশৰ বিপৰীতে মহাৰাষ্ট্ৰত মাত্ৰ ৪৩.০১ শতাংশ ভোটদান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in